আগন্তুক ৫ বছৰলৈকে মই…IPL ৰ পৰা অৱসৰ গ্ৰহণ সন্দৰ্ভত ডাঙৰ মন্তব্য ধোনীৰ…
আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পাছত ধোনীয়ে কেৱল আই পি এল খেলা দেখা গৈছে। কিন্তু তেওঁৰ আই পি এলৰ পৰা অৱসৰকলৈও বহু জল্পনা-কল্পনা চলি আছে। শেহতীয়াকৈ ধোনীয়ে ইয়াৰ ওপৰত মন্তব্য আগবঢ়ায়।

আই পি এল ২০২৫ ত চেন্নাই চুপাৰ কিংছৰ প্ৰদৰ্শন অতি বেয়া আছিল। ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীৰ নেতৃত্বত দলটোৱে পইন্ট টেবুলৰ একেবাৰে শেষত স্থান লাভ কৰিছিল। ইয়াৰ পাছতে ধোনীৰ অৱসৰক লৈ বিভিন্ন জল্পনা-কল্পনা চলি আছিল যদিও এক সাক্ষাৎকাৰৰ সময়ত তেওঁ এনে কথা প্ৰকাশ কৰিছে যিয়ে ক্ৰিকেট অনুৰাগীক স্তম্ভিত কৰি তুলিছে। মহেন্দ্ৰ সিং ধোনীয়ে আৰু ৫ বছৰ খেলাৰ কথা কয়। কিন্তু ইয়াৰ মাজতে ধোনীয়ে নিজৰ ফিটনেছৰ বিষয়েও কয়, যিয়ে তেওঁ আই পি এলত খেলাক লৈ কিছু সন্দেহৰ সৃষ্টি কৰিছে।
ধোনীয়ে কি কয়
চেন্নাইত অনুষ্ঠিত এক অনুষ্ঠানৰ সময়ত মহেন্দ্ৰ সিং ধোনীক আই পি এল ২০২৬ত খেলাৰ বিষয়ে প্ৰশ্ন কৰা হৈছিল। তেতিয়া তেওঁ কয় যে, “মই অহা ৫ বছৰলৈকে ক্ৰিকেট খেলাৰ অনুমতি লাভ কৰিছো। কিন্তু চিকিৎসকে কেৱল মোৰ চকুৰ দৃষ্টিশক্তিৰ বাবে এই অনুমতি প্ৰদান কৰিছে। মোৰ শৰীৰৰ বাবে নহয়। এনে পৰিস্থিতিত মই কেৱল চকুৰ সহায়তো ক্ৰিকেট খেলিব নোৱাৰো”।
আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পাছত ধোনীক কেৱল আই পি এল খেলা দেখা গৈছে। ২০২৫ চনৰ আই পি এলত তেওঁ ১৪খন মেচ খেলিছিল, য’ত ধোনীয়ে ১৩টা ইনিংছত গড়ে ২৪.৫০ ৰান কৰি মাত্ৰ ১৯৬ ৰানহে কৰিবলৈ সক্ষম হৈছিল। চলিত বৰ্ষৰ আই পি এলত তেওঁৰ প্ৰদৰ্শন অতি দুৰ্বল আছিল যাৰ বাবে দলটোৱে পইন্ট টেবুলৰ শেষত আছিল। কিন্তু ইয়াৰ পাছতো দলে তেওঁৰ ওপৰত বিশ্বাস ৰাখিছে।
Next 5 years I will play cricket
Thala latest interview 😂🥺❤️❤️❤️❤️ pic.twitter.com/ptPIwfuBkd— Bhuvan 🦁 (@bhuvanChari007) August 2, 2025
এই সময়চোৱাত তেওঁ চেন্নাইৰ সৈতে থকা সম্পৰ্কৰ বিষয়েও কয়। তেওঁ কয় যে, “আমাৰ সম্পৰ্ক বহুত পুৰণি। এই সম্পৰ্ক আই পি এল আৰম্ভ হোৱাৰ আগৰ পৰাই। ২০০৫ চনত মই মোৰ ডেব্যু টেষ্ট চেন্নাইৰ সৈতে খেলিছিলো। তেতিয়াৰ পৰা চেন্নাইৰ সৈতে মোৰ বিশেষ সম্পৰ্ক আছে। ইয়াৰ পিছত চি এছ কেত যোগদান কৰাত এই সম্পৰ্ক আৰু অধিক শক্তিশালী হৈ পৰে। কাৰণ আই পি এলৰ সময়ত মই ইয়াত ৪০ৰ পৰা ৫০ দিন কটাওঁ”। ধোনীয়ে কয় যে চেন্নাই মোক এজন ভাল মানুহ আৰু ক্ৰিকেটাৰ হোৱাৰ ক্ষেত্ৰত বহুত সহায় কৰিলে। চেন্নাইৰ বাবে যি ভাল, সেয়া মোৰ বাবেও ভাল।
#WATCH | Chennai, Tamil Nadu | Former Indian skipper and Chennai Super Kings (CSK) icon, Mahendra Singh Dhoni says, "…I am thankful that CSK picked me because I love the whole atmosphere that's around Chepauk, the way they appreciate the cricket and support the team. The… pic.twitter.com/PnrylMjnvY
— ANI (@ANI) August 2, 2025
উল্লেখ্য যে, ধোনীৰ অৱসৰক লৈ বিভিন্ন জল্পনা-কল্পনা অব্যাহত আছে। চলিত বৰ্ষত হৈ যোৱা আই পি এলৰ সময়তে ধোনীয়ে অৱসৰ ল’ব বুলি বহুতে ধাৰণা কৰিছিল। বহুতে ধোনীৰ ফিটনেছৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছিল। শেহতীয়াকৈ ধোনীয়ে দিয়া মন্তব্যই যেন বহু কথা স্পষ্ট কৰিছে। গতিকে পৰৱৰ্তী সময়ত জানিব পৰা যাব ধোনীয়ে কি সিদ্ধান্ত গ্ৰহণ কৰে।
অন্য খবৰ পঢ়কঃ আমেৰিকাত বাহনৰ ভিতৰত উদ্ধাৰ ৪ ভাৰতীয়ৰ মৃৃতদেহ, কেনেকৈ সাৱতিলে মৃত্যুক?