নিস্তাৰ নহ’ব শত্ৰুৰঃ পাকিস্তানৰ দৰ্পচূৰ্ণ কৰা ‘S-400’ৰ দৰেই শক্তি এইবাৰ দেশীয় ৰূপত
পাকিস্তানৰ সৈতে শেহতীয়া সংঘৰ্ষত ভাৰতৰ প্ৰধান হাথিয়াৰ ৰূপে পৰিগণিত হৈছিল S-400। পাকিস্তানে সীমান্তত ক্ষেপণাস্ত্ৰ, ড্ৰ’ন প্ৰেৰণ, আনকি যুদ্ধ বিমানেৰে চলোৱা আক্ৰমণকো এই S-400- এ মাজ আকাশতে ব্যৰ্থ কৰি তুলিছিল। এতিয়া দেশত এই ৰাছিয়ান শক্তিৰ দৰে অনুৰূপ ক্ষমতাসম্পন্ন সম্পূৰ্ণ থলুৱা ক্ষেপণাস্ত্ৰ প্ৰতিৰক্ষা ব্যৱস্থা গঢ়ি তোলাৰ বাবে প্ৰচেষ্টা চলোৱা হৈছে।
পাকিস্তানৰ সৈতে ভাৰতৰ শেহতীয়া সংঘৰ্ষৰ সময়ত দেশৰ প্ৰতিৰক্ষাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ৰাছিয়াৰ পৰা ক্ৰয় কৰা এবিধ বিশেষ অস্ত্ৰই। এয়া আছিল ৰুছ নিৰ্মিত শক্তিশালী প্ৰতিৰক্ষা ব্যৱস্থা S-400। এই প্ৰতিৰক্ষা ব্যৱস্থাৰ সমুখত সম্পূৰ্ণ ৰূপে নিষ্প্ৰভ হৈ পৰিছিল পাকিস্তানৰ আক্ৰমণৰ প্ৰচেষ্টা। পাকিস্তানে সীমান্তত ক্ষেপণাস্ত্ৰ, ড্ৰ’ন প্ৰেৰণ, আনকি যুদ্ধ বিমানেৰে চলোৱা আক্ৰমণকো এই S-400- এ মাজ আকাশতে ব্যৰ্থ কৰি তুলিছিল। এক কথাত এই সংঘৰ্ষত ভাৰতৰ প্ৰধান হাথিয়াৰ ৰূপে পৰিগণিত হৈছিল S-400।
এতিয়া দেশত এই ৰাছিয়ান শক্তিৰ দৰে অনুৰূপ ক্ষমতাসম্পন্ন সম্পূৰ্ণ থলুৱা ক্ষেপণাস্ত্ৰ প্ৰতিৰক্ষা ব্যৱস্থা গঢ়ি তোলাৰ বাবে প্ৰচেষ্টা চলোৱা হৈছে। প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা (DRDO)ৰ নেতৃত্বত ভাৰত ইলেক্ট্ৰনিকছ লিমিটেডে নিৰ্মাণ কৰিব S-400ৰ দৰেই শক্তিশালী আৰু কাৰ্যক্ষম এই প্ৰতিৰক্ষা ব্যৱস্থা। চাওঁ আহক এই বিষয়ে।