শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
পাৰমাণৱিক বোমাৰ ভাবুকিলৈ ভয় নকৰে ভাৰতেঃ পুনৰ পাকিস্তানক সকীয়ালে প্ৰধানমন্ত্ৰী মোদীয়ে

পাৰমাণৱিক বোমাৰ ভাবুকিলৈ ভয় নকৰে ভাৰতেঃ পুনৰ পাকিস্তানক সকীয়ালে প্ৰধানমন্ত্ৰী মোদীয়ে

monjit-dutta
Monjit Dutta | Published: 22 May 2025 18:24 PM

ৰাজস্থানৰ বীকানেৰৰ পৰা আজি পুনৰ পাকিস্তানক সকীয়নি প্ৰদান কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। অপাৰেচন সেন্দূৰৰ প্ৰসঙ্গ উত্থাপন কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে পাকিস্তান আৰু সন্ত্ৰাসবাদীৰ আগত পুনৰ স্পষ্ট কৰি দিছে নতুন ভাৰতৰ স্থিতি।

ৰাজস্থানৰ বীকানেৰৰ পৰা আজি পুনৰ পাকিস্তানক সকীয়নি প্ৰদান কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। অপাৰেচন সেন্দূৰৰ প্ৰসঙ্গ উত্থাপন কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে পাকিস্তান আৰু সন্ত্ৰাসবাদীৰ আগত পুনৰ স্পষ্ট কৰি দিছে নতুন ভাৰতৰ স্থিতি। পাকিস্তান আৰু পাকিস্তান অধিকৃত কাশ্মীৰত ভাৰতীয় সেনাই চলোৱা অপাৰেচন সেন্দূৰৰ সময়ত পাকিস্তানে পাৰমাণৱিক বোমাৰ ভাবুকি দিয়া বুলি পোহৰলৈ আহিছিল। প্ৰধানমন্ত্ৰী মোদীয়ে ইতিপূৰ্বেই ভাৰতে এনে ভাবুকিলৈ ভয় নকৰে বুলি স্পষ্ট কৰি দিছিল।

এতিয়া বীকানেৰতো এই কথা দোহাৰিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে। বীকানেৰত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰী মোদীৰ স্পষ্ট মত, পাৰমাণৱিক বোমাৰ ভাবুকিলৈ ভয় নকৰে ভাৰতে। অপাৰেচন সেন্দূৰে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজৰ বাবে এই সূত্ৰ নিৰ্ধাৰন কৰা বুলি তেওঁ লগতে কয়। এইক্ষেত্ৰত তেওঁ আন দুই সূত্ৰৰ কথাও উল্লেখ কৰে। সেই সূত্ৰ মতে, যদি ভাৰতত সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হয় তেন্তে ভাৰতে মৌনতা অৱলম্বন নকৰে আৰু উপযুক্ত উত্তৰ প্ৰদান কৰিব।

আক্ৰমণৰ প্ৰতি সঁহাৰি জনোৱাৰ সময় আৰু পদ্ধতি সেনাই নিৰ্ধাৰণ কৰিব বুলি মোদীয়ে কয়। আনহাতে সন্ত্ৰাসবাদৰ ‘মালিক’ আৰু সন্ত্ৰাসক পৃষ্ঠপোষকতা কৰা চৰকাৰক ভাৰতে পৃথক হিচাপে গণ্য নকৰে বুলি ভাষণত উল্লেখ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে।