বৈভৱ সূৰ্যবংশী নকল ক্ৰিকেটাৰ! উদীয়মান ক্ৰিকেট বিস্ময়ক এইদৰে সামাজিক মাধ্যমত সমালোচনা কিয় ?
ৰাজস্থান ৰয়েলছৰ উদীয়মান ক্ৰিকেটাৰ বৈভৱ সূৰ্যবংশীক লৈ বহুতেই সামাজিক মাধ্যমত মন্তব্য কৰিছে যে তেওঁ ক্ৰিকেটাৰ নহয়, ভুৱা ক্ৰিকেটাৰ । কিন্তু এইদৰে কোৱাৰ কাৰণ কি?

আই পি এলৰ চলিত ছিজনৰ আটাইতকৈ চৰ্চিত নামটো হৈছে, বৈভৱ সূৰ্যবংশী । এইগৰাকী কিশোৰক বহুতেই ভাৰতীয় ক্ৰিকেটৰ বিস্ময় বালক হিচাপে অভিহিত কৰিছে । ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশী, যাক লৈ অন্তহীন চৰ্চা ক্ৰিকেটপ্ৰেমীৰ মাজত । কোনোৱে প্ৰশ্ন তুলিছে বৈভৱৰ বয়সক লৈ, আন কোনোৱে প্ৰশংসা কৰিছে তেওঁৰ ক্ৰীড়া প্ৰতিভাক । আই পি এলৰ নিলামৰ সময়ত বৈভৱক লৈ নিলাম টেবুলত ধুমুহাৰ সৃষ্টি হৈছিল ।
অৱশেষত ১.১ কোটি টকাত বৈভৱক ক্ৰয় কৰে ৰাজস্থান ৰয়েলছে । ক্ৰয়হে কৰিলে কিন্তু খেলপথাৰত নমোৱাৰ নিশ্চয়তা নাছিল । তথাপিও প্ৰস্তুতি চলোৱাতো অপৰিহাৰ্য । জোফ্ৰা আৰ্চাৰৰ দৰে তীব্ৰ বেগী বলাৰৰ বিৰুদ্ধে বেটিং অনুশীলন কৰিছিল বৈভৱে । অৱশেষত সেই দিনটো আহিল । গুলপীয়া জাৰ্ছী পিন্ধি হাতত বেট লৈ খেল পথাৰত নামিল বৈভৱ ।
লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে অভিষেক, সমুখত শ্বাৰ্দুল ঠাকুৰ । প্ৰথমটো বলতেই ছিক্সাৰ কোবাই চমক সৃষ্টি বৈভৱৰ । অৱশ্যে গুজৰাট টাইটানছৰ বিৰুদ্ধে খেলখনৰ পাছতহে বৈভৱক লৈ চৰ্চা তুংগত উঠে । ক্ৰিকেটপ্ৰেমীসকল ইতিমধ্যেই জ্ঞাত যে, এজাক তাৰকা খেলুৱৈৰ সৈতে আইপিএলৰ অন্যতম শক্তিশালী দল হৈছে গুজৰাট টাইটানছ । এই গুজৰাটৰ বিৰুদ্ধেই অভিলেখ ৰচিলে বৈভৱে ।
আই পি এলত দ্ৰুততম শতক অৰ্জনকাৰী ভাৰতীয় খেলুৱৈ হিচাপে অভিলেখৰ সূচনা কৰে বৈভৱে । মাত্ৰ ৩৫ টা বলত বিস্ফোৰক শতক অৰ্জন বৈভৱৰ । ইয়াৰ পূৰ্বে আই পি এলত দ্ৰুততম শতক অৰ্জনকাৰী ভাৰতীয় খেলুৱৈ হিচাপে অভিলেখ আছিল ইউছুফ পাঠানৰ নামত । ৩৭ টা বলত শতক অৰ্জন কৰিছিল ইউছুফে । কিন্তু ১৪ বছৰীয়া বালক বৈভৱ সূৰ্যবংশীয়ে ইউছুফ পাঠানক অতিক্ৰম কৰি নতুন অভিলেখ ৰচনা কৰে । কিন্তু দেখা গৈছে যে বিভিন্ন বিষয়ক লৈ বৈভৱক সমালোচনা তথা উপহাসো কৰিছে একাংশই ।
ৰাজস্থান ৰয়েলছৰ এইগৰাকী উদীয়মান ক্ৰিকেটাৰক লৈ বহুতেই সামাজিক মাধ্যমত মন্তব্য কৰিছে যে তেওঁ ক্ৰিকেটাৰ নহয়, ভুৱা ক্ৰিকেটাৰ । কিন্তু এইদৰে কোৱাৰ কাৰণ কি? পঞ্জাব কিংছৰ বিৰুদ্ধে মাত্ৰ ১৫ টা বলত ৪০ ৰাণৰ আন এক বিধ্বংসী ইনিংছ খেলিছিল বৈভৱে । ষ্ট্ৰাইক ৰেট প্ৰায় ২৬৭ । তথাপিও কিয় সমালোচনা বৈভৱক?
পঞ্জাৱৰ বিৰুদ্ধে এটাও চিংগল ৰান লোৱা নাছিল বৈভৱে । তেওঁ ১৫ টা বলত চাৰিটা বাউণ্ডেৰী আৰু ৪ টা অভাৰ বাউণ্ডেৰী কোবাই মুঠ ৪০ ৰাণ সংগ্ৰহ কৰে । তেওঁৰ শ্বটসমূহক ফ্লুক বুলি দাবী কৰিছে বহুতেই । সেয়ে তেওঁক ভুৱা ক্ৰিকেটাৰ বুলি ক’ব খুজিছে একাংশ সামাজিক মাধ্যম ব্যৱহাৰকাৰীয়ে ।