শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

MI vs DC Live Score, IPL 2025 : দিল্লীক ৫৯ ৰানত পৰাস্ত কৰি প্লে অফত প্ৰৱেশ কৰিলে মুম্বাই ইণ্ডিয়ানছে

Mumbai Indians vs Delhi Capitals Live Score in Assamese: আজি ৱানখেড়ে ষ্টেডিয়ামত মুম্বাই ইণ্ডিয়ানছ আৰু দিল্লী কেপিটেলছৰ মাজত অনুষ্ঠিত হৈছে  ৬৩ নম্বৰ আইপিএল মেচ । এই খেলখন অধিক প্ৰতিদ্বন্দ্বিতামূলক হ'ব বুলি আশা কৰা হৈছে । ইতিমধ্যে প্লে অফত তিনিটা দল নিশ্চিত হৈছে। আজি যদি মুম্বাই ইণ্ডিয়ানছ জয়ী হয় তেন্তে ১৬ পইণ্ট লাভ কৰিব আৰু দলটোৱে প্লে অফত প্ৰৱেশ কৰা চতুৰ্থটো দল হ’ব।

manas-borah
Manas Borah | Updated On: 21 May 2025 23:20 PM
MI vs DC Live Score, IPL 2025 : দিল্লীক ৫৯ ৰানত পৰাস্ত কৰি প্লে অফত প্ৰৱেশ কৰিলে মুম্বাই ইণ্ডিয়ানছে
DC vs MI

আজি ৱানখেড়ে ষ্টেডিয়ামত মুম্বাই ইণ্ডিয়ানছ আৰু দিল্লী কেপিটেলছৰ মাজত অনুষ্ঠিত হৈছে  ৬৩ নম্বৰ আইপিএল মেচ । এই খেলখন অধিক প্ৰতিদ্বন্দ্বিতামূলক হ’ব বুলি আশা কৰা হৈছে । ইতিমধ্যে প্লে অফত তিনিটা দল নিশ্চিত হৈছে। মুম্বাই ইণ্ডিয়ানছৰ ১৪ পইণ্ট আৰু দিল্লী কেপিটেলছৰ ১৩ পইণ্ট। আজিৰ খেলখন বাদ দিলে দুয়োটা দলৰ আৰু এখন এখন খেল বাকী থাকিব। কিন্তু আজি যদি মুম্বাই ইণ্ডিয়ানছ জয়ী হয় তেন্তে ১৬ পইণ্ট লাভ কৰিব আৰু দলটোৱে প্লে অফত প্ৰৱেশ কৰা চতুৰ্থটো দল হ’ব। দিল্লী কেপিটেলছৰ বাবে জীৱন-মৃত্যুৰ যুঁজ। জয়ী হ’লেও প্লে অফলৈ যোৱাৰ কোনো নিশ্চয়তা নাই। যদি পৰাস্ত হয় তেন্তে দলটো বাহিৰ হোৱাটো নিশ্চিত।

LIVE NEWS & UPDATES

The liveblog has ended.
  • 21 May 2025 11:19 PM (IST)

    প্লে অফত প্ৰৱেশ কৰিলে মুম্বাইয়ে

    দিল্লীক ৫৯ ৰানত পৰাস্ত কৰি প্লে অফত প্ৰৱেশ কৰিলে মুম্বাই ইণ্ডিয়ানছে । দিল্লী কেপিটেলছক ২০ অভাৰত ৫ টা উইকেট হেৰুৱাই ১৮১ ৰানৰ লক্ষ্য বান্ধি দিছিল মুম্বাই ইণ্ডিয়ানছে । দিল্লীয়ে ১৮.২ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ১২১ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয় ।

  • 21 May 2025 11:14 PM (IST)

    ৯ টা উইকেটৰ হেৰুৱালে দিল্লীয়ে

    প্লে অফত স্থান নিশ্চিত কৰাৰ দিশে মুম্বাই ইণ্ডিয়ানছ, ৯ টা উইকেটৰ হেৰুৱালে দিল্লীয়ে ।

  • 21 May 2025 11:02 PM (IST)

    ৮ টা উইকেট হেৰুৱালে দিল্লীয়ে

    ১০৮ ৰানত ৮ টা উইকেট হেৰুৱালে দিল্লীয়ে । ৪ টা বলত ৩ ৰান সংগ্ৰহ কৰি আউট মাধৱ তিৱাৰী ।

  • 21 May 2025 10:58 PM (IST)

    ৭ টা উইকেট হেৰুৱাই ১০৫ ৰান

    ১৫ অভাৰত ৭ টা উইকেট হেৰুৱাই ১০৫ ৰান কৰিছে দিল্লীয়ে । দিল্লী কেপিটেলছক ৩০টা বলত ৭৬ ৰানৰ প্ৰয়োজন ।

  • 21 May 2025 10:55 PM (IST)

    আউট সমীৰ ৰিজভি

    আউট সমীৰ ৰিজভি । ৩৫ টা বলত ৩৯ ৰান সংগ্ৰহ কৰি আউট সমীৰ ৰিজভি ।

     

  • 21 May 2025 10:51 PM (IST)

    জয়ৰ বাবে ৩৬ টা বলত ৭৮ ৰানৰ প্ৰয়োজন

    ১৪ অভাৰৰ অন্তত ৫ টা উইকেট হেৰুৱাই  ১০৩ ৰান সংগ্ৰহ কৰিছে দিল্লীয়ে । জয়ৰ বাবে ৩৬ টা বলত ৭৮ ৰানৰ প্ৰয়োজন ।

  • 21 May 2025 10:38 PM (IST)

    ৬০ টা বলত ১১৫ ৰানৰ প্ৰয়োজন দিল্লীক

    ১০ অভাৰত ৫ টা উইকেট হেৰুৱাই ৬৬ ৰান সংগ্ৰহ কৰিছে দিল্লীয়ে । ৬০ টা বলত ১১৫ ৰানৰ প্ৰয়োজন দিল্লীক ।

  • 21 May 2025 10:24 PM (IST)

    ৭ অভাৰৰ অন্তত দিল্লীৰ ৰান ৫৪ ৰান

    ৭ অভাৰৰ অন্তত দিল্লীৰ ৰান ৫৪ ৰান । তিনিটা উইকেটৰ পতন । দিল্লী কেপিটেলছক ৭৮টা বলত ১২৭ ৰানৰ প্ৰয়োজন । বেটিঙত মীৰ ৰিজভি ১০(১৩), বিপ্ৰজ নিগম ২০(৮) ।

  • 21 May 2025 10:06 PM (IST)

    তৃতীয়টো উইকেট পতন দিল্লীৰ

    তৃতীয়টো বিপৰ্যয়ৰ সন্মুখীন হৈছে দিল্লী । ৯ টা বলত ৬ ৰান কৰি আউট অভিষেক পোৰেল ।

  • 21 May 2025 09:56 PM (IST)

    কে এল ৰাহুল আউট

    কে এল ৰাহুল আউট । ৬ টা বলত ১১ ৰান কৰি আউট ৰাহুল । ২.৪ অভাৰত ২ টা উইকেট হেৰুৱাই ২০ ৰান সংগ্ৰহ কৰিছে দিল্লীয়ে ।

  • 21 May 2025 09:53 PM (IST)

    ডু প্লেছিছ  আউট

    ফাফ ডু প্লেছিছ  আউট । ৭ টা বলত ৬ ৰান সংগ্ৰহ কৰি আউট ডু প্লেছিছ ।

     

     

  • 21 May 2025 09:42 PM (IST)

    দিল্লীৰ অপেনিঙত কে এল ৰাহুল-ফাফ ডু প্লেছিছ

    দিল্লীৰ অপেনিঙত কে এল ৰাহুল আৰু ফাফ ডু প্লেছিছ । মুম্বাইৰ বল হাতত তুলি লৈছে ট্ৰেণ্ট ব’ল্টে ।

  • 21 May 2025 09:26 PM (IST)

    দিল্লীৰ সন্মুখত ১৮১ ৰানৰ লক্ষ্য

    মুম্বাইয়ে ২০ অভাৰত ৫ টা উইকেট হেৰুৱাই ১৮০ ৰান সংগ্ৰহ কৰে । সূৰ্য্যকুমাৰ যাদৱে ৪৩ টা বলত ৭৩ ৰান আৰু নমন ধীৰে ৮ টা বলত ২৪ ৰান সংগ্ৰহ কৰি নট আউট হৈ থাকে ।

  • 21 May 2025 09:20 PM (IST)

    ১৯ অভাৰৰ অন্তত মুম্বাইৰ ৰান

    ১৯ অভাৰৰ অন্তত মুম্বাইৰ ৰান ১৫৯ । পাঁচটা উইকেটৰ পতন । নমন ধীৰৰ বিস্ফোৰক বেটিং কৰি ৮ টা ২৪ ৰান সংগ্ৰহ কৰি আছে ।

  • 21 May 2025 09:12 PM (IST)

    অৰ্ধশতক সূৰ্য্যকুমাৰ যাদৱ

    অৰ্ধশতক অৰ্জন কৰিলে সূৰ্য্যকুমাৰ যাদৱে । ৩৬ টা বলত ৫১ সংগ্ৰহ কৰে সূৰ্য্যকুমাৰ যাদৱে ।

  • 21 May 2025 09:10 PM (IST)

    মুম্বাইৰ ৰান ১৩২

    ১৮ অভাৰৰ অন্তত মুম্বাইৰ ৰান ১৩২ । ৫ টা উইকেটৰ পতন ।

  • 21 May 2025 09:04 PM (IST)

    ১৭ অভাৰৰ অন্তত মুম্বাইৰ ৰান হৈছে ১২৬ ৰান

    ১৭ অভাৰৰ অন্তত মুম্বাইৰ ৰান হৈছে ১২৬ ৰান । পাঁচটা উইকেটৰ পতন । বেটিঙত নমন ধীৰ ৩(২) সূৰ্য্যকুমাৰ যাদৱ ৪০(৩১) ।

  • 21 May 2025 09:01 PM (IST)

    হাৰ্দিক পাণ্ডিয়া আউট

    ৬ টা বল ৩ ৰান সংগ্ৰহণ কৰি হাৰ্দিক পাণ্ডিয়া আউট । পঞ্চমটো উইকেট হেৰুৱালে মুম্বাইয়ে ।

  • 21 May 2025 08:58 PM (IST)

    অৰ্ধ শতকৰ দিশে সূৰ্যকুমাৰ যাদৱ

    অৰ্ধ শতকৰ দিশে সূৰ্যকুমাৰ যাদৱ । ৩০ টা বলত ৪০ ৰান সংগ্ৰহ কৰি আছে সূৰ্যকুমাৰ যাদৱে ।

  • 21 May 2025 08:52 PM (IST)

    তিলক বাৰ্মা আউট

    চতুৰ্থটো আঘাত মুম্বাইৰ, ২৭ টা বলত ২৭ ৰান কৰি আউট তিলক । ১৫ অভাৰত ৪ টা উইকেট হেৰুৱাই ১১৪ ৰান সংগ্ৰহ মুম্বাইৰ ।

  • 21 May 2025 08:42 PM (IST)

    ১৩.১ অভাৰত ১০০ ৰান সংগ্ৰহ কৰিলে মুম্বাইয়ে

    ৩ টা উইকেট হেৰুৱাই ১৩.১ অভাৰত ১০০ ৰান সংগ্ৰহ কৰিলে মুম্বাইয়ে । বেটিঙত তিলক বাৰ্মা ২৬(২৫) সূৰ্যকুমাৰ যাদৱ ২১(১৮)।

  • 21 May 2025 08:24 PM (IST)

    ১০ অভাৰৰ অন্তত মুম্বাইৰ ৰান ৮০

    ১০ অভাৰৰ অন্তত মুম্বাইৰ ৰান ৮০ । ৩ টা উইকেটৰ পতন । বেটিঙত সূৰ্য্যকুমাৰ যাদৱ ১৫(১২), তিলক বাৰ্মা ১২(১২) ।

  • 21 May 2025 08:14 PM (IST)

    ৮ অভাৰৰ অন্তত মুম্বাইৰ ৰান ৬৮ ৰান

    ৮ অভাৰৰ অন্তত মুম্বাইৰ ৰান ৬৮ ৰান । তিনিটা উইকেটৰ পতন । বেটিঙত তিলক বাৰ্মা ৪(৫) সূৰ্য্যকুমাৰ যাদৱ ১২(৭)

  • 21 May 2025 08:08 PM (IST)

    ৰিয়ান ৰিকেলটন আউট

    মুম্বাইৰ তৃতীয়টো আঘাত, ৰিয়ান ৰিকেলটন আউট । ১৮ টা বলত ২৫ ৰান সংগ্ৰহ কৰে ৰিয়ান ৰিকেলটনে ।

  • 21 May 2025 08:01 PM (IST)

    উইল জেকছ আউট

    উইল জেকছ আউট । ১৩ টা বলত ২১ ৰান কৰি আউট জেকছ । তেওঁ উইকেটটো লাভ কৰে মুকেশ কুমাৰে ।

  • 21 May 2025 07:58 PM (IST)

    মুম্বাইৰ ৰান ৪৬

    ৫ অভাৰৰ অন্তত মুম্বাইৰ ৰান ৪৬ । উইল জেকছ ২০(১১), ৰিয়ান ৰিকেলটন ২১(১৪) ।

  • 21 May 2025 07:49 PM (IST)

    তিনি অভাৰৰ অন্তত মুম্বাইৰ ৰান ২৫

    তিনি অভাৰৰ অন্তত মুম্বাইৰ ৰান ২৫ । এটা উইকেটৰ পতন । বেটিঙত ৰিয়ান ৰিকেলটন ১৯(১১), উইল জেকছ ১(২)

  • 21 May 2025 07:46 PM (IST)

    তৃতীয় অভাৰত ৰোহিত শৰ্মা আউট

    মুম্বাইৰ প্ৰথমটো আঘাত, তৃতীয় অভাৰত ৰোহিত শৰ্মা আউট । ৫ টা বল ৫ ৰান সংগ্ৰহ কৰে ৰোহিতে ।

  • 21 May 2025 07:33 PM (IST)

    অপেনিঙত ৰোহিত শৰ্মা আৰু ৰিয়ান ৰিকেলটন

    মুম্বাইৰ অপেনিঙত ৰোহিত শৰ্মা আৰু ৰিয়ান ৰিকেলটন । বলিঙত দিল্লীৰ মুকেশ কুমাৰ ।

  • 21 May 2025 07:30 PM (IST)

    মুম্বাইৰ ১৪ পইণ্ট

    মুম্বাই ইণ্ডিয়ানছে এই ছিজনত এতিয়ালৈকে মুঠ ১২খন মেচ খেলিছে, য’ত তেওঁলোকৰ ৭খন জয় আৰু ৪খন পৰাজয় হৈছে। এইদৰে দলটোৱে ১৪ পইণ্টেৰে টেবুলৰ চতুৰ্থ স্থানত আছে।

  • 21 May 2025 07:21 PM (IST)

    দুয়োটা দলৰ মূল একাদশ

     

    দিল্লী কেপিটেলছ (প্লেয়িং একাদশ): ফাফ ডু প্লেছিছ(অধিনায়ক), অভিষেক পৰেল, সমীৰ ৰিজভি, ত্ৰিষ্টান ষ্টাবছ, আশুতোষ শৰ্মা, বিপ্ৰজ নিগম, মাধৱ তিৱাৰী, কুলদীপ যাদৱ, দুষমন্ত চমীৰা, মুস্তাফিজুৰ ৰহমান, মুকেশ কুমাৰ

    মুম্বাই ইণ্ডিয়ানছ (প্লেয়িং একাদশ): ৰিয়ান ৰিকেলটন, ৰোহিত শৰ্মা, উইল জেকছ, সূৰ্য্যকুমাৰ যাদৱ, তিলক ভাৰ্মা, হাৰ্দিক পাণ্ডিয়া(অধিনায়ক), নমন ধীৰ, মিচেল ছাণ্টনাৰ, দীপক চহৰ, ট্ৰেণ্ট বল্ট, জছপ্ৰিত বুমৰাহ

    দিল্লী কেপিটেলছ ইমপেক্ট : কে এল ৰাহুল, ছেদিকুল্লাহ অটল, কৰুণ নাইৰ, ত্ৰিপুৰানা বিজয়, মনবন্ত কুমাৰ এল

    মুম্বাই ইণ্ডিয়ানছ ইমপেক্ট : কৰ্ণ শৰ্মা, কৰ্বিন বছ, ৰাজ বাৱা, অশ্বনি কুমাৰ, সত্যনাৰায়ণ ৰাজু

     

  • 21 May 2025 07:12 PM (IST)

    অধিনায়ক অক্ষৰ আউট

    অসুস্থতাৰ বাবে এই খেলৰ পৰা আঁতৰি আছে দিল্লী কেপিটেলছৰ অধিনায়ক অক্ষৰ পেটেল। তেওঁৰ ঠাইত ফাফ ডু প্লেচিছে টছৰ বাবে আহি সফল হয়। দিল্লীয়ে টছত জয়লাভ কৰি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়।

  • 21 May 2025 07:07 PM (IST)

    টছত জয়ী হৈ দিল্লী কেপিটেলছৰ ফিল্ডিং কৰাৰ সিদ্ধান্ত

    টছত জয়লাভ কৰি দিল্লী কেপিটেলে ফিল্ডিং কৰাৰ সিদ্ধান্ত লৈছে। অক্ষয় পেচেলৰ বিপৰীতে দিল্লীৰ হৈ টছৰ কৰিবলৈ আহে ফাফ ডু প্লেছিছ ।

  • 21 May 2025 06:56 PM (IST)

    কোনটো দল প্ৰৱেশ কৰি প্লে অফত

    দুয়োটা দলৰে প্লে অফত প্ৰৱেশ কৰাৰ সুযোগ আছে । আজি যদি মুম্বাই জয়ী হয় চেন্তে তেওঁলোকৰ প্লে অফৰ যাত্ৰা একেবাৰে সহজ হয় পৰিব । কিন্তু দিল্লীৰ ক্ষেত্ৰত প্লে অফৰ যাত্ৰাত এতিয়া জটিলতা আছে ।

  • 21 May 2025 06:45 PM (IST)

    আজি আইপিএলৰ ৬৩ নম্বৰ মেচ

    আজি আইপিএলৰ ৬৩ নম্বৰ মেচ । পইণ্ট তালিকালৈ লক্ষ্য কৰিলে দেখা যায় যে, মুম্বাই ইণ্ডিয়ানছৰ ১৪ পইণ্ট আৰু দিল্লী কেপিটেলছৰ ১৩ পইণ্ট।

Published On - May 21,2025 6:42 PM