প্ৰধানমন্ত্ৰীৰ চীন ভ্ৰমণৰ সিদ্ধান্তৰ পৰা উত্তৰাখণ্ডৰ প্ৰলয়লৈ দিনটোৰ শীৰ্ষ খবৰ
চীন ভ্ৰমণৰ বাবে সাজু হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। আমেৰিকাৰ শুল্ক যুদ্ধৰ মাজতে মোদীৰ এই ভ্ৰমণ গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰা হৈছে।
১) শীঘ্ৰেই চীনলৈ যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। আমেৰিকাৰ সৈতে চলি থকা উত্তপ্ত পৰিস্থিতিৰ মাজত ই বিশেষ গুৰুত্ব বহন কৰিছে।
২) ভাৰতৰ বিৰুদ্ধে শুল্ক বৃদ্ধি কৰি গৈছে আমেৰিকাই। ৰাছিয়াৰ পাছত এইবাৰ ভাৰতৰ পক্ষত থিয়া দিছে ব্ৰাজিল।
৩. অসমত বন্দুকৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ বাবে মুকলি কৰা হ’ল প’ৰ্টেল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ জৰিয়তে জনাই এই কথা।
৪. তেজপুৰত অগ্নিদগ্ধ হৈ মহিলাক মৃত্যু। অভিযোগ অনুসৰি, মহিলাগৰাকীক স্বামীয়ে হত্যা কৰিছে।
৫. উত্তৰাখণ্ডৰ উত্তৰ কাশীৰত প্ৰকৃতিৰ ধ্বংসলীলা। ডাৱৰ বিস্ফোৰণৰ ফলত হোৱা বানপানী আৰু ভূমিস্খলনত মৃত্যু ৫ জনৰ আৰু সন্ধানহীন বহুতে।
৬. বুধবাৰে ‘মুখ্যমন্ত্ৰীৰ নিযুত মইনা- ২.০’ আঁচনিৰ প্ৰ-পত্ৰ বিতৰণৰ কাম শুভাৰম্ভ কৰে হিমন্ত বিশ্ব শৰ্মাই।
৭. ৰাছিয়াৰ পৰা আমেৰিকাই ৰাসায়নিক সাৰ, ইউৰেনিয়াম আদি আমদানি কৰে বুলি ভাৰতে তোলা অভিযোগৰ প্ৰত্যুত্তৰ দিছে ড’নাল্ড ট্ৰাম্পে। তেওঁ এই বিষয়ে একো নাজানে বুলি কয়।
৮. শীঘ্ৰে দৰ্শকৰ মাজলৈ আহিব ‘ককাদেউতা নাতি আৰু হাতী ২।
৯. অৱশেষত গ্ৰেপ্তাৰ হ’ল সৰুপথাৰৰ ম’ৰেল পুলিচিঙৰ ঘটনাত জড়িত দুই মূল অভিযুক্ত শশাংক শ্ৰেষ্ঠ আৰু ৰঞ্জিত শ্ৰেষ্ঠ।