6 AUG 2025
TV9 ASSAM
প্ৰতিখন দেশৰ মুদ্ৰাৰ মূল্যৰ মাজত পাৰ্থক্য থকা দেখা যায়। কোনো এখন দেশৰ মুদ্ৰাৰ মূল্য কৰবাত যদি কম হয় কোনো দেশত আকৌ বেছি হয়।
ভাৰতীয় মুদ্ৰাৰ মূল্যও কোনো দেশত কম আৰু কোনো দেশত অধিক হয়। আমেৰিকা আৰু ভাৰতৰ মুদ্ৰাৰ মূল্যৰ মাজত আছে ডাঙৰ পাৰ্থক্য।
আমেৰিকাৰ মুদ্ৰাক ইউনাইটেড ষ্টেট ডলাৰ (USD) বুলি কোৱা হয়। ইয়াক $ সাংকেতিক চিহ্নৰে লিখা হয়। বিশ্বত এই ডলাৰে আধিপত্য বিস্তাৰ কৰি থকা বুলি ক'ব পাৰি।
বৰ্তমান ভাৰত-আমেৰিকাৰ মাজত শুল্ক যুদ্ধ চলি আছে। ই ভাৰতৰ বাণিজ্যত বহু প্ৰভাৱ পেলাব বুলি শংকা কৰা হৈছে। কিয়নো এই দুই দেশৰ মুদ্ৰাত যথেষ্ঠ পাৰ্থক্য আছে।
ভাৰতৰ ১ টকাৰ মূল্য আমেৰিকাত O.O11 USD. গতিকে ইয়াৰ দ্বাৰা বুজিব পাৰি ভাৰত আমেৰিকাৰ মুদ্ৰাৰ মাজত পাৰ্থক্য।
ভাৰতৰ ১০০ টকাৰ মূল্য আমেৰিকাত ১.১৪ USD. আনহাতে আমেৰিকাৰ ১ ডলাৰৰ মূল্য ভাৰতত হয় ৮৭.৫৬ টকা। মাজে সময়ে কিছু পৰিমাণে এয়া কম বেছি হয়।
আমেৰিকাৰ মুদ্ৰা নিয়ন্ত্ৰণ কৰে ফেডাৰেল ৰিজাৰ্ভ চিষ্টেম(FED)য়ে। ই সংযুক্ত ৰাষ্ট্ৰ আমেৰিকাৰ কেন্দ্ৰীয় বেংক।
পঢ়িবলৈ ক্লিক কৰক