ইংৰাজৰ ভূমিত অভেল টেষ্টৰ ঐতিহাসিক বিজয় উদযাপন নকৰিলে টীম ইণ্ডিয়াই, কিয় এই সিদ্ধান্ত?
ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হোৱা এণ্ডাৰছন-টেণ্ডুলকাৰ ট্ৰফীৰ অন্ত পৰিল। এই শৃংখলাৰ অন্তিমখন খেলত ভাৰতীয় দলটোৱে এক ঐতিহাসিক জয় লাভ কৰিছিল যদিও খেলখনৰ পাছত খেলুৱৈসকলে ইংলেণ্ডত উদযাপন নকৰাৰ সিদ্ধান্ত লয়।

ইংলেণ্ডৰ বিৰুদ্ধে অভেলত খেলা পঞ্চমখন টেষ্টত ৬ ৰানৰ ৰোমাঞ্চকৰ জয়েৰে এণ্ডাৰছন-টেণ্ডুলকাৰ ট্ৰফীত সমতা স্থাপন কৰে ভাৰতে । বিশেষকৈ ৰোহিত শৰ্মা আৰু বিৰাট কোহলীৰ দৰে প্ৰবীণ খেলুৱৈয়ে অৱসৰ লোৱাৰ সময়ত ভাৰতীয় ক্ৰিকেট দলৰ বাবে এই জয় এক ঐতিহাসিক মুহূৰ্ত আছিল। কিন্তু এই দৰ্শনীয় জয়ৰ পিছতো ভাৰতীয় খেলুৱৈসকলে অভেল টেষ্টৰ এই বিজয় ইংলেণ্ডত উদযাপন নকৰাৰ সিদ্ধান্ত লয়।
কিয় টীম ইণ্ডিয়াই জয় উদযাপন কৰা নাছিল?
৫ খনীয়া টেষ্টৰ এই শৃংখলাটো আছিল ভাৰতীয় দলৰ বাবে অতি প্ৰত্যাহ্বানজনক। যুৱ অধিনায়ক শুভমন গিলৰ নেতৃত্বত ভাৰতীয় দলটোৱে ইংলেণ্ডৰ দৰে শক্তিশালী দলৰ বিৰুদ্ধে উজ্জ্বল প্ৰদৰ্শন আগবঢ়ায়। টেষ্ট ধাৰাবাহিকখনৰ নাটকীয় অন্ত পৰাৰ পিছত ভাৰতীয় ড্ৰেছিং ৰুমত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হ’ব বুলি আশা কৰা হৈছিল। কিন্তু খেলুৱৈসকলে উদযাপনৰ পৰিৱৰ্তে জিৰণি আৰু পৰিয়ালৰ সৈতে সময় কটাবলৈ পছন্দ কৰিছিল। বিচিচিআইৰ এক সূত্ৰই পিটিআইক জনোৱা মতে, ‘যোৱা নিশা কোনো ডাঙৰ উদযাপন হোৱা নাছিল। এই ছিৰিজ দীঘলীয়া আৰু ক্লান্তিকৰ আছিল। খেলুৱৈসকলে অকলে বা পৰিয়ালৰ সৈতে সময় কটালে। বেছিভাগ খেলুৱৈয়ে এতিয়া ভাৰতলৈ উভতি আহিছে, আনহাতে কিছুমানে বাকী ঠাইত বন্ধৰ দিন উদযাপন কৰিবলৈ ওলাইছে।’
ইফালে শৃংখলা শেষ হোৱাৰ ২৪ ঘন্টা নৌহওঁতেই বহু খেলুৱৈ ঘৰলৈ ৰাওনা হৈছে। যোৱা টেষ্টত ৫টা উইকেট দখল কৰি ভাৰতৰ জয়ৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা মহম্মদ ছিৰাজে ডুবাই হৈ হায়দৰাবাদলৈ উৰা মাৰিব। মঙলবাৰে পুৱা বিমানযোগে যাত্ৰা কৰা খেলুৱৈসকলৰ ভিতৰত আৰ্ছদীপ সিং আৰু শাৰ্দুল ঠাকুৰও আছিল। ডুবাই পোৱাৰ পিছত নিজ নিজ গৃহ চহৰলৈ সংযোগী বিমান যাত্ৰা কৰিব খেলুৱৈসকলে।
বহু খেলুৱৈয়ে ভাৰতলৈ ঘূৰি অহাৰ পৰিৱৰ্তে ইংলেণ্ডত বিৰতি লোৱাৰ সিদ্ধান্ত লৈছে। ছিৰিজত এখনো মেচ খেলিব নোৱাৰা অৰ্শদীপ সিং আৰু প্ৰসিদ্ধ কৃষ্ণই যোৱা টেষ্টৰ পাছত লণ্ডনত পৰিয়ালৰ সৈতে সময় কটোৱা দেখা গৈছিল। এই ছিৰিজতো খেলাৰ সুযোগ নোপোৱা কুলদীপ যাদৱক ভাৰতীয় প্রাক্তন স্পিনাৰ পিযুষ চাওলাৰ সৈতে লণ্ডনত ৰোমিং কৰা দেখা গৈছিল৷