ছেপ্টেম্বৰত ওলাব গৌৰৱ-হিমন্তৰ বাকযুদ্ধৰ উত্তৰঃ ৰাজ্যৰ ৰাজনীতিত বলিব নেকি ধুমুহা!
ৰাজ্যৰ ৰাজনীতিৰ কেন্দ্ৰস্থলত এতিয়া গৌৰৱ-হিমন্তৰ বাকযুদ্ধ। কংগ্ৰেছ নেতা তথা যোৰহাটৰ সাংসদ গৌৰৱ গগৈৰ পাকিস্তান ভ্ৰমণ আৰু তেওঁৰ পত্নীৰ পাকিস্তানৰ সৈতে সম্পৰ্কৰ অভিযোগ তুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পোনপ্ৰথমে এই বিতৰ্কৰ সূত্ৰপাত ঘটাইছিল। তাৰ পিছতে এই বিষয় হৈ পৰিছে অসমৰ ৰাজনীতিৰ আটাইতকৈ চৰ্চিত বিষয়।

ৰাজ্যৰ ৰাজনীতিৰ কেন্দ্ৰস্থলত এতিয়া গৌৰৱ-হিমন্তৰ বাকযুদ্ধ। কংগ্ৰেছ নেতা তথা যোৰহাটৰ সাংসদ গৌৰৱ গগৈৰ পাকিস্তান ভ্ৰমণ আৰু তেওঁৰ পত্নীৰ পাকিস্তানৰ সৈতে সম্পৰ্কৰ অভিযোগ তুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পোনপ্ৰথমে এই বিতৰ্কৰ সূত্ৰপাত ঘটাইছিল। তাৰ পিছতে এই বিষয় হৈ পৰিছে অসমৰ ৰাজনীতিৰ আটাইতকৈ চৰ্চিত বিষয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই অভিযোগৰ পিছতে কংগ্ৰেছ নেতা গৌৰৱ গগৈয়েও দিয়ে প্ৰত্যুত্তৰ। এইদৰে দুয়োৰে মাজত মৌখিক আক্ৰমণ-প্ৰত্যাক্ৰমণেৰে ক্ৰমাৎ অধিক আলোচিত হৈ পৰিছে বিষয়টো।
তাৰ মাজতে শেহতীয়া এক দৃশ্যই এই বিষয়টোক অধিক গতি প্ৰদান কৰিছে। দুদিনীয়া কাৰ্যসূচীৰে শুকুৰবাৰৰ পৰা নতুন দিল্লীত আৰম্ভ হোৱা ৰাইজিং নৰ্থ-ইষ্ট ইনভেষ্টাৰ্ছ ছামিট-২০২৫ অনুষ্ঠানত কালি উপস্থিত আছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। এই অনুষ্ঠানৰ পিছত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে মুখ্যমন্ত্ৰীগৰাকীৰ আলোচনাৰ ছবিয়ে এতিয়া ব্যাপক চৰ্চা লাভ কৰিছে। এই আলোচনাত গৌৰৱ গগৈৰ প্ৰসঙ্গয়ো স্থান পোৱা বুলি একাংশই অনুমান কৰিছে।
যদি অনুমান কৰাৰ দৰেই গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে মুখ্যমন্ত্ৰীৰ আলোচনাত এই প্ৰসঙ্গই স্থান পাইছে, তেতিয়া আগন্তুক সময়ত এই সমগ্ৰ বিতৰ্ক অধিক আকৰ্ষণীয় হৈ উঠাৰ সম্ভাৱনা থাকিব। অৱশ্যে ইতিপূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ১০ ছেপ্টেম্বৰত এই বিষয়ত সমগ্ৰ তথ্য ফাদিল হ’ব বুলি গৌৰৱ গগৈক প্ৰত্যাহ্বান জনাই থৈছে। তাৰ বিপৰীতে গৌৰৱ গগৈয়েও ‘ছেপ্তেম্বৰত মুখ্যমন্ত্ৰীৰ মিথ্যাচাৰ ফাদিল হোৱাৰ পিছত বিজেপিত এটা ডাঙৰ ভূমিকম্প হ’ব’ বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইতিপূৰ্বে গৌৰৱ গগৈৰ ‘পাকিস্তান প্ৰীতি’ৰ অভিযোগ তুলি কংগ্ৰেছ নেতাগৰাকী পাকিস্তানৰ যি স্থানলৈ গৈছিল আৰু যি ধৰণে তেওঁ এই ভ্ৰমণ কৰিছিল, সেয়া অত্যন্ত ঘৃণনীয় আৰু নিন্দনীয় বুলি মন্তব্য কৰিছিল। এই ভ্ৰমণৰ পৰা উভতি অহাৰ পিছত গৌৰৱ গগৈয়ে ভাৰতে ৰাফেল যুঁজাৰু বিমান, S-400 ক্ৰয় কৰাৰ বিৰোধিতা কৰাৰ লগতে আন কিছু বিতৰ্কিত প্ৰশ্ন কৰা বুলি দাবী কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে।
তদুপৰি গৌৰৱ গগৈৰ পত্নীয়ে ১৯ বাৰ পাকিস্তান ভ্ৰমণ কৰা বুলি অভিযোগ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ছেপ্তেম্বৰত গৌৰৱ গগৈ আৰু তেওঁৰ পত্নীৰ এই কাৰ্য তথ্য সহকাৰে ফাদিল হ’ব বুলি দাবী কৰে। ইয়াৰ পিছত তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও তেওঁ লগতে কয়। তেওঁ লগতে এই অভিযোগসমূহ মিছা হ’লে গোচৰ ৰুজু কৰিবলৈও গৌৰৱ গগৈক প্ৰত্যাহ্বান জনায়।
লক্ষণীয়ভাৱে গৌৰৱ গগৈয়ে এই সমগ্ৰ বিষয় সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাক্ৰমণ চলাই আহিছে যদিও পোনচাটেও সকলো অভিযোগ এইপৰ্যন্ত নাকচ কৰা নাই। অৱশ্যে তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সন্দৰ্ভত শীঘ্ৰে প্ৰমাণ ৰাজহুৱা কৰিবলৈ মুখ্যমন্ত্ৰীগৰাকীক দাবী জনাইছে গৌৰৱ গগৈয়ে। গতিকে এতিয়া এই বিবাদৰ সঠিক উত্তৰ বিচাৰি সকলোৱে যথেষ্ট উৎসুকতাৰে অপেক্ষা কৰিছে ছেপ্টেম্বৰলৈ।
প্ৰসঙ্গক্ৰমে উল্লেখযোগ্য যে, আগন্তুক বৰ্ষত ৰাজ্যত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব। এইপৰ্যন্ত কংগ্ৰেছে স্পষ্টকৈ উল্লেখ নকৰিলেও গৌৰৱ গগৈয়েই আগন্তুক নিৰ্বাচনত যে দলটোৰ প্ৰধান মুখ হ’ব, সেয়া প্ৰায় স্পষ্ট হৈ পৰিছে। কিন্তু নিৰ্বাচনৰ প্ৰাকক্ষণত চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহত উন্মোচন হ’বলগীয়া চলিত বিতৰ্কৰ উত্তৰে কংগ্ৰেছৰ এই ৰণকৌশলত বিশেষ ভূমিকা ল’ব।