শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
Uttarakhand Cloudburst: উত্তৰ কাশীত প্ৰকৃতিৰ ৰুদ্ৰৰূপ, নিহত ৫ গৰাকী, সন্ধানহীন শতাধিক

Uttarakhand Cloudburst: উত্তৰ কাশীত প্ৰকৃতিৰ ৰুদ্ৰৰূপ, নিহত ৫ গৰাকী, সন্ধানহীন শতাধিক

barasha-sarma
Barasha Sarma | Published: 06 Aug 2025 21:43 PM

উত্তৰাখণ্ডত প্ৰকৃতিক বিধ্বংসী ৰূপ। ডাৱৰ বিস্ফোৰণৰ ফলত হোৱা জলপ্ৰলয়ত মৃত্যু ৫ জনৰ আৰু সন্ধানহীন বহুতো। এতিয়াও ঘটনাস্থলীত অব্যাহত আছে উদ্ধাৰ অভিযান।

উত্তৰাখণ্ডত প্ৰকৃতিৰ ৰুদ্ৰৰূপ। ধৰালীত ডাৱৰ বিস্ফোৰণৰ ফলত ভয়ংকৰ বানপানী আৰু ভূমিস্খলনৰ সৃষ্টি হয়। যাৰ ফলত ঘৰ, হোটেল ,অট্টালিকা আৰু পানীত উটি যায়। এই ঘটনাৰ ফলত এতিয়ালৈকে ৫ জন লোক নিহত হোৱাৰ লগতে ১০০ জনৰো অধিক লোক নিৰুদ্দেশ হৈ আছে। ভাৰতীয় সেনা, আই টি বি পি, এন ডি আৰ এফ, এছ ডি আৰ এফ আদিয়ে ঘটনাস্থলীত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। এতিয়ালৈকে প্ৰায় ৫০০ জন লোকক উদ্ধাৰ কৰা হৈছে।

ইয়াৰ পাছতে আজি হৰ্শিলৰ ধাৰলীত উপস্থিত হয় ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামী। উল্লেখ্য যে, এই গাওঁখন উত্তৰ কাশীৰ জিলাৰ মুখ্যালয়ৰ পৰা প্ৰায় ১০০ কিলোমিটাৰ দূৰত অৱস্থিত। চাৰধামৰ যাত্ৰাৰ বাবে অহা যাত্ৰীসকলে এই স্থানতো থাকে। যাৰ বাবে ইয়াত বহু হোটেল, ৰেষ্টুৰেন্ট, হোমষ্টে আদিও আছে। সকলো ঠিকেই চলি আছিল। কিন্তু মঙলবাৰে হঠাতে হোৱা ডাৱৰ বিস্ফোৰণৰ ফলত গাঁওখন বোকা পানীলৈ ৰূপান্তৰিত হয়।