শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
Video: চিলিণ্ডাৰত কিমান গেছ বাকী আছে কেনেকৈ জানিব?

Video: চিলিণ্ডাৰত কিমান গেছ বাকী আছে কেনেকৈ জানিব?

barasha-misra
Barasha Misra | Published: 06 Aug 2025 21:32 PM

প্ৰথমে কাপোৰ এখন তিয়াই লওক। সেই তিতা কাপোৰখন চিলিণ্ডাৰটোৰ চাৰিওফালে মেৰিয়াই দিয়ক। পাঁচ মিনিটৰ পিছত সেই কাপোৰখন আঁতৰাই দিব। এইবাৰ চিলিণ্ডাৰটোলৈ মন দিয়ক।

খাদ্য প্ৰস্তুতৰ সময়ত গেছ শেষ! এয়া এক ডাঙৰ সমস্যা।  চিলিণ্ডাৰত কিমান গেছ বাকী আছে সেয়া সঠিকভাৱে কোৱা টান। যিসকলৰ ঘৰত দুটা চিলিণ্ডাৰ আছে তেওঁলোকৰ সমস্যা কম। যদি আপোনাৰ এটা চিলিণ্ডাৰ থাকে, তেন্তে কি কৰিব? কেতিয়াবা খাদ্য ৰান্ধি থকা সময়ত আধাতে গেছ শেষ হৈ যায়, গতিকে আপোনাৰ সমস্যা দূৰ কৰিবলৈ কেইটামান উপায় লৈ আহিছো।

প্ৰথমে কাপোৰ এখন তিয়াই লওক। সেই তিতা কাপোৰখন চিলিণ্ডাৰটোৰ চাৰিওফালে মেৰিয়াই দিয়ক। পাঁচ মিনিটৰ পিছত সেই কাপোৰখন আঁতৰাই দিব। এইবাৰ চিলিণ্ডাৰটোলৈ মন দিয়ক। আপুনি গম পাব যে যিটো অংশ শুকাই গৈছে, তাত গেছ নাথাকে। অৰ্থাৎ চিলিণ্ডাৰৰ যি অংশ তিতি যায় তাত গেছ থাকিব। এইদৰে আপুনি ইয়াক কিমান দিন ব্যৱহাৰ কৰিব পৰা যাব সেয়া সহজেই অনুমান কৰিব পাৰিব।

ইয়াৰ আঁৰত আছে বৈজ্ঞানিক কাৰণ। ৰন্ধন গেছ বা LPG ঠাণ্ডা হয়। ফলত চিলিণ্ডাৰৰ যি অংশত গেছ থাকে, সেই অংশই পানী শোষণ কৰে।

ইয়াৰ উপৰিও বহুকেইটা উপায় দিয়া হৈছে, সবিশেষৰ বাবে চাওক এই ভিডিঅ’…

Disclaimer: এই প্ৰতিবেদন কেৱল তথ্যৰ বাবেহে। যদি আপোনাৰ কিবা প্ৰশ্ন বা সমস্যা আছে তেন্তে বিশেষজ্ঞৰ পৰামৰ্শ লওক।