আক্ৰমণ-প্ৰত্যাক্ৰমণৰ খেল নহয়, এয়া ভাৰতৰ ৰূদ্ৰ ৰূপ: মোদী
পাকিস্তান সন্দৰ্ভত মোদীয়ে কয় যে, এয়া কোনো আক্ৰমণ-প্ৰত্যাক্ৰমণৰ খেল নহয়, এয়া আমাৰ ন্যায়ৰ নতুন ৰূপ। এয়া কেৱল ক্ষোভ নহয় সমগ্ৰ ভাৰতৰ ৰুদ্ৰ ৰূপ।
আজি পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ এমাহ সম্পূৰ্ণ হল। এই সময়চোৱাত মোদীয়ে পাকিস্তান আৰু সন্ত্ৰাসবাদীক উদ্দেশ্য কৰি বহু মন্তব্য প্ৰকাশ কৰে । পাকিস্তান সন্দৰ্ভত মোদীয়ে কয় যে, এয়া কোনো আক্ৰমণ-প্ৰত্যাক্ৰমণৰ খেল নহয়, এয়া আমাৰ ন্যায়ৰ নতুন ৰূপ। এয়া কেৱল ক্ষোভ নহয় সমগ্ৰ ভাৰতৰ ৰুদ্ৰ ৰূপ। প্ৰথমে ঘৰত প্ৰৱেশ কৰি আক্ৰমণ কৰিছিলো আৰু এতিয়া প্ৰত্যক্ষভাবে বুকুত আক্ৰমণ কৰিছো।
ইয়াৰোপৰি মোদীয়ে কয় যে, ভাৰতৰ তিনি সেনাই লগ হৈ পাকিস্তানক আঁঠু কাঢ়িবলৈ বাধ্য কৰাইছিল। ২২ তাৰিখৰ আক্ৰমণৰ উত্তৰ ২২ মিনিটত সন্ত্ৰাসবাদীসকলে লাভ কৰিছিল। সকলোৱে দেখা পাইছে কেনেকৈ সেন্দূৰ বাৰুদলৈ ৰূপান্তৰিত হ’লে ইয়াৰ পৰিণাম কি হয়।