শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

অভেলত এই বঁটা গ্ৰহণ নকৰিলে মহম্মদ চিৰাজেঃ উপলব্ধ নহয় ভাৰতত, দাম শুনিলে হ’ব আচৰিত

অভেল টেষ্টত মেচৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে বিবেচিত হয় চিৰাজ। কিন্তু মেচৰ পিছত চিৰাজে শ্ৰেষ্ঠ খেলুৱৈৰ কেৱল পদক গ্ৰহণ কৰি লগত প্ৰদান কৰা এক বিশেষ বস্তু সেই স্থানতে এৰি থৈ যায়।

অভেলত এই বঁটা গ্ৰহণ নকৰিলে মহম্মদ চিৰাজেঃ উপলব্ধ নহয় ভাৰতত, দাম শুনিলে হ’ব আচৰিত
অভেল টেষ্টৰ মেচৰ শ্ৰেষ্ঠ মহম্মদ চিৰাজImage Credit source: Getty Images
monjit-dutta
Monjit Dutta | Published: 05 Aug 2025 11:32 AM

ড্ৰ ৰূপত অন্ত পৰিল ভাৰত আৰু ইংলেণ্ডৰ মাজৰ পাঁচখনীয়া মেচৰ টেষ্ট শৃংখলা কালি অভেল টেষ্টৰ অন্তিম দিনা দুৰন্ত প্ৰত্যাৱৰ্তনেৰে প্ৰায় অসম্ভৱক সম্ভৱ কৰি তুলি ৰানত ৰোমাঞ্চকৰ বিজয় সাব্যস্ত কৰে ভাৰতীয় দলে ভাৰতৰ এই জয়ৰ প্ৰধান খনিকৰ হৈ পৰে পেচাৰ মহম্মদ চিৰাজ টেষ্টৰ অন্তিম দিনা কালি অবিশ্বাস্য প্ৰদৰ্শনেৰে চিৰাজে ইংৰাজ বাহিনীৰ জয়ৰ পথ ৰুদ্ধ কৰি তিনিটাক উইকেট দখল কৰে আৰু নিজ দলক প্ৰদান কৰে আকাংক্ষিত বিজয়

অৱশ্যে কেৱল কালিৰ দিনটো বুলিয়েই নহয়, এই সমগ্ৰ শৃংখলাটোৱেই চিৰাজৰ কেৰিয়াৰত অনন্য কৃৰ্তী ৰূপে স্মৰণীয় হৈ ব।ধাৰাবাহিকতা, অদম্য মনোবলেৰে চিৰাজে লগতে ভাৰতীয় অনুৰাগীৰ বাবেই এই শৃংখলা কৰি তোলে চিৰস্মৰণীয় এই দ্বিপাক্ষিক টেষ্ট শৃংখলাত চিৰাজে সৰ্বাধিক ২৩টা উইকেট দখল কৰে

শৃংখলাৰ প্ৰতিখন মেচতে অংশ লোৱাৰ লগতে দলৰ প্ৰয়োজনীয়তাৰ স্বাৰ্থত ধাৰাবাহিকভাৱে বলিং কৰি চিৰাজে দেশৰ লগতে সমগ্ৰ ক্ৰিকেটপ্ৰেমীৰ মন জয় কৰেঅভেল টেষ্টত ইংলেণ্ডৰ দ্বিতীয় ইনিংছত ৫টা উইকেট দখল কৰাৰ লগতে প্ৰথম ইনিংছতো ৪টা উইকেটেৰে মুঠ ৯টা উইকেট দখল কৰে চিৰাজে

এনে প্ৰদৰ্শনৰ বাবে তেওঁ মেচৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে বিবেচিত হয় কিন্তু মেচৰ পিছত চিৰাজে শ্ৰেষ্ঠ খেলুৱৈৰ কেৱল পদক গ্ৰহণ কৰি লগত প্ৰদান কৰা এক বিশেষ বস্তু সেই স্থানতে এৰি থৈ যায়। মেচৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে চিৰাজক পদক লগত প্ৰদান কৰা হৈছিল চেম্পেইনৰ বটল। ইংলেণ্ড ক্ৰিকেট ব’ৰ্ডে প্ৰতিখন টেষ্ট মেচতে প্লেয়াৰ অৱ দ্য মেচৰ বঁটা বিজয়ীক পদকৰ লগতে চেম্পেইনৰ এটাকৈ বটল আগবঢ়ায়

কিন্তু চিৰাজে এই বটল গ্ৰহণ কৰা নাছিল ধৰ্মীয় বিশ্বাসৰ বাবেই চেম্পেইনৰ এই বটল গ্ৰহণৰ পৰা বিৰত আছিল চিৰাজইছলামত সুৰাক ‘হাৰাম’ বা অশুদ্ধ হিচাপে গণ্য কৰা হয় ক্ৰীড়াজগতত কোনো বঁটা বিতৰণী অনুষ্ঠানৰ সময়ত বহু মুছলমান খেলুৱৈ চেম্পেইন উদযাপনৰ পৰা আঁতৰি থকা পৰিলক্ষিত হয়। সেই ধৰ্মীয় বিশ্বাস অনুসৰণ কৰি চিৰাজেও চেম্পেইন গ্ৰহণ কৰা নাছিল।

চিৰাজে এৰি অহা এই বটলটো আছিল ব্ৰিটেইনৰ ব্ৰেণ্ড চেপেল ডাউন চেম্পেইনৰ বটললক্ষণীয়ভাৱে এই চেম্পেইন ভাৰতীয় ভাৰতৰ বজাৰত উপলব্ধ হোৱাৰ বিশেষ তথ্য নাই এই চেম্পেইনৰ মূল্য ভাৰতীয় টকাৰ হিচাপত ১৫,৪২৫ টকাৰ পৰা আৰম্ভ হয়। তথ্য অনুসৰি চেপেল ডাউন চেম্পেইন আঙুৰৰ পৰা প্ৰস্তুত কৰা হয়।