TV9 ASSAM
স্বাস্থ্য বিশেষজ্ঞৰ মতে, সুস্থ শৰীৰৰ বাবে ৭ ৰ পৰা ৯ ঘন্টা টোপনিৰ প্ৰয়োজন। ৭ ঘন্টাতকৈ ক'ম সময় শুলে বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি হয়। মানসিকভাবেও সমস্যা আহিব পাৰে।
টোপনি কম হোৱাৰ ফলত গ্ৰেলিন আৰু লেপ্টিন হৰম'নৰ সন্তুলনত প্ৰভাৱ পৰে। গ্ৰেলিনে ভোক বঢ়াই আৰু লেপ্টিনে পেট ভৰ্তিৰ সংকেত দিয়ে। এই হৰম'ন অসন্তুলন হ'লে ওজন বৃদ্ধি হয়।
যদি আপুনি ৭ ঘন্টাতকৈ কম সময় শুৱে তেন্তে পুৱা উঠি আপুনি ভাগৰুৱা অনুভৱ কৰিব পাৰে। ইয়াৰোপৰি দিনটো আপুনি অশান্তু ভোগ কৰি থাকিব পাৰে। ভালদৰে কোনো কাম কৰিব নোৱাৰিব পাৰে।
কম টোপনিৰ ফলত আমাৰ শৰীৰৰ আভ্যন্তৰীণ থকা বিষাক্ত পদাৰ্থ চাফা হোৱাৰ সময় লাভ নকৰে। যাৰ ফলত উচ্চ ৰক্তচাপৰ লগতে হাৰ্ট এটেকৰ আশংকা বৃদ্ধি হয়। গতিকে ভাল টোপনি ল'ব লাগে।
টোপনি পূৰ নোহোৱাৰ ফলত মানুহৰ মানসিক স্বাস্থ্যৰ ওপৰতো প্ৰভাৱ পৰে। ইয়াৰ ফলত আপোনাৰ খং উঠি থাকিব পাৰে বা কেতিয়াবা স্মৃতিশক্তিত প্ৰভাৱিত কৰিব পাৰে।
যিসকলে পুৰুষে ৫ ঘন্টাতকৈ কম সময় শুৱে তেওঁলোকৰ টেস্টিকল্ছৰ স্তৰ কম হৈ যায়। ইয়াৰোপি কম টোপনিৰ ফলত পুৰুষৰ টেষ্টোষ্টোৰেন হৰম'নৰ স্তৰ কম হয়। পুৰুষৰ বাবে ই ডাঙৰ সমস্যা হ'ব পাৰে।
ইয়াৰোপৰি ভাল টোপনি নাহিলে মহিলাসকলৰ প্ৰজনন ক্ষমতাত প্ৰভাৱ পৰিব পাৰে। আগলৈ তেওঁলোকৰ সন্তান জন্ম দিয়াত সমস্যা আহিব পাৰে। গতিকে সকলোকে ভাল টোপনিৰ প্ৰয়োজন।
পঢ়িবলৈ ক্লিক কৰক