ঘানাত ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনা! দুগৰাকী মন্ত্ৰীসহ ৮জনৰ মৃত্যু…
ঘানাত ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনা। য'ত দুগৰাকী মন্ত্ৰী আৰু আন কেইগৰাকীমান জ্যেষ্ঠ বিষয়া নিহত হয়। এই ঘটনাই ৮ জনৰ প্ৰাণ কাঢ়ি নিয়ে। মৃতসকলৰ প্ৰতি শোক ব্যক্ত কৰিছে চৰকাৰে।

ঘানাত ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনা। প্ৰতিৰক্ষা মন্ত্ৰী আৰু পৰিৱেশ মন্ত্ৰীক কঢ়িয়াই নিয়া হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত। যাৰ ফলত দুগৰাকী মন্ত্ৰীকে ধৰি মুঠ ৮ জন লোকৰ মৃত্যু হয়। দুৰ্ঘটনাত পতিত হোৱা হেলিকপ্টাৰখন জেড ৯ হেলিকপ্টাৰখন সেনাবাহিনীৰ। এই দুগৰাকী মন্ত্ৰীৰ লগতে নিহতসকলৰ ভিতৰত আছে জ্যেষ্ঠ নেতা-বিষয়া আৰু ক্ৰুৰ মেম্বাৰ। দুৰ্ঘটনা ইমানেই ভয়ংকৰ আছিল যে অলপ সময়ৰ ভিতৰতে হেলিকপ্টাৰখন জুই লাগি যায়। যাৰ ফলত ৪টা মৃতদেহ সম্পূৰ্ণৰূপে অগ্নিগদ্ধ হৈ যায়।
ঘানাৰ ৰাষ্ট্ৰপতিৰ ছীফ অৱ ষ্টাফৰ মতে, বুধবাৰে দক্ষিণ আশান্তী অঞ্চলত সেনাৰ এখন হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হয়। এই হেলিকপ্টাৰতে প্ৰতিৰক্ষা মন্ত্ৰী এডৱাৰ্ড ওমান বোৱামাহ আৰু পৰিৱেশ মন্ত্ৰী ইব্ৰাহিম মুৰ্তলা মহম্মদ আছিল। যাৰ ফলত তেওঁলোকৰ মৃত্যু হয়। ইয়াৰোপৰি হেলিকপ্টাৰখনত তিনিজন নেতা আৰু তিনিজন ক্ৰু মেম্বাৰ আছিল। জানিব পৰা মতে, ঘানাৰ ৰাজধানী আক্ৰাৰ পৰা দক্ষিণ ঘানাৰ ওবুয়াছি চহৰলৈ গৈ আছিল হেলিকপ্টাৰখন। কিন্তু তেতিয়াই ই দুৰ্ঘটনাত পতিত হয়।
ঘানা সশস্ত্ৰ বাহিনীৰ মতে, হেলিকপ্টাৰখনে ৰাজধানী আক্ৰাৰ পৰা পুৱা ৯:১২ বজাত উৰা মাৰে। কিন্তু কিছুসময় পাছতে হেলিকপ্টাৰখনৰ সৈতে সংযোগ হেৰুৱাই পেলায়। এক ভিডিঅ’যোগে মুখ্য কৰ্মচাৰী জুলিয়াছ ডেব্ৰাহে কয় যে এয়া অতি শোকাবহ ঘটনা। তেওঁ কয় যে, মৃতসকলৰ শোকত জাতীয় পতাকা অৰ্ধনমিত কৰা হ’ব।
প্ৰতিৰক্ষা মন্ত্ৰী এডৱাৰ্ড ওমান আৰু পৰিৱেশ মন্ত্ৰী ইব্ৰাহিম মুৰ্তালাৰ লগতে নিহত হোৱা আনসকল হ’ল-ঘানাৰ ভাৰপ্ৰাপ্ত উপ-ৰাষ্ট্ৰীয় নিৰাপত্তা সমন্বয়ক আলহাজী মহম্মদ, ৰাষ্ট্ৰীয় ডেম’ক্ৰেটিক কংগ্ৰেছৰ উপ-সভাপতি চেমুৱেল ছাৰপং আৰু প্ৰাক্তন সংসদীয় প্ৰাৰ্থী চেমুৱেল আবোৱাগিয়। ইয়াৰোপিৰ ক্ৰুৰ সদস্য কেইজন আছিল- স্কোয়াড্ৰনৰ লীডাৰ পিটাৰ বাফেমি আনালা, ফ্লাইং অফিচাৰ মেলিন ট্ৰেভাম আম্পাডু আৰু চাৰ্জেণ্ট আৰ্নেষ্ট আড্ডো মেনছাহ।
অন্য খবৰ পঢ়কঃ ভাৰতৰ ওপৰত অতিৰিক্ত ২৫%শুল্ক আৰোপ আমেৰিকাৰ, প্ৰতিক্ৰিয়া প্ৰকাশ বিদেশ মন্ত্ৰালয়ৰ…