6 Aug 2025
TV9 ASSAM
Photos Credit: Getty Images
প্ৰাচীন কালৰে পৰা আমাৰ সমাজত কিছুমান বিশ্বাস প্ৰচলিত হৈ আছে। যিবোৰ এতিয়াও মানুহে মানি চলে।
শৰীৰ, মন আৰু শক্তি নিৰ্ভৰ কৰে টোপনিৰ সময়ত শৰীৰৰ অৱস্থানৰ ওপৰত। অন্যথা টোপনিত অসুবিধা সৃষ্টি হ'ব পাৰে। লগতে বহু স্বাস্থ্যজনিত সমস্যা সৃষ্টি হ'ব পাৰে।
বাস্তু শাস্ত্ৰৰ মতে, দক্ষিণ দিশত মূৰটো ৰাখি শুব লাগে। ইয়াক শুভ বুলি গণ্য কৰা হয়। ফলত টোপনি ভাল হয় আৰু মন আৰু শৰীৰৰ মাজত ভাৰসাম্য অতুত থাকে।
কোৱা হয় যে, দক্ষিণ দিশত মূৰ কৰি শোৱাৰ ফলত ৰক্তচাপ নিয়ন্ত্ৰণত থকাৰ লগতে হৃদযন্ত্ৰৰ ওপৰত চাপ কমি যায়।
উত্তৰ দিশত মূৰ কৰি শুব নালাগে। ইয়াৰ ফলত মূৰৰ বিষ, অস্থিৰতা, আনকি ষ্ট্ৰোক হোৱাৰ আশংকাও থাকে।
মূৰটো পূব দিশত ৰাখি শুব পাৰে। ইয়াক শুভ বুলি গণ্য কৰা হয়। বিশেষকৈ পঢ়া-শুনা কৰা লোকসকলে মূৰটো পূব দিশত ৰাখি শুব লাগে।
মূৰটো পশ্চিম দিশত ৰাখি শুব নালাগে। ইয়াৰ ফলত এলাহ, মানসিক চাপ বা ভাগৰুৱা অনুভৱ হ'ব পাৰে।
বিবাহিত পুৰুষ-মহিলাই দক্ষিণ বা পূব দিশত মূৰ কৰি শুব লাগে। ফলত সম্পৰ্ক শক্তিশালী হয় বুলি কোৱা হয়।
পঢ়িবলৈ ক্লিক কৰক