শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

এদিনীয়াৰ পৰাও অধিনায়কত্ব হেৰুৱাব নেকি ৰোহিত শৰ্মাই? গৌতম গম্ভীৰে দিলে এই ইংগিত…

টি-২০ৰ পাছত ৰোহিত শৰ্মাই টেষ্ট ক্ৰিকেটৰ পৰা বিদায় লৈছে। এতিয়া তেওঁৰ হাতত মাত্ৰ এদিনীয়া দলৰ অধিনায়কত্ব বাকী আছে। কিন্তু গৌতম গম্ভীৰৰ শেহতীয়া বক্তব্যৰ পিছত জল্পনা-কল্পনাৰ সৃষ্টি হৈছে যে এতিয়া ৰোহিতে এইতো হেৰুৱাব পাৰে।

এদিনীয়াৰ পৰাও অধিনায়কত্ব হেৰুৱাব নেকি ৰোহিত শৰ্মাই? গৌতম গম্ভীৰে দিলে এই ইংগিত…
এদিনীয়াৰ পৰাও অধিনায়কত্ব হেৰুৱাব নেকি ৰোহিত শৰ্মাই? Image Credit source: PTI
trishna-kalita
Trishna Kalita | Updated On: 24 May 2025 15:15 PM

শেহতীয়াকৈ টি-২০ৰ পাছত টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছে ৰোহিত শৰ্মাই। এতিয়া তেওঁৰ হাতত ভাৰতৰ এদিনীয়া দলৰ কমাণ্ড আছে। কিন্তু এতিয়া এইটোও যেন তাৰ হাতৰ পৰা পিছলি যাব। অৱশ্যে এতিয়াও ঘোষণা কৰা হোৱা নাই নতুন অধিনায়ক। এতিয়া টেষ্ট ক্ৰিকেটত টীম ইণ্ডিয়াক নেতৃত্ব দিব শুভমন গীলে। আনহাতে টি-২০ দলত আগবাঢ়ি আছে সূৰ্যকুমাৰ যাদৱ। এতিয়া ৰোহিতে টেষ্টৰ পৰা অৱসৰ লোৱাৰ পাছত টীম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰে পূৰ্বতকৈ অধিক ক্ষমতা লাভ কৰাৰ সম্ভাৱনা আছে। এনে পৰিস্থিতিত ৰোহিত শৰ্মাই হয়তো অধিনায়কত্ব ত্যাগ কৰিব লাগিব। আমি এই কথা কৈছো কাৰণ গম্ভীৰ শেহতীয়া বক্তব্যত সূক্ষ্ম ভাবে নিজৰ বাৰ্তা দিছে।

অধিনায়কত্বক লৈ গম্ভীৰৰ ডাঙৰ বক্তব্য

টীম ইণ্ডিয়াৰ অধিনায়কত্বৰ সন্দৰ্ভত গৌতম গম্ভীয়ে কয়, ‘কোনো প্ৰশিক্ষক হিচাপে মোক যদি সুধে, যদি সকলো ফৰ্মেটত মাত্ৰ এজন অধিনায়ক থাকে, তেন্তে এজন ব্যক্তিৰ সৈতে কাম কৰাটো ভাল।কিন্তু এনেকুৱা নহয়।আজিৰ সময়ত আপুনি বুজিব লাগিব যে কাকোৱে ১২ মাহৰ বাবে অধিনায়কত্ব দিব নোৱাৰি। আপুনি ১০ মাহ আন্তৰ্জাতিক ক্ৰিকেট আৰু ২ মাহ আই পি এল খেলে। এনে পৰিস্থিতিত টীম ইণ্ডিয়াৰ অধিনায়কে ফ্ৰেঞ্চাইজিৰ নেতৃত্ব দিব। ইয়াৰ ফলত সেই খেলুৱৈজনৰ মন আৰু খেলত অতি বেয়া প্ৰভাৱ পৰিব। গতিকে দুজন অধিনায়ক থকাটো ভাল। ইয়াৰ ফলত চাপ কমি যাব পাৰে।

এটা সাক্ষাৎকাৰৰ সময়ত গম্ভীৰক সোধা হৈছিল যে সকলো ফৰ্মেটৰ বাবে এজন খেলুৱৈক অধিনায়ক কৰাই ভাল নে বেলেগ বেলেগ দল আৰু ৩ জন বেলেগ বেলেগ অধিনায়ক থকা উচিত। ইয়াৰ উত্তৰত তেওঁ ৩ জনৰ পৰিৱৰ্তে ২ জন অধিনায়কৰ পৰামৰ্শ দিয়ে।কিন্তু টেষ্ট দলৰ অধিনায়কত্ব ঘোষণাৰ পিছত টীম ইণ্ডিয়াৰ বিভিন্ন ফৰ্মেটত ৩ জন অধিনায়ক থাকিব। যদি গম্ভীৰ দ্বিতীয় অধিনায়কক ভাল বুলি বিবেচনা কৰি এই দিশত কাম কৰে, তেন্তে ৰোহিতে যে অধিনায়ক পদ এৰিব লাগিব সেয়া স্পষ্ট। সংবাদ মাধ্যমৰ বাতৰিত পূৰ্বে দাবী কৰা মতে গম্ভীৰৰ হেঁচাত ৰোহিতে টেষ্টৰ পৰা আঁতৰি আহিবলগীয়া হৈছিল। অৱশ্যে এনে হ’ব নে নহয় সেয়া সময়েহে ক’ব।

২০২৭ চনৰ বিশ্বকাপ খেলিব নেকি ৰোহিত-বিৰাটে?

টেষ্ট আৰু টি-২০ৰ পৰা বিদায় লৈছে ৰোহিত শৰ্মা আৰু বিৰাট কোহলীয়ে। কিন্তু ভাৰতৰ হৈ এদিনীয়া মেচত তেওঁ এতিয়াও উপলব্ধ হ’ব। ২০২৭ চনৰ এদিনীয়া বিশ্বকাপত দুয়োগৰাকীয়ে খেলাৰ সম্ভাৱনাৰ বিষয়েও গম্ভীৰক সোধা হৈছিল। এই সন্দৰ্ভত গম্ভীৰে কয়, “চাওক, এতিয়াও বহু দূৰত। তাৰ আগতে আছে টি-২০ বিশ্বকাপ, যিটো এটা ডাঙৰ প্ৰতিযোগিতা আৰু ভাৰতত অনুষ্ঠিত হ’ব। গতিকে ইংলেণ্ড টেষ্ট শৃংখলাৰ পিছত সমগ্ৰ গুৰুত্ব সেইটোৱেই হ’ব। ২০২৭ চনৰ বিশ্বকাপলৈ এতিয়াও ডেৰ-দুবছৰ বাকী আছে। মই সদায় এটা কথা কৈ আহিছো – যদি আপুনি প্ৰদৰ্শন কৰি থাকে তেন্তে বয়স মাত্ৰ এটা সংখ্যা।” অৰ্থাৎ ২০২৭ চনৰ এদিনীয়া বিশ্বকাপৰ অংশ হ’ব নে নহয় সেয়া ৰোহিত আৰু বিৰাটৰ প্ৰদৰ্শনৰ ওপৰত নিৰ্ভৰ কৰে।