শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

IPL 2025: ৰাজস্থান ৰয়েলছৰ পৰা বহিষ্কাৰ হ’ব নেকি বৈভৱ সূৰ্যবংশী? জানক আই পি এলৰ এই নিয়ম…

বৰ্তমান আই পি এলত চৰ্চিত এটি নাম বৈভৱ সূৰ্যবংশী। পিছে প্ৰশ্ন হয়, ৰাজস্থান ৰয়েলছৰ পৰা বাহিৰ হ'ব নেকি বৈভৱ? যদি এনে হয়. তেন্তে কোনটো দললৈ যাব বৈভৱ?

IPL 2025: ৰাজস্থান ৰয়েলছৰ পৰা বহিষ্কাৰ হ’ব নেকি বৈভৱ সূৰ্যবংশী? জানক আই পি এলৰ এই নিয়ম…
বৈভৱ সূৰ্যবংশীImage Credit source: PTI
barasha-sarma
Barasha Sarma | Published: 21 May 2025 16:05 PM

ৰাজস্থান ৰয়েলছৰ পৰা বহিষ্কাৰ হ’ব নেকি বৈভৱ সূৰ্যবংশী ? অহা ছিজনত তেওঁ ৰাজস্থানৰ জাৰ্চি পিন্ধি খেলিব নোৱাৰে নেকি? কিন্তু কিয় এই প্ৰশ্ন উত্থাপন হৈছে? আই পি এল (IPL) ২০২৫ ৰ মেগা নিলামত ৰাজস্থান ৰয়েলছে বৈভৱ সূৰ্যবংশীক ১.১০ কোটি টকাৰ নিবিদা দি দলত অন্তৰ্ভুক্ত কৰিছিল। কিন্তু পৰৱৰ্তী ছিজনত বৈভৱে ৰাজস্থানৰ হৈ নেখেলে নেকি?  অৱশ্যে এই সকলোবোৰ জানিবলৈ আই পি এলৰ এটা বিশেষ নিয়মৰ বিষয়ে জনা দৰকাৰ। কেৱল বৈভৱে নহয় , আন বহু খেলুৱৈ নিজৰ দলৰ পৰা বাহিৰ হ’ব পাৰে বা অন্য দললৈ যাব পাৰে।

আই পি এলৰ নিয়ম

প্ৰশ্ন হয়, আই পি এলৰ সেই নিয়মটো কি? উল্লেখ কৰা প্ৰয়োজন যে, আই পি এলৰ এই নিয়ম নিলামৰ সৈতে জড়িত। উল্লেখ্য যে, প্ৰতিখন আই পি এলৰ আগত মিনি নিলাগ হয়। মেগা নিলাগ ৩ বছৰৰ মূৰে মূৰে হয় যদিও এই মিনি নিলাম প্ৰতি বছৰে হয়। আই পি এলৰ মিনি নিলামৰ সময়ত বৈভৱ সূৰ্যবংশী ৰাজস্থান ৰয়েলছৰ পৰা বাহিৰ হ’ব পাৰে। কিন্তু এইটো কেনেকৈ হ’ব পাৰে সেই বিষয়েও আলোচনা কৰা গুৰুত্বপূৰ্ণ।

মিনি নিলাম কি

খেলুৱৈসকলক ৰিটেন কৰাৰ ক্ষেত্ৰত মেগা নিলামৰ দৰে মিনি নিলামত কোনো সীমা নাই। এই নিলামত দলে বহু খেলুৱৈক ক্ৰয় কৰিব পাৰে। এই কাৰণেই এই নিলামত বহু কমসংখ্যক খেলুৱৈ বিক্ৰী হয় আৰু এই নিলাম এদিনতে শেষ হয়।

এনে পৰিস্থিতিত ৰাজস্থান ৰয়েলছে যদি বৈভৱক নিজৰ লগত ৰাখে তেন্তে ঠিক আছে। কিন্তু যদি এনে নহয়, তেতিয়া প্ৰতিটো দলে বৈভৱক নিজৰ দলত অন্তৰ্ভুক্ত কৰাৰ চেষ্টা কৰিব। কিয়নো ২০২৫ ৰ আই পি এলত বৈভৱৰ প্ৰদৰ্শন ভাল। যদি মিনি নিলামত এনেকুৱা হয় তেন্তে ৰাজস্থানৰ হাতত সিদ্ধান্ত সলনি কৰিবলৈ RTM কাৰ্ড নাথাকিব। কিন্তু ৰাজস্থানে বৈভৱক নিজৰ দলত নৰখাৰ কোনো কাৰণ নাই বুলিব পাৰি।

মিনি নিলামৰ সময়ত দলসমূহৰ হাতত ট্ৰেড উইণ্ডোৰ বিকল্পও থাকে। এই উইণ্ড’ দুবাৰ খোল খায়। আই পি এলৰ এটা ছিজন শেষ হোৱাৰ এমাহ পিছত আৰু মিনি নিলাম আৰম্ভ হোৱাৰ এসপ্তাহ আগতে। দ্বিতীয়বাৰ মিনি নিলামৰ পাছৰ পৰা ছিজন আৰম্ভ হোৱালৈকে। সম্ভৱ যে সেই সময়ত বহু দলে বৈভৱ সূৰ্যবংশীৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিব পাৰে আৰু তেওঁ অন্য দললৈও যাব পাৰে। ইয়াৰ পূৰ্বেও এনে বহু ডাঙৰ খেলুৱৈক এটা দলৰ পৰা আন এটা দললৈ যোৱা দেখা গৈছে। অৱশ্যে বৈভৱ সূৰ্যবংশী এতিয়া ৰাজস্থানৰ অন্যতম গুৰুত্বপূৰ্ণ খেলুৱৈ। গতিকে এনে নালাগে যে, দলটোৱে তেওঁক ট্ৰেড কৰিব। গতিকে বৈভৱ ৰাজস্থানৰ লগত থাকে নে অন্য দলৰ ওচৰলৈ যায় সেয়া সময়ত হ’ব লক্ষণীয়।

 

অন্য খবৰ পঢ়কঃ IPL ত শতক অৰ্জন কৰা বৈভৱ সূৰ্যবংশীয়ে ফেইল কৰিলে নেকি দশম শ্ৰেণীৰ পৰীক্ষাত? জানক সঁচা কি