শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

অভেলৰ স্মৰণীয় প্ৰদৰ্শনৰ পিছতে উপাৰ্জন বৃদ্ধি পালে চিৰাজৰ উপাৰ্জনঃ বিচিচিআইৰ পৰা পাব ইমান ধন

সাধাৰণতে ভাৰতত মেচৰ শ্ৰেষ্ঠ খেলুৱৈগৰাকীক ট্ৰফীৰ লগতে ধনৰ চেক প্ৰদান কৰা হয় যদিও ইংলেণ্ডত প্লেয়াৰ অৱ দ্য মেচৰ বাবে ধন দিয়াৰ কোনো নিয়ম নাই। গতিকে এই মেচত শ্ৰেষ্ঠ খেলুৱৈৰ বাবদ ধন লাভ কৰা নাছিল চিৰাজে। অৱশ্যে এই প্ৰদৰ্শনৰ সুবাদত চিৰাজে বিচিচিআইৰ পৰা লাভ কৰিব পুৰস্কাৰ।

monjit-dutta
Monjit Dutta | Published: 05 Aug 2025 08:00 AM
ইংলেণ্ডৰ বিপক্ষে অভেল টেষ্টত কালি ৬ ৰানত স্মৰণীয় বিজয় সাব্যস্ত কৰে ভাৰতীয় দলে। ভাৰতৰ এই জয়ৰ প্ৰধান নায়ক হিচাপে পৰিগণিত হয় মহম্মদ চিৰাজ। দ্বিতীয় ইনিংছত ৫টা উইকেটসহ মেচখনত চিৰাজে মুঠ ৯টা উইকেট দখল কৰে। তেওঁৰ এনে প্ৰদৰ্শনৰ সুবাদতে অভেলত প্ৰায় অসম্ভৱক সম্ভৱ কৰি তোলে ভাৰতে।

1 / 5
চিৰাজে কেৱল অভাল টেষ্টত নিজৰ যাদুকৰী বলিং প্ৰদৰ্শন কৰাই নহয়, ২৩টা উইকেট দখলেৰে সমগ্ৰ শৃংখলাটোত সৰ্বাধিক উইকেট দখলকাৰী হিচাপেও পৰিগণিত হয়। শৃংখলাৰ আটাইকেইখন মেচতে অংশ লোৱা ভাৰতৰ একমাত্ৰ পেচাৰ আছিল চিৰাজ। ইংলেণ্ডৰ বেটিং আক্ৰমণক শলঠেকত পেলাই চিৰাজে শৃংখলা ড্ৰ’ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

2 / 5
অ’ভাল টেষ্টত স্মৰণীয় প্ৰদৰ্শনৰ বাবে মহম্মদ চিৰাজক প্লেয়াৰ অৱ দ্য মেচৰ বঁটা প্ৰদান কৰা হয়। সাধাৰণতে ভাৰতত মেচৰ শ্ৰেষ্ঠ খেলুৱৈগৰাকীক ট্ৰফীৰ লগতে ধনৰ চেক প্ৰদান কৰা হয় যদিও ইংলেণ্ডত প্লেয়াৰ অৱ দ্য মেচৰ বাবে ধন দিয়াৰ কোনো নিয়ম নাই। গতিকে এই মেচত শ্ৰেষ্ঠ খেলুৱৈৰ বাবদ ধন লাভ কৰা নাছিল চিৰাজে।

3 / 5
অৱশ্যে এই প্ৰদৰ্শনৰ সুবাদত চিৰাজে বিচিচিআইৰ পৰা লাভ কৰিব পুৰস্কাৰ। বিচিচিআইয়ে প্ৰতিখন টেষ্টৰ বাবে মূল একাদশত থকা খেলুৱৈসকলক ১৫ লাখ টকাৰ মেচ মাচুল আদায় দিয়ে। চিৰাজে অভেল টেষ্টৰ বাবে এই ধনৰাশি লাভ কৰাৰ সমান্তৰালকৈ বিচিচিআইৰ পৰা অতিৰিক্ত ৫ লাখ টকাও লাভ কৰিব। ইয়াৰ আঁৰত আছে বিশেষ কাৰণ।

4 / 5
বিচিচিআইৰ এক বিশেষ নিয়ম আছে। এই নিয়ম অনুসৰি বলাৰ এগৰাকী যেতিয়া ইনিংছত ৫ বা তাতকৈ অধিক উইকেট লাভ কৰে, তেতিয়া তেওঁক মেচ মাচুলৰ লগতে ৫ লাখ টকাৰ বোনাছ দিয়া হয়। চিৰাজেও দ্বিতীয় ইনিংছত ৫টা উইকেট দখল কৰিছিল। সেই সূত্ৰে চিৰাজে এতিয়া এই বিশেষ পুৰস্কাৰৰ ধনৰাশি লাভ কৰিব।

5 / 5