TV9 ASSAM
বিচিচিআইয়ে আজি ঘোষণা কৰিছে ইংলেণ্ডৰ বিপক্ষে আগন্তুক টেষ্ট শৃংখলাৰ বাবে ভাৰতীয় দল। ঘোষিত দলত দেখা গৈছে এগৰাকী নতুন অধিনায়ক।
ভাৰতীয় টেষ্ট ক্ৰিকেট দলৰ নতুন অধিনায়ক হিচাপে দায়িত্ব লাভ কৰিছে শুভমন গিলে। ইংলেণ্ডৰ বিপক্ষে আগন্তুক টেষ্ট শৃংখলা হ’ব তেওঁৰ প্ৰথম পৰীক্ষা।
অধিনায়কৰ দায়িত্ব লাভ কৰাৰ লগে লগে গিলে এতিয়া বিচিচিআইৰ পৰা বৃহৎ পৰিমাণৰ ধনৰাশি লাভ কৰাৰ সম্ভাৱনা পাইছে। এক কথাত নিশ্চিতেই হৈছে এই কথা।
বৰ্তমান বিচিচিআইৰ কেন্দ্ৰীয় চুক্তিৰ এ গ্ৰেডত অন্তৰ্ভুক্ত হৈছে শুভমন গিল। কিন্তু পৰৱৰ্তী কেন্দ্ৰীয় চুক্তিত তেওঁ যে পদোন্নতি পাব সেয়া প্ৰায় নিশ্চিত।
পৰৱৰ্তী বিচিচিআইৰ কেন্দ্ৰীয় গিল এ+ গ্ৰেডলৈ উন্নীত হোৱাৰ সম্ভাৱনা আছে। এনে হ’লে তেওঁ বছৰি ৭ কোটি টকাৰ ধন লাভ কৰিব।
সম্প্ৰতি ৰোহিত শৰ্মা, বিৰাট কোহলী, ৰবীন্দ্ৰ জাদেজা আৰু যশপ্ৰিত বুমৰাহ এ+ গ্ৰেডত আছে। কিন্তু ৰোহিত, কোহলী আৰু জাদেজাই এতিয়া তিনিওটা ফৰ্মেটৰ সদস্য নহয়।
পঢ়িবলৈ ক্লিক কৰক
IPL 2025ত কাৰ শিৰত থাকিব অ’ৰেঞ্জ কেপ!