TV9 ASSAM
বহু লোকৰ গা ধোৱাৰ সময়ত প্ৰস্ৰাৱ আহে বা তেনে অনুভৱ হয়। এয়া কোনো ৰোগ বুলি ক'ব নোৱাৰি। কিন্তু কেতিয়াবা ইয়াৰ কাৰণ শাৰীৰিক বা মানসিক হ'ব পাৰে।
গা ধোৱাৰ সময়ত বহুতে গৰম পানী ব্যৱহাৰ কৰে। গৰম পানীয়ে শৰীৰৰ মাংসপেশীক আৰাম প্ৰদান কৰে আৰু ব্লেডৰক ঢিলা কৰে। যাৰ ফলত লগে লগে প্ৰস্ৰাৱ আহে।
যদি আপুনি গা ধোৱাৰ পূৰ্বে ভালদৰে প্ৰস্ৰাৱ কৰি নলয়, তেন্তে গৰম পানী আৰু আন পানীৰ শব্দইও প্ৰস্ৰাৱক হেঁচা প্ৰদান কৰিব পাৰে। যাৰ ফলত লগে লগে প্ৰস্ৱাৱ আহিব পাৰে।
যদি আপোনাৰ প্ৰতিবাৰে গা ধোৱাৰ সময়ক প্ৰস্ৰাৱ আহে তেন্তে অন্য সময়ত ইয়াক নিয়ন্ত্ৰণ কৰা কঠিন হয়। তেতিয়া ই অবৰএক্টিভ ব্লেডৰ বা কোনো নিউৰোলজিকেল কাৰণৰ সংকেত হ'ব পাৰে।
কিছুমান মানুহে প্ৰস্ৰাৱক নিয়ন্ত্ৰণ কৰিব নোৱাৰে। যেনেঃ গৰ্ভৱতী মহলিা, বয়োজ্যেষ্ঠ লোকসকল আৰু যাৰ প্ৰস্ৰাৱৰ নলী দুৰ্বল হয়। এনে লোকৰ এই সমস্যা বেছি হয়।
যদি কেতিয়াবা এনে হয় তেন্তে ই সাধাৰণ কথা। যদি আপুনি প্ৰস্ৰাৱ নিয়ন্ত্ৰণ কৰিব নোৱাৰে আৰু গা ধোৱাৰ সময়ত বাৰে বাৰে প্ৰস্ৱাৰ আহে তেন্তে বিশেষজ্ঞৰ পৰামৰ্শ লোৱা দৰকাৰ।
ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ গা ধোৱাৰ পূৰ্বে প্ৰস্ৰাৱ কৰি লোৱা দৰকাৰ। গা ধোৱাৰ সময়ত ঠাণ্ডা বা কুহুমীয়া পানী ব্যৱহাৰ কৰিব পাৰে। ইয়াৰোপৰি ব্লেডৰ শক্তিশালী কৰাৰ বাবে কেগল ব্যায়াম কৰা দৰকাৰ।
পঢ়িবলৈ ক্লিক কৰক