শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

PBKS vs DC Live Score, IPL 2025: পঞ্জাৱৰ বিৰুদ্ধে ৬ উইকেটত জয়ী দিল্লী কেপিটেলছ…

Punjab Kings vs Delhi Capitals Live Score in Assamese: আই পি এলত আজিৰ মেচৰ দুই প্ৰতিদ্বন্দী দলৰ ভিতৰত পঞ্জাৱ কিংছে ইতিমধ্যে প্ৰতিযোগিতাৰ প্লে’ অফত স্থান নিশ্চিত কৰাৰ বিপৰীতে দিল্লী কেপিটেলছে ইতিমধ্যেই অভিযান সামৰিছে। সেই দিশৰ পৰা মেচখনৰ আকৰ্ষণ কিছু কম যদিও পঞ্জাৱৰ বাবে এই মেচৰ গুৰুত্ব আছে। কিয়নো আজিৰ মেচত জয়ী হ’লেই পঞ্জাৱ পইণ্ট তালিকাৰ শীৰ্ষস্থানলৈ উন্নীত হ’ব।

monjit-dutta
Monjit Dutta | Updated On: 24 May 2025 23:26 PM
PBKS vs DC Live Score, IPL 2025: পঞ্জাৱৰ বিৰুদ্ধে ৬ উইকেটত জয়ী দিল্লী কেপিটেলছ…
আই পি এলত আজি পঞ্জাৱ বনাম দিল্লী

আই পি এলৰ আজিৰ মেচত মুখামুখি হ’ব পঞ্জাৱ কিংছ আৰু দিল্লী কেপিটেলছ। জয়পুৰৰ ছাৱাই মানসিং ষ্টেডিয়ামত অনুষ্ঠিত হ’ব এই মেচখন। দুই প্ৰতিদ্বন্দী দলৰ ভিতৰত পঞ্জাৱ কিংছে ইতিমধ্যে প্ৰতিযোগিতাৰ প্লে’ অফত স্থান নিশ্চিত কৰাৰ বিপৰীতে দিল্লী কেপিটেলছে ইতিমধ্যেই অভিযান সামৰিছে। সেই দিশৰ পৰা মেচখনৰ আকৰ্ষণ কিছু কম যদিও পঞ্জাৱৰ বাবে এই মেচৰ গুৰুত্ব আছে। কিয়নো আজিৰ মেচত জয়ী হ’লেই পঞ্জাৱ পইণ্ট তালিকাৰ শীৰ্ষস্থানলৈ উন্নীত হ’ব। ইয়াৰ দ্বাৰা দলটোৱে প্ৰথমখন কোৱালিফায়াৰত প্ৰতিদ্বন্দিতা কৰাৰ সুযোগ লাভ কৰিব। ইফালে আজি এই ছিজনত অন্তিম মেচ খেলিব দিল্লীয়ে। শক্তিশালী আৰম্ভণিৰ পিছতো দলটোৱে প্ৰতিযোগিতাৰ পৰা বিদায় লৈছে। তথাপি আজি জয়েৰে ছিজনৰ অন্ত পেলাব বিচাৰিব দিল্লী কেপিটেলছে।

LIVE NEWS & UPDATES

The liveblog has ended.
  • 24 May 2025 11:25 PM (IST)

    ৬ উইকেটত জয় লাভ কৰে দিল্লী কেপিটেলছে

    পঞ্জাৱৰ বিৰুদ্ধে ৬ উইকেটত জয় লাভ কৰে দিল্লী কেপিটেলছে । পঞ্জাৱে ২০ অভাৰত ৮ টা উইকেট হেৰুৱাই ২০৭ ৰানৰ লক্ষ্য বান্ধি দিছিল দিল্লীক । দিল্লীয়ে ১৯.৩ অভাৰত ৪ টা উইকেট হেৰুৱাই ২০৮ ৰান সংগ্ৰহ কৰে ।

  • 24 May 2025 11:22 PM (IST)

    ৫ টা বলত ৬ ৰানৰ প্ৰয়োজন

    দিল্লীক জয়ৰ বাবে ৫ টা বলত ৬ ৰানৰ প্ৰয়োজন । বলিঙত মাৰ্কাছ ষ্টয়নিছ । ষ্টাইকত ট্ৰিষ্টান ষ্টাবছ  ।

  • 24 May 2025 11:19 PM (IST)

    ৬ টা বলত ৮ ৰানৰ প্ৰয়োজন

    দিল্লীক জয়ৰ বাবে ৬ টা বলত ৮ ৰানৰ প্ৰয়োজন । হাতত এতিয়া ৬ উইকেট বাকী আছে ।

  • 24 May 2025 10:35 PM (IST)

    অটলৰো বিদায়

    দিল্লীয়ে হেৰুৱাইছে তৃতীয়টো উইকেট। এইবাৰ ছেদিকুল্লাহ অটলক বিদায় দিছে প্ৰবীণ ডুবেই। অটলে ১৬টা বলত ২২ ৰানৰ অৱদান আগবঢ়ায়।

  • 24 May 2025 10:17 PM (IST)

    প্লেচিছো আউট

    পেভিলিয়নলৈ উভতিছে দিল্লীৰ দুই অপেনাৰ। এইবাৰ প্লেচিছক বিদায় দিছে হৰপ্ৰীত ব্ৰাৰে। প্লেচিছে ১৫টা বলত দুটা চাৰি আৰু এটা ছয়েৰে ২৩ ৰান সংগ্ৰহ কৰে।

  • 24 May 2025 10:12 PM (IST)

    ৰাহুলৰ বিদায়

    এক শক্তিশালী আৰম্ভণি প্ৰদান কৰাৰ পিছতে বিদায় লৈছে ৰাহুলে। মাৰ্কো জেনচেনৰ বলত বিদায় লোৱা ৰাহুলে ২১টা বলত ৩৫ ৰান সংগ্ৰহ কৰিছে।

  • 24 May 2025 10:09 PM (IST)

    দিল্লীৰ ইনিংছত ৫০ ৰান

    আক্ৰমণাত্মক আৰম্ভণি কৰিছে কে এল ৰাহুল আৰু প্লেচিছে। দুয়ো মাত্ৰ ৫ অভাৰতে দলৰ স্ক’ৰ ৫০ ৰানৰ পাৰ কৰাইছে।

  • 24 May 2025 09:50 PM (IST)

    প্ৰথম অভাৰত সংগ্ৰহ ৭ ৰান

    দুই অভিজ্ঞ অপেনাৰ ৰাহুল আৰু প্লেচিছে দৈৰ্যশীল বেটিঙেৰে আৰম্ভ কৰিছে দিল্লীৰ ইনিংছ। দুয়ো প্ৰথম অভাৰত সংগ্ৰহ কৰিছে ৭ ৰান।

  • 24 May 2025 09:32 PM (IST)

    দিল্লীৰ সমুখত ২০৭ ৰানৰ লক্ষ্য

    ইনিংছৰ শেষলৈ মাৰ্কাচ ষ্ট’ইনিচে খৰতকীয়া সংগ্ৰহ কৰা ৪৪ ৰানৰ ইনিংছৰ সহায়ত ২০৬ ৰানৰ স্ক’ৰ থিয় কৰাইছে পঞ্জাৱে। ষ্ট’ইনিচে মাত্ৰ ১৬টা বলত ৩টা চাৰি আৰু ৪টা ছয়েৰে এই ইনিংছটো সজায়। এইদৰে ছিজনত নিজৰ অন্তিম মেচত জয়ৰ বাবে ২০৭ ৰানৰ লক্ষ্য লাভ কৰিছে দিল্লীয়ে।

  • 24 May 2025 09:27 PM (IST)

    জেনচেন আউট

    অন্তিম অভাৰত মুস্তাফিজুৰে দেখুৱাইছে চমক। প্ৰথম ৩টা বলত মাত্ৰ ১ ৰান খৰচ কৰি তেওঁ দখল কৰিছে মাৰ্কো জেনচেনৰ উইকেট।

  • 24 May 2025 09:16 PM (IST)

    ওমৰজাই ব্যৰ্থ

    আয়াৰৰ পিছতে একেটা অভাৰতে ওমৰজাইকো বিদায় দি দ্বিতীয়টো সাফল্য লাভ কৰিছে কুলদীপ যাদৱে। ওমৰজাইৰ বেটৰ পৰা আহে মাত্ৰ ১ ৰান।

  • 24 May 2025 09:14 PM (IST)

    আয়াৰক বিদায় দিলে কুলদীপে

    মাৰ্কাচ ষ্ট’ইনিছে তুলি দিয়া এটা সহজ কেচ আয়ত্ব কৰাত বিফল হ’লেও পৰৱৰ্তী বলতে আয়াৰৰ কেচ আয়ত্ব কৰি ভুলৰ শুধৰণি কৰিছে মোহিত শৰ্মাই। কুলদীপৰ বলত আউট হোৱা আয়াৰে ৩৪টা বলত ৫টা চাৰি আৰু ২টা ছয়েৰে ৫৩ ৰান সংগ্ৰহ কৰে।

  • 24 May 2025 09:10 PM (IST)

    আয়াৰৰ অৰ্ধশতক

    দলক সমুখৰ পৰা নেতৃত্ব দি অৰ্ধশতক অৰ্জন কৰিছে শ্ৰেয়স আয়াৰে। মুকেশৰ বলত এটা চাৰি কোবাই আয়াৰে ৩৩টা বলত নিজৰ অৰ্ধশতক সম্পূৰ্ণ কৰে।

  • 24 May 2025 08:59 PM (IST)

    শশাংক আউট

    পঞ্জাৱৰ গুৰুত্বপূৰ্ণ সদস্য শশাংক সিং আজি ব্যৰ্থ হৈছে। ১০টা বলত ১১ ৰান কৰি তেওঁ পেভিলিয়নলৈ উভতিছে। তেওঁৰ উইকেট দখল কৰিছে মুস্তাফিজুৰ ৰহমানে।

  • 24 May 2025 08:38 PM (IST)

    নেহাল পেভিলিয়নলৈ

    মুকেশ কুমাৰে দখল কৰিছে মেচত নিজৰ প্ৰথমটো উইকেট। তেওঁৰ হাতলৈ আহিছে নেহাল ৱাধেৰাৰ উইকেট। আক্ৰমণাত্মক বেটিঙৰ বাবে পৰিচিত নেহাল্ব অৱশ্যে আজি বিশেষ প্ৰভাৱ পেলোৱাত ব্যৰ্থ হয় আৰু ১৬টা বলত ১৬ ৰান সংগ্ৰহ কৰিয়েই বিদায় লয়।

  • 24 May 2025 08:28 PM (IST)

    শতক পাৰ স্ক’ৰ

    স্ক’ৰবৰ্ডত শতকৰ সীমা অতিক্ৰম কৰিছে পঞ্জাৱে। ১০.৪ অভাৰত অধিনায়ক শ্ৰেয়স আয়াৰে এটা চাৰি কোবাই দলৰ স্ক’ৰ ১০৩ ৰানত উপনীত কৰায়।

  • 24 May 2025 08:14 PM (IST)

    প্ৰভচিমৰণো আউট

    পঞ্জাৱে হেৰুৱাইছে তৃতীয়টো উইকেট। এইবাৰ বিপৰাজৰ চিকাৰ হৈছে প্ৰভচিমৰণ সিং। প্ৰভচিমৰণে ১৮টা বলত ৪টা চাৰি আৰু এটা ছয়েৰে ২৮ ৰান সংগ্ৰ কৰি বিদায় লৈছে।

  • 24 May 2025 08:04 PM (IST)

    বিপৰাজে বিদায় দিলে ইংলিছক

    মাত্ৰ ১২টা বলত ৩২ ৰানৰ এক গুৰুত্বপূৰ্ণ ইনিংছ খেলি বিদায় লৈছে জ’ছ ইংলিছে। অভাৰৰ প্ৰথম দুটা বলত ১০ ৰান খৰচ কৰিলেও বিপৰাজে বুদ্ধিমান বলিঙেৰে ইংলিছক পেভিলিয়নৰ পথ দেখুৱায়।

  • 24 May 2025 08:01 PM (IST)

    স্ক’ৰব’ৰ্ডত ৫০ ৰান

    আক্ৰমণাত্মক বেটিঙেৰে পঞ্জাৱৰ ইনিংছ আগুৱাই নিছে জ’ছ ইংলিছে। বিপৰাজৰ বলত এটা বৃহৎ ছয় কোবাই তেওঁ দলৰ স্ক’ৰ ৫০ত উপনীত কৰাইছে।

  • 24 May 2025 07:42 PM (IST)

    প্ৰিয়াংশৰ বিদায়

    ইনিংছৰ দ্বিতীয় তথা নিজ স্পেলৰ প্ৰথম অভাৰতে দিল্লীক সাফল্য দিছে মুস্তাফিজুৰ ৰহমানে। তেওঁৰ চিকাৰ হৈছে পঞ্জাৱৰ আক্ৰমণাত্মক অপেনাৰ প্ৰিয়াংশ আৰ্য। প্ৰিয়াংশে আজি মাত্ৰ ৬ ৰান সংগ্ৰহ কৰিয়েই ক্ৰীজ এৰিছে।

  • 24 May 2025 07:31 PM (IST)

    ক্ৰীজত প্ৰিয়াংশ-প্ৰভচিমৰণ

    চলিত ছিজনত পঞ্জাৱৰ সফলতাৰ প্ৰধান কাৰক হিচাপে বিবেচিত হৈছে অপেনাৰদ্বয় প্ৰিয়াংশ আৰ্য আৰু প্ৰভচিমৰণ সিঙৰ প্ৰদৰ্শন। আজিও দুয়ো দলক এক শক্তিশালী আৰম্ভণি দিয়াৰ আশা কৰিছে অনুৰাগীয়ে।

  • 24 May 2025 07:10 PM (IST)

    দিল্লী কেপিটেলছৰ মূল একাদশ

    দিল্লী কেপিটেলছৰ মূল একাদশ হ’ব এনেধৰণৰ- ফাফ ডু প্লেচিছ (অধিনায়ক), ছেদিকুল্লাহ অটল, কৰুণ নায়াৰ, সমীৰ ৰিজভি, ট্ৰিষ্টান ষ্টাবছ, আশুতোষ শৰ্মা, বিপৰাজ নিগম, কুলদীপ যাদৱ, মোহিত শৰ্মা, মুস্তাফিজুৰ ৰহমান, মুকেশ কুমাৰ।

  • 24 May 2025 07:09 PM (IST)

    পঞ্জাৱ কিংছৰ মূল একাদশ

    অপৰিৱৰ্তিত ৰূপত আজি খেলপথাৰত নামিব পঞ্জাৱ কিংছ। দলটোৰ মূল একাদশ হ’ব এনেধৰণৰ- প্ৰভচিমৰন সিং, প্ৰিয়াংশ আৰ্য, জ’ছ ইংলিছ, শ্ৰেয়স আয়াৰ (অধিনায়ক), নেহাল ৱাধেৰা, শশাংক সিং, মাৰ্কাছ ষ্ট’ইনিছ, মাৰ্কো জেনচেন, আজমতুল্লাহ ওমৰজাই, হৰপ্ৰীত ব্ৰাৰ, অৰ্শদীপ সিং।

  • 24 May 2025 07:04 PM (IST)

    প্ৰথমে বলিং কৰিব দিল্লীয়ে

    আঘাতৰ বাবে আজিৰ মেচতো দিল্লীৰ নিয়মীয়া অধিনায়ক অক্ষৰ পেটেলক দায়িত্বত দেখা নাযাব। তেওঁৰ পৰিৱৰ্তে ভাৰপ্ৰাপ্ত অধিনায়ক ফাফ ডু প্লেচিছে টছ কৰিবলৈ আহে। টছত জয়ী হৈ প্লেচিছে প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লৈছে।

  • 24 May 2025 06:56 PM (IST)

    পূৰ্বৰ মুখামুখিৰ ফলাফল

    আই পি এলত পঞ্জাৱ কিংছ আৰু দিল্লী কেপিটেলছৰ মাজত দেখা গৈছে তুমুল প্ৰতিদ্বন্দিতা। দুয়োটা দলৰ মুখামুখিত এইপৰ্যন্ত পঞ্জাৱে ১৭ খন মেচত জয়ী হোৱাৰ বিপৰীতে দিল্লী জয়ী হৈছে ১৬ খন মেচত।

Published On - May 24,2025 6:46 PM