RCB vs SRH Live Score, IPL 2025: আকস্মিক ছন্দপতনেৰে মেচ হেৰুৱালে আৰচিবিয়েঃ দুৰন্ত প্ৰদৰ্শনেৰে সান্ত্বনাৰ জয় হায়দৰাবাদৰ
Royal Challengers Bengaluru vs Sunrisers Hyderabad Live Score in Assamese: ছানৰাইজাৰ্ছ হায়দৰাবাদৰ দুৰন্ত প্ৰত্যাৱৰ্তনৰ ফলত এক সবল স্থিতিত থকাৰ পিছতো ৪২ ৰানত পৰাস্ত হৈছে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু। এই পৰাজয়ৰ ফলত বাংগালুৰুৱে পইণ্ট তালিকাৰ শীৰ্ষস্থান দখলৰ সুযোগ হেৰুৱায়।

আই পি এল ২০২৫ৰ আজিৰ মেচত মুখামুখি হ’ব ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদ। লক্ষ্ণৌৰ একানা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব এই মেচখন। দুয়োটা দলেই আজি ছিজনত ১৩ সংখ্যক মেচ খেলিব। ইতিমধ্যে আৰচিবিয়ে ১৭ পইণ্ট সংগ্ৰহ কৰি প্লে’ অফত স্থান নিশ্চিত কৰাৰ বিপৰীতে হায়দৰাবাদে মাত্ৰ চাৰিখন মেচত জয়েৰে প্ৰতিযোগিতাৰ পৰা বিদায় লৈছে। গতিকে যোৱা বাৰৰ ৰাণাৰ্ছ আপ হায়দৰাবাদৰ বাবে আজিৰ মেচখন হ’ব একপ্ৰকাৰে জয়ী হৈ সন্মান ৰক্ষা কৰা যুঁজ। কিন্তু আৰচিবিৰ বাবে এই মেচখন অত্যন্ত গুৰুত্বপূৰ্ণ। এই মেচত জয়ী হ’লে আৰচিবিয়ে পইণ্ট তালিকাত শীৰ্ষস্থান দখল কৰাৰ লগতে প্ৰথম কোৱালিফায়াৰত খেলাৰ সুযোগো কিছু দৃঢ় কৰিব পাৰিব।
LIVE NEWS & UPDATES
-
৪২ ৰানত জয়ী হায়দৰাবাদ
জয়ৰ দিশত গতি কৰিও ইনিংছৰ মাজভাগত আকস্মিকভাৱে ছন্দপতন ঘটাৰ ফলত ৪২ ৰানত পৰাজয়ৰ সন্মুখীন হ’ল ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু। মেচখনত প্ৰাৰম্ভিক অৱস্থাত আৰচিবিৰ বেটিং বিক্ৰমত হায়দৰাবাদৰ বলিং শক্তি নিষ্প্ৰভ হৈছিল যদিও দুৰন্ত প্ৰত্যাৱৰ্তন ঘটায় আৰু দলটোক ১৮৯ ৰানত অল আউট কৰায়। এই পৰাজয়ৰ ফলত পইণ্ট তালিকাৰ শীৰ্ষস্থান দখলৰ সুযোগ হেৰুৱালে আৰচিবিয়ে।
-
ক্ৰুনালো উভতিল
একেটা অভাৰতে দ্বিতীয়টো উইকেট দখল কৰিছে অধিনায়ক পেট কামিন্সে। এইবাৰ তেওঁৰ চিকাৰ হৈছে ক্ৰুনাল পাণ্ডিয়া। ক্ৰুনালে সংগ্ৰহ কৰে ৮ ৰান।
-
অষ্টম উইকেট পতন
অধিনায়ক পেট কামিন্সে পতন ঘটাইছে বাংগালুৰুৰ ইনিংছৰ অষ্টমটো উইকেট। ভুৱনেশ্বৰ কুমাৰৰ উইকেট দখল কৰিছে কামিন্সে।
-
মালিঙ্গাৰ চিকাৰ হ’ল ডেভিড
এক সবল স্থিতিৰ পৰা ক্ৰমাৎ মেচ হেৰুৱাৰ দিশলৈ আগবাঢ়িছে আৰচিবি। দলটোৱে হেৰুৱাইছে অষ্টমটো উইকেট। এইবাৰ টিম ডেভিদৰ উইকেট দখল কৰিছে এশান মালিঙ্গাই।
-
জিতেশো আউট
ছন্দ উভতাই পাইছে হায়দৰাবাদে। মাত্ৰ ৫টা বলৰ ব্যৱধানত দলটোৱে হেৰুৱাইছে তিনিটাকৈ উইকেট। এইবাৰ জিতেশ শৰ্মাৰ উইকেট দখল কৰিছে উনাডকাটে। জিতেশৰ বেটৰ পৰা আহে ১৫টা বলত ২৪ ৰান।
-
দুই বলত দুই উইকেট
হঠাতে মেচৰ গতি সলনি কৰিছে এশান মালিঙ্গাই। প্ৰথমে পাটিদাৰক ৰান আউট কৰাৰ পিছত পৰৱৰ্তী বলতে শ্বেৰফানে ৰাডাৰফৰ্ডৰ উইকেট দখল কৰি মালিঙ্গাই আৰচিবিক বিপদৰ মুখলৈ ঠেলি দিছে।
-
পাটিদাৰ আউট
ৰানিং বিটুইন দ্য উইকেটত ভুল বুজাবুজিৰ ফলত ক্ৰীজ এৰিবলগা হৈছে ৰজত পাটিদাৰে। এশান মালিঙ্গাই এক ডাইৰেক্ট থ্ৰ’ৰে পাটিদাৰক পেভিলিয়নৰ পথ দেখুৱায়।
-
ছল্টৰ বিদায়
হায়দৰাবাদক গুৰুত্বপূৰ্ণ সফলতা দিছে অধিনায়ক পেট কামিন্সে। মাত্ৰ ৩২টা বলত ৪টা চাৰি আৰু ৫টা ছয়েৰে ৬২ ৰানৰ এক মাৰমুখী ইনিংছ খেলি বিদায় লৈছে ফিল ছল্টে।
-
মায়াংক ব্যৰ্থ
প্ৰতিযোগিতাৰ মাজতে হাতলৈ অহা সুযোগ গ্ৰহণত আজি ব্যৰ্থ হৈছে মায়াংক আগৰৱাল। মাত্ৰ ১১ ৰানৰ ব্যক্তিগত স্ক’ৰত নীতিশক বিদায় দিয়ে নীতিশ কুমাৰ ৰেড্ডীয়ে।
-
১০ অভাৰত সংগ্ৰহ ১১৮ ৰান
১০ অভাৰৰ সমাপ্তিলৈ আৰচিবিয়ে সংগ্ৰহ কৰিছে ১১৮ ৰান। বিস্ফোৰক বেটিঙেৰে মাত্ৰ ২৭টা বলতে সম্পূৰ্ণ কৰিছে নিজৰ অৰ্ধশতক।
-
কোহলীৰ বিদায়
ইম্পেক্ট চাবৰ ৰূপত খেলপথাৰত নমা হৰ্ষ ডুবেই নিজ স্পেলৰ প্ৰথম অভাৰতে হায়দৰাবাদক দিছে আকাংক্ষিত সফলতা। অভাৰৰ অন্তিমটো বলত তেওঁ বিদায় দিয়ে কোহলীক। মাত্ৰ ২৫টা বলত ৭টা চাৰি আৰু এটা ছয়েৰে কোহলীয়ে ৪৩ ৰানৰ অৱদান আগবঢ়ায়।
-
পাৱাৰ প্লে’ত সংগ্ৰহ ৭২ ৰান
প্ৰথম ছয় অভাৰত আৰচিবিয়ে কোনো উইকেট নেহেৰুৱাকৈ সংগ্ৰহ কৰিছে ৭২ ৰান। এই সময়ত ক্ৰীজত কোহলী ২২টা বলত ৪২ ৰান আৰু ছল্টে ১৫টা বলত ২০ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ আছে।
-
আৰচিবিৰো শক্তিশালী আৰম্ভণি
বৃহৎ লক্ষ্য অনুসৰণ কৰি আৰচিবিয়েও কৰিছে শক্তিশালী আৰম্ভণি। বিশেষকৈ কোহলীৰ আক্ৰমণাত্মক বেটিঙৰ সহায়ত ৩ অভাৰৰ সমাপ্তিত দলটোৱে ৩১ ৰান সংগ্ৰহ কৰিছে।
-
হায়দৰাবাদৰ সংগ্ৰহ ২৩১ ৰান
ইশান কিষাণৰ চমকপ্ৰদ বেটিঙৰ সহায়ত ২৩১ ৰানৰ এক শক্তিশালী স্ক’ৰ থিয় কৰাইছে হায়দৰাবাদে। কিষাণে মাত্ৰ ৪৮টা বলত ৭টা চাৰি আৰু ৫টা ছয়েৰে ৯৪ ৰানত অপৰাজিত থাকে। এইদৰে জয়ৰ বাবে ২৩২ ৰানৰ লক্ষ্য লাভ কৰিছে আৰচিবিয়ে।
-
২০০ পাৰ স্ক’ৰ
কিষাণৰ বেটিং বিক্ৰমৰ সহায়ত ১৭.৫ অভাৰত ২০০ ৰানৰ সীমা পাৰ হৈছে হায়দৰাবাদৰ স্ক’ৰ। ভুৱনেশ্বৰে কৰা অভাৰটোৰ পঞ্চম বলত কিষাণে কোবায় এটা বৃহৎ ছয়।
-
মনোহৰৰ বিদায়
আন এটা উইকেট দখল কৰিছে শ্বেৰফানে ৰাডাৰফৰ্ডে। তেওঁৰ বলত ছল্টৰ হাতত কেচ দি বিদায় লৈছে অভিনৱ মনোহৰে। মনোহৰৰ বেটৰ পৰা আহে ১১টা বলত ১২ ৰান।
-
নীতিশ ব্যৰ্থ
ছিজনত ব্যৰ্থতাৰ ধাৰা অব্যাহত ৰাখি আজিও মাত্ৰ ৪ ৰান সংগ্ৰহ কৰিয়েই বিদায় লৈছে নীতিশ কুমাৰ ৰেড্ডীয়ে। তেওঁৰ উইকেট দখল কৰে শ্বেৰফানে ৰাডাৰফৰ্ডে।
-
ঈশানৰ অৰ্ধশতক
অৰ্ধশতক সম্পূৰ্ণ কৰিছে ঈশান কিষাণে। আৰম্ভণিৰ পৰাই আক্ৰমণাত্মক শৈলী গ্ৰহণ কৰা কিষাণে ২৮টা বলত ৪টা চাৰি আৰু ২টা ছয়েৰে অৰ্ধশতক সম্পূৰ্ণ কৰিছে।
-
অনিকেতৰ বিদায়
আক্ৰমণাত্মক বেটিঙেৰে হায়দৰাবাদৰ ইনিংছত গতি প্ৰদান কৰা অনিকেত বাৰ্মাক বিদায় দিছে ক্ৰুনাল পাণ্ডিয়াই। অনিকেতে মাত্ৰ ৯টা বলতে এটা চাৰি আৰু ৩টা ছয়েৰে ২৬ ৰান সংগ্ৰহ কৰে।
-
ক্লাছেনক বিদায় দিলে সুয়শে
স্ক’ৰবৰ্ডত শতক পাৰ হোৱাৰ পিছতে তৃতীয় আঘাতৰ সন্মুখীন হৈছে হায়দৰাবাদ। এইবাৰ ক্লাছেনক বিদায় দিছে সুয়শ শৰ্মাই। ক্লাছেনে ১৩টা বলত দুটাকৈ চাৰি আৰু ছয়েৰে ২৪ ৰান সংগ্ৰহ কৰি ক্ৰীজ এৰে।
-
বিদায় ল’লে হেডেও
মাত্ৰ ৩টা বলৰ ভিতৰত পেভিলিয়নলৈ উভতিছে হায়দৰাবাদৰ দুই অপেনাৰ। চতুৰ্থ অভাৰৰ অন্তিমটো বলত অভিষেকৰ বিদায়ৰ পিছত পঞ্চম অভাৰৰ দ্বিতীয় বলত হেডৰ (১০ বলত ১৭ ৰান) উইকেট দখল কৰিছে ভুৱনেশ্বৰ কুমাৰে।
-
অভিষেকৰ বিদায়
এক খৰচী অভাৰ কৰিলেও অন্তিম বলত লুংগি এনগিডিয়ে দলক দিছে গুৰুত্বপূৰ্ণ সফলতা। অভিষেকক বিদায় দি এনগিডিয়ে হায়দৰাবাদৰ বিস্ফোৰক অপেনিং যুটি ভংগ কৰিছে। ১৭টা বলত ৩টাকৈ ছয় আৰু চাৰিৰে ৩৪ ৰান সংগ্ৰহ কৰে অভিষেকে।
-
স্ক’ৰবৰ্ডত ৫০ ৰান
আক্ৰমণাত্মক শৈলী অব্যাহত ৰাখি মাত্ৰ ৩.৩ অভাৰতে দলৰ স্ক’ৰবৰ্ডত ৫০ ৰান সম্পূৰ্ণ কৰিছে অভিষেক আৰু হেডে। এটা ছয় কোবাই অভিষেকে দলৰ স্ক’ৰ ৫০লৈ নিয়ে।
-
শক্তিশালী আৰম্ভণি হায়দৰাবাদৰ
প্ৰত্যাশিতভাৱেই আক্ৰমণাত্মক আৰম্ভণি ঘটাইছে ট্ৰেভিছ হেড আৰু অভিষেক শৰ্মাই। দুয়ো এইপৰ্যন্ত মাত্ৰ ২.২ অভাৰতে যোগ দিছে ৩২ ৰান।
-
ক্ৰীজত হেড-অভিষেক
কেইখনমান মেচত অনুপস্থিতিৰ পিছত হায়দৰাবাদৰ হৈ আজি পুনৰ অভিষেক শৰ্মাৰ সৈতে ইনিংছ আৰম্ভ কৰিছে ট্ৰেভিছ হেডে। আনহাতে আৰচিবিৰ হৈ বলিং আৰম্ভ কৰিছে য়শ দয়ালে।
-
ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ মূল একাদশ
ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ জাৰ্চিত আজি দেখা যাব মায়াংক যাদৱক। দলৰ মূল একাদশ হ’ব এনেধৰণৰ- ফিল ছল্ট, বিৰাট কোহলী, মায়াংক আগৰৱাল, জিতেশ শৰ্মা (অধিনায়ক), টিম ডেভিড, ৰোমাৰিঅ’ শ্বেফাৰ্ড, ক্ৰুনাল পাণ্ডিয়া, ভুৱনেশ্বৰ কুমাৰ, যশ দয়াল, লুংগি এনগিদি, সুয়শ শৰ্মা।
-
ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মূল একাদশ
আজিৰ মেচত প্ৰত্যাৱৰ্তন ঘটাইছে ট্ৰেভিছ হেডে। ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মূল একাদশ হ’ব এনেধৰণৰ- অভিষেক শৰ্মা, ট্ৰেভিছ হেড, ঈশান কিষাণ, নীতিশ কুমাৰ ৰেড্ডী, হেনৰিখ ক্লাচেন, অনিকেত বাৰ্মা, অভিনৱ মনোহৰ, পেট কামিন্স (অধিনায়ক), হৰ্ষল পেটেল, জয়দেৱ উনাডকাট, এশান মালিংগা।
-
প্ৰথমে বলিং কৰিব বাংগালুৰুৱে
ৰজত পাটিদাৰৰ অনুপস্থিতিত আৰচিবিৰ অধিনায়কৰ দায়িত্ব পালন কৰিব জিতেশ শৰ্মাই। ইতিমধ্যে টছত জয়ী হৈ জিতেশে প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
Published On - May 23,2025 6:58 PM