শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

GT vs LSG Live Score, IPL 2025: সংকটত গুজৰাটঃ এইবাৰ বাটলাৰক বিদায় দিলে আকাশ সিঙে

Gujarat Titans vs Lucknow Super Giants Live Score in Assamese: আই পি এল ২০২৫ৰ আজিৰ মেচত মুখামুখি হ’ব গুজৰাট টাইটানছ আৰু লক্ষ্ণৌ চুপাৰ জায়েণ্টছ। ঘৰুৱা খেলপথাৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত আজিৰ এই মেচ খেলিব গুজৰাটে। ইতিমধ্যেই দলটোৱে শক্তিশালী প্ৰদৰ্শনেৰে প্লে’ অফত স্থান নিশ্চিত কৰিছে। আনহাতে লক্ষ্ণৌ চুপাৰ জায়েণ্টছে ইতিপূৰ্বেই প্ৰতিযোগিতাৰ পৰা বিদায় লৈছে।

monjit-dutta
Monjit Dutta | Updated On: 22 May 2025 22:44 PM
GT vs LSG Live Score, IPL 2025: সংকটত গুজৰাটঃ এইবাৰ বাটলাৰক বিদায় দিলে আকাশ সিঙে
আজিৰ মেচত গুজৰাট বনাম লক্ষ্ণৌ

LIVE NEWS & UPDATES

  • 22 May 2025 10:44 PM (IST)

    বাটলাৰৰো বিদায়

    হাতত আঘাত পোৱাৰ পিছতো চমক দেখুৱাইছে আকাশ সিঙে। এক দৰ্শনীয় ইন চুইঙেৰে তেওঁ বিদায় দিছে বাটলাৰক (৩৩)। এইদৰে শীৰ্ষক্ৰমৰ তিনি বেটাৰক হেৰুৱাই সংকটত পৰিছে গুজৰাট।

  • 22 May 2025 10:33 PM (IST)

    আউট হ’ল গিল

    আব্দুল ছামাদে আয়ত্ব কৰা এক দৰ্শনীয় কেচৰ ফলত পেভিলিয়নলৈ উভতিব লগা হৈছে শুভমন গিল। আভেশ খানৰ বলত আউট হোৱা গিলে ২০টা বলত ৭টা চাৰিৰে ৩৫ ৰান সংগ্ৰহ কৰে।

  • 22 May 2025 10:13 PM (IST)

    সুদৰ্শনৰ বিদায়

    গুজৰাটৰ বেটিং বিভাগৰ অন্যতম প্ৰধান শক্তি ছাই সুদৰ্শনে লৈছে বিদায়। দলক এক শক্তিশালী আৰম্ভণিৰ ইংগিত দিছিল যদিও সুদৰ্শনে ১৬টা বলত ২১ ৰান সংগ্ৰহ কৰি বিদায় লয়। তেওঁক বিদায় দিয়ে অ’ৰ’ৰ্কেই।

  • 22 May 2025 09:48 PM (IST)

    প্ৰথম বলতে চাৰি

    লক্ষ্ণৌৰ দৰে গুজৰাটৰ ইনিংছো আৰম্ভ হৈছে এটা চাৰিৰে। ইম্পেক্ট চাবৰ ৰূপত ক্ৰীজলৈ অহা ছাই সুদৰ্শনে ইনিংছৰ প্ৰথমটো বলতে এটা চাৰি কোবায়।

  • 22 May 2025 09:34 PM (IST)

    লক্ষ্ণৌৰ সংগ্ৰহ ২৩৫ ৰান

    আৰম্ভণিৰ পৰাই বিস্ফোৰক বেটিং অব্যাহত ৰাখি লক্ষ্ণৌৱে ইনিংছত সংগ্ৰহ কৰিছে ২৩৫ ৰানৰ বৃহৎ স্ক’ৰ। ছিজনত হতাশাজনক প্ৰদৰ্শনেৰে বাৰে বাৰে ব্যৰ্থ হোৱা লক্ষ্ণৌৰ অধিনায়ক পণ্টে অন্তিম অভাৰত দুটা ছয় কোবায়। এতিয়া ২৩৬ ৰানৰ লক্ষ্য গুজৰাটে অতিক্ৰম কৰিব পাৰে নে নোৱাৰে সেয়া হ’ব লক্ষণীয়।

  • 22 May 2025 09:24 PM (IST)

    বিদায় ল’লে মাৰ্শ্বে

    লক্ষ্ণৌক এক শক্তিশালী স্থিতিত উপনীত কৰাই শতকীয় ইনিংছ খেলি বিদায় ল’লে মিচেল মাৰ্শ্বে। মাত্ৰ ৬৪টা বলত ১০টা চাৰি আৰু ৮টা ছয়েৰে ১১৭ ৰান সংগ্ৰহ কৰি মাৰ্শ্বে ক্ৰীজ এৰে। তেওঁৰ উইকেট দখল কৰে আৰ্শ্বাদ খানে।

     

  • 22 May 2025 09:19 PM (IST)

    পুৰাণৰ অৰ্ধশতক

    আক্ৰমণাত্মক বেটিঙেৰে ছিজনত পঞ্চমটো অৰ্ধশতক সম্পূৰ্ণ কৰিছে নিকোলাচ পুৰাণে। মাত্ৰ ২৩টা বলতে তেওঁ ৪টাকৈ ছয় আৰু চাৰিৰে অৰ্ধশতক সম্পূৰ্ণ কৰে।

  • 22 May 2025 09:11 PM (IST)

    শতক মাৰ্শ্বৰ

    নিজ আই পি এল কেৰিয়াৰত প্ৰথমটো শতক অৰ্জন কৰিছে মিচেল মাৰ্শ্বে। আক্ৰমণাত্মক বেটিঙেৰে তেওঁ ৫৬টা বলত ১০টা চাৰি আৰু ৬টা ছয়েৰে শতক সম্পূৰ্ণ কৰে।

  • 22 May 2025 08:54 PM (IST)

    ১৫০ পাৰ স্ক’ৰবৰ্ড

    আক্ৰমণাত্মক বেটিং অব্যাহত আছে লক্ষ্ণৌৰ। মাৰ্শ্ব আৰু পুৰাণে বিস্ফোৰক বেটিঙেৰে আগবঢ়াই নিছে দলৰ ইনিংছ। এইদৰে ১৪.২ অভাৰত দলৰ স্ক’ৰ ১৫০ৰ পাৰ হৈছে।

  • 22 May 2025 08:41 PM (IST)

    বিধ্বস্ত ৰছিদ

    এইসময়ত টি-২০ত অন্যতম শ্ৰেষ্ঠ বলাৰ ৰছিদ খানে এই ছিজনত প্ৰত্যাশিত প্ৰদৰ্শন দাঙি ধৰিব পৰা নাই। আজিও নিজৰ প্ৰথমটো অভাৰতে ৰছিদে খৰচ কৰিছে ২৫ ৰান। মাৰ্শ্বে ৰছিদৰ অভাৰটোত কোবায় ৩টা চাৰি আৰু ২টা ছয়।

  • 22 May 2025 08:32 PM (IST)

    মাৰ্ক্ৰামৰ বিদায়

    পুনৰ এবাৰ লক্ষ্ণৌৰ ইনিংছৰ ভেটি গঢ়ি তুলি বিদায় লৈছে মাৰ্ক্ৰামে। ছাই কিশোৰৰ বলত শ্বাহৰুখৰ হাতত কেচ তুলি দি তেওঁ বিদায় লয়। মাৰ্ক্ৰামে ৩টা চাৰি আৰু ২টা ছয়েৰে ২৪টা বলত ৩৬ ৰান সংগ্ৰহ কৰি বিদায় লয়।

  • 22 May 2025 08:29 PM (IST)

    মাৰ্শ্বৰ অৰ্ধশতক

    ছিজনত ধাৰাবাহিকতা অব্যাহত ৰাখি আন এটা অৰ্ধশতক অৰ্জন কৰিছে মিচেল মাৰ্শ্বে। ছাই কিশোৰৰ বলত এটা ছয় কোবাই মাৰ্শ্বে ৩৩টা বলত নিজৰ অৰ্ধশতক সম্পূৰ্ণ কৰে।

  • 22 May 2025 08:25 PM (IST)

    নিষ্প্ৰভ গুজৰাটৰ বলি শক্তি

    ৯ অভাৰৰ সমাপ্তিলৈ লক্ষ্ণৌৱে সংগ্ৰহ কৰিছে ৮৩ ৰান। এইপৰ্যন্ত দলটোৱে হেৰুওৱা নাই এটাও উইকেট। এক কথাত গুজৰাটৰ বলিং শক্তি প্ৰায় নিষ্প্ৰভ হৈ পৰিছে লক্ষ্ণৌৰ দুই অপেনাৰ মাৰ্শ্ব আৰু মাৰ্ক্ৰামৰ সমুখত।

  • 22 May 2025 08:07 PM (IST)

    শক্তিশালী আৰম্ভণি লক্ষ্ণৌৰ

    পুনৰ এবাৰ লক্ষ্ণৌক শক্তিশালী আৰম্ভণই প্ৰদান কৰিছে মাৰ্ক্ৰাম আৰু মাৰ্শ্বে। দুয়ো ৫.৩ অভাৰত দলৰ স্ক’ৰ ৫০ৰ পাৰ কৰাইছে। ৰাবাডাৰ বলত দুটাকৈ ছয় কোবায় মাৰ্ক্ৰামে।

  • 22 May 2025 07:31 PM (IST)

    ক্ৰীজত মাৰ্শ্ব-মাৰ্ক্ৰাম

    সামগ্ৰিকভাৱে দল ব্যৰ্থ হ’লেও প্ৰায় সফল হৈছে লক্ষ্ণৌৰ অপেনাৰদ্বয় মিচেল মাৰ্শ্ব আৰু এইডেন মাৰ্ক্ৰাম। আজিও এই দুই তাৰকাৰ ওপৰত থাকিব গধূৰ দায়িত্ব। আনহাতে গুজৰাটৰ হৈ বলিং মুকলি কৰিছে চিৰাজে। ইনিংছৰ প্ৰথমটো বলতে এটা চাৰি কোবাইছে মাৰ্ক্ৰামে।

  • 22 May 2025 07:22 PM (IST)

    দুয়ো দলৰ মাজত পূৰ্বৰ ৰেকৰ্ড

    আই পি এলত ইতিপূৰ্বে দুয়োটা দল ৬ বাৰ মুখামুখি হৈছে। ইয়াৰে চাৰিবাৰতে জয়ী হৈছে গুজৰাট। আনহাতে লক্ষ্ণৌ জয়ী হৈছে দুখন মেচত। লক্ষণীয়ভাৱে চলিত ছিজনত দুয়োটা দল এখন মেচত মুখামুখি হৈছিল আৰু এই মেচখনত জয়ী হৈছিল লক্ষ্ণৌ।

  • 22 May 2025 07:08 PM (IST)

    গুজৰাট টাইটানছৰ মূল একাদশ

    গুজৰাট টাইটানছৰ মূল একাদশ হ’ব এনেধৰণৰ- শুভমন গিল (অধিনায়ক), জ’ছ বাটলাৰ, শ্বেৰফানে ৰাডাৰফোৰ্ড, শ্বাহৰুখ খান, ৰাহুল তেৱাটিয়া, ৰছিদ খান, আৰ্শ্বাদ খান, ৰবিশ্ৰীনিবাসন চাই কিশোৰ, কেগিছ’ ৰাবাডা, মহম্মদ চিৰাজ, প্ৰসিধ কৃষ্ণ।

  • 22 May 2025 07:08 PM (IST)

    লক্ষ্ণৌ চুপাৰ জায়েণ্টছৰ মূল একাদশ

    লক্ষ্ণৌৰ মূল একাদশত অন্তৰ্ভুক্ত কৰা হৈছে হিম্মত সিং আৰু শ্বাহবাজ আহমেদক। দলটোৰ মূল একাদশ হ’ব এনেধৰণৰ- মিচেল মাৰ্শ্ব, এইডেন মাৰ্ক্ৰাম, নিকোলাছ পুৰাণ, ঋষভ পণ্ট (অধিনায়ক), আয়ুস বাডনি, আব্দুল ছামাদ, হিম্মত সিং, শ্বাহবাজ আহমেদ, আকাশ দীপ, আভেশ খান, উইলিয়াম অ’ৰ’ৰ্কে।

  • 22 May 2025 07:03 PM (IST)

    প্ৰথমে বলিং কৰিব গুজৰাটে

    ইতিমধ্যে গুজৰাট টাইটানছ আৰু লক্ষ্ণৌ চুপাৰ জায়েণ্টছৰ অধিনায়কদ্বয়ৰ মাজত টছ হৈ গৈছে। টছত জয়ী হৈ প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে গুজৰাটৰ অধিনায়ক শুভমন গিলে।

আই পি এল ২০২৫ৰ আজিৰ মেচত মুখামুখি হ’ব গুজৰাট টাইটানছ আৰু লক্ষ্ণৌ চুপাৰ জায়েণ্টছ। ঘৰুৱা খেলপথাৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত আজিৰ এই মেচ খেলিব গুজৰাটে। ইতিমধ্যেই দলটোৱে শক্তিশালী প্ৰদৰ্শনেৰে প্লে’ অফত স্থান নিশ্চিত কৰিছে। বৰ্তমান ১২ খন মেচত ১৮ পইণ্টেৰে শীৰ্ষস্থানত থকা দলটোৱে প্ৰথমখন কোৱালিফায়াৰত স্থান নিশ্চিত কৰাৰ লক্ষ্যৰে শীৰ্ষস্থানৰ দল হিচাপেই লীগৰ অন্ত পেলাব বিচাৰিব। সেয়ে আজি জয়ৰ লক্ষ্যৰেই মেচত নামিব গুজৰাট। আনহাতে লক্ষ্ণৌ চুপাৰ জায়েণ্টছে ইতিপূৰ্বেই প্ৰতিযোগিতাৰ পৰা বিদায় লৈছে। গতিকে দলটোৰ লক্ষ্য হ’ব আজি সান্ত্বনাৰ জয়।

Published On - May 22,2025 6:55 PM