শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
সমুখ যুদ্ধত ভাৰতৰ সৈতে জিকিব নোৱাৰে পাকিস্তানঃ বীকানেৰৰ পৰা প্ৰধানমন্ত্ৰী মোদীয়ে কৰিলে স্পষ্ট দাবী

সমুখ যুদ্ধত ভাৰতৰ সৈতে জিকিব নোৱাৰে পাকিস্তানঃ বীকানেৰৰ পৰা প্ৰধানমন্ত্ৰী মোদীয়ে কৰিলে স্পষ্ট দাবী

monjit-dutta
Monjit Dutta | Published: 22 May 2025 20:01 PM

ৰাজস্থানৰ বীকানেৰত উপস্থিত হৈ আজি প্ৰধানমন্ত্ৰী মোদীয়ে অপাৰেচন সেন্দূৰ সন্দৰ্ভত বক্তব্য ৰাখি পাকিস্তানক তীব্ৰ আক্ৰমণৰ লক্ষ্য কৰি লয়। প্ৰধানমন্ত্ৰী মোদীৰ স্পষ্ট দাবী, ভাৰতৰ সৈতে সমুখ সমৰত কেতিয়াও জয়ী হ’ব নোৱাৰে পাকিস্তান। যেতিয়াই ভাৰতৰ সৈতে পাকিস্তান সমুখ সমৰত নামে, বাৰে বাৰে শোচনীয় অৱস্থাৰ সন্মুখীন হয় বুলি মোদীয়ে কটাক্ষ কৰে পাকিস্তানক।

পাকিস্তানৰ বিৰুদ্ধে পুনৰ কঠোৰ হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ৰাজস্থানৰ বীকানেৰত উপস্থিত হৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে অপাৰেচন সেন্দূৰ সন্দৰ্ভত বক্তব্য ৰাখি পাকিস্তানক তীব্ৰ আক্ৰমণৰ লক্ষ্য কৰি লয়। প্ৰধানমন্ত্ৰী মোদীৰ স্পষ্ট দাবী, ভাৰতৰ সৈতে সমুখ সমৰত কেতিয়াও জয়ী হ’ব নোৱাৰে পাকিস্তান। যেতিয়াই ভাৰতৰ সৈতে পাকিস্তান সমুখ সমৰত নামে, বাৰে বাৰে শোচনীয় অৱস্থাৰ সন্মুখীন হয় বুলি মোদীয়ে কটাক্ষ কৰে পাকিস্তানক। সেয়ে পাকিস্তানে সন্ত্ৰাসবাদক ভাৰতৰ বিপক্ষে অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছে বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে কয়।

স্বাধীনতাৰ পিছত কেইবা দশক ধৰি পাকিস্তানে এনে কাৰ্যই কৰি আহিছে বুলি মন্তব্য কৰি প্ৰধানমন্ত্ৰী মোদীয়ে লগতে পাকিস্তানে সন্ত্ৰাসবাদ বিয়পাই তুলি নিৰ্দোষী লোকক হত্যা কৰি আহিছিল আৰু ভাৰতত এক ভয়ৰ পৰিৱেশ সৃষ্টি কৰি আহিছিল বুলি উল্লেখ কৰে। কিন্তু এতিয়া ভাৰত মাতাৰ সেৱক মোদীয়ে যে বুকু ডাঠ কৰি থিয় দি আছে, সেয়া পাকিস্তানে পাহৰি গৈছে বুলি মোদীয়ে মন্তব্য কৰে।