শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

“শংকৰজ্যোতিৰ গ্ৰেপ্তাৰকলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ প্ৰয়োজনীয়তা অনুভৱ নকৰে আছুৱে”, মৌনতা ভংগ কৰি কি ক’লে আছুৰ নেতৃত্বই ?

শংকৰজ্যোতি বৰুৱাৰ গ্ৰেপ্তাৰক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ কোনো যুক্তি-যুক্ততা নাই বুলিয়ে এক প্ৰকাৰে স্পষ্ট কৰি দিছে আছুৰ শীৰ্ষ নেতৃত্বই । সংগঠনটোৰ সভাপতি উৎপল শৰ্মাই কয় যে, বিয়াৰ প্ৰলোভনেৰে যৌন শোষণ চলোৱাৰ অভিযোগত অভিযুক্তৰ সন্দৰ্ভত আছুৰ কোনো স্থিতি থাকিব নোৱাৰে ।

“শংকৰজ্যোতিৰ গ্ৰেপ্তাৰকলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ প্ৰয়োজনীয়তা অনুভৱ নকৰে আছুৱে”, মৌনতা ভংগ কৰি কি ক’লে আছুৰ নেতৃত্বই ?
manas-borah
Manas Borah | Published: 24 May 2025 17:29 PM

সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা । অভিযোগ অনুসৰি, শেহতীয়াকৈ দুলীয়াজানৰ এটা পেট্ৰ’ল পাম্পত তিনিটা ফৈদৰ মাজত হোৱাৰ সংঘাতৰ ফলস্বৰূপে গ্ৰেপ্তাৰ হৈছিল শংকৰজ্যোতি বৰুৱা । ইয়াৰ পাছতে আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদকগৰাকীক গ্ৰেপ্তাৰক লৈ সৰ্বত্ৰে চৰ্চা আৰু প্ৰতিক্ৰিয়া সৃষ্টি হয় । বিশেষকৈ শংকৰজ্যোতি বৰুৱাক হেণ্ডকাফ লগাই ডিব্ৰুগড় আৰক্ষীয়ে আদালতলৈ নিয়াৰ কাৰ্যক অধিকাংশই সহজভাৱে ল’ব পৰা নাছিল । ইয়াৰ মাজতে প্ৰশ্ন উত্থাপন হৈছিল যে, আছুৱে প্ৰাক্তন ছাত্ৰ নেতাগৰাকীক লৈ কিয় এতিয়াও প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই ?

কিন্তু সেই মৌনতা ভংগ কৰিছে আছুৱে । কেৱল মৌনতা ভংগ কৰাই নহয় শংকৰজ্যোতি বৰুৱাৰ গ্ৰেপ্তাৰক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ কোনো যুক্তি-যুক্ততা নাই বুলিয়ে এক প্ৰকাৰে স্পষ্ট কৰি দিছে আছুৰ শীৰ্ষ নেতৃত্বই । সংগঠনটোৰ সভাপতি উৎপল শৰ্মাই কয় যে, বিয়াৰ প্ৰলোভনেৰে যৌন শোষণ চলোৱাৰ অভিযোগত অভিযুক্তৰ সন্দৰ্ভত আছুৰ কোনো স্থিতি থাকিব নোৱাৰে ।

তেওঁ কয়, “বিয়াৰ প্ৰলোভনেৰে যৌন শোষণ চলোৱাৰ অভিযোগত অভিযুক্ত হৈ ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা বহিষ্কাৰ হোৱাৰ ভয়ত এটা সময়ত পলাই থাকিবলগীয়া হৈছিল শংকৰজ্যোতি বৰুৱা । এনেধৰণৰ অভিযোগত অভিযুক্ত এগৰাকী যুৱকলৈ ছাত্ৰ সন্থাৰ স্থিতি থকাৰ কোনো প্ৰশ্নই নাথাকে আৰু তেনে অভিযুক্তৰ পক্ষত ছাত্ৰ সন্থাৰ স্থিতি থাকিব বুলি আশা কৰাটো ভুল ।”

“সেই যুৱতীগৰাকী এতিয়াও আছুত আছে । ন্যায় বিচাৰি এতিয়া তেওঁ ছাত্ৰ সন্থাৰ মজিয়াৰ মাত মাতি আছে । ন্যায় বিচাৰি আদালতৰ দুৱাৰে-দুৱাৰে ঘূৰি ফুৰিছে যুৱতীগৰাকী।” সাংবাদিকৰ আগত এইদৰে কয় আছুৰ সভাপতিগৰাকীয়ে । ইফালে শংকৰজ্যোতি বৰুৱাক আৰক্ষীয়ে হেণ্ডকাফ লগাই আদালতলৈ নিয়াৰ প্ৰসংগত সংগঠনটোৰ সভাপতি গৰাকীয়ে কয় যে, “আপোনালোকে হেণ্ডকাফ দেখিছে আৰু আমাৰ সেই ছিপজৰীডাললৈ মনত পৰিছে।”

উল্লেখ্য যে, অলপতে দুলীয়াজানৰ বি.এন.সিং নামৰ এটা পেট্ৰ’ল পাম্পক কেন্দ্ৰ কৰি তিনিটা ফৈদৰ মাজত উত্তেজনা সৃষ্টি হৈছিল । য’ত মাৰপিটৰ দৰে ঘটনা সংঘটিত হোৱাৰো অভিযোগ উত্থাপন হৈছিল । এই ঘটনাক কেন্দ্ৰ কৰিয়ে শংকৰজ্যোতি বৰুৱাক গ্ৰেপ্তাৰ কৰিছিল ডিব্ৰুগড় আৰক্ষীয়ে । যিটো ঘটনাক লৈ এতিয়াও ৰাইজৰ মাজত চৰ্চা অব্যাহত আছে । মনকৰিলগীয়া যে, শংকৰজ্যোতিকলৈ শেহতীয়াকৈ আছুৱে যি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সেয়া অসমৰ ৰাইজে কেনেদৰে লয় সেয়া হ’ব লক্ষ্যনীয় ।