নচলে ট্ৰাম্পৰ দাদাগিৰি! ১০০ শতাংশ শুল্কৰ পাছতো সস্তীয়া হ’ব আইফোন, কেনেকৈ জানক …
ট্ৰাম্পৰ ভাবুকিৰ পাছতো সিদ্ধান্ত সলনি কৰা নাই এপলৰ চিইঅ' টিম কুকে। ইয়াৰ মাজতে এপলে ভাৰতত আইফোনৰ উৎপাদন অব্যাহত ৰাখিলে ২৫ শতাংশ শুল্ক আৰোপ কৰা হ'ব বুলি কৈছে ট্ৰাম্পে

দ্বিতীয়বাৰৰ বাবে ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰাৰ পাছতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে প্ৰায় প্ৰতিদিনে নতুন আৰু কিছুমান আজৱ সিদ্ধান্ত গ্ৰহণ কৰি আহিছে। কিন্তু যেতিয়াৰ পৰা ট্ৰাম্পে বিশ্বৰ কেইবাখনো দেশত পাৰস্পৰিক শুল্ক ঘোষণা কৰে তেতিয়াৰ পৰা এক উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হৈছে। শুল্ক সন্দৰ্ভত আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে পুনৰ আন এক সিদ্ধান্ত গ্ৰহণ কৰিছে। ট্ৰাম্পে এইবাৰ ভাবুকি প্ৰদান কৰিছে এপলৰ চিইঅ’ টিম কুকক। এপলে ভাৰতত আইফোনৰ উৎপাদন অব্যাহত ৰাখিলে ২৫ শতাংশ শুল্ক আৰোপ কৰা হ’ব বুলি কৈছে ট্ৰাম্পে। কিন্তু ট্ৰাম্পৰ এই সিদ্ধান্তই বৰ বিশেষ ক্ষতি নকৰিব ভাৰত বা এপলক।
ভাৰতত নিৰ্মিত আইফোনৰ ওপৰত ১০০ শতাংশ শুল্ক আৰোপ কৰিলেও ই এপলৰ বাবে সস্তীয়া হ’ব। গতিকে টিম কুকক ভাৰতৰ পৰা আঁতৰ কৰা ট্ৰাম্পৰ বাবে সহজ নহ’ব। আইফোন উৎপাদন বিশেষকৈ এছেম্বলিঙৰ ক্ষেত্ৰত চীনৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰি এপল ভাৰতলৈ স্থানান্তৰিত হ’ব বিচাৰিছে। ট্ৰাম্পৰ সকীয়নিৰ পাছতো আইফোন নিৰ্মাণ কৰা কোম্পানী ফক্সকনে ভাৰতত বিনিয়োগ অব্যাহত ৰাখিছে।
ইয়াৰ মাজত আইফোন নিৰ্মাণৰ কিছুমান বিশেষ দিশ জনা দৰকাৰ। আইফোন নিৰ্মাণ কৰাৰ ক্ষেত্ৰত ভাৰতে কিমান অৰিহনা যোগায় আৰু আমেৰিকাই ১০০ শতাংশ শুল্ক আৰোপ কৰিলেও কিয় মেক ইন ইণ্ডিয়া আইফোন সস্তা হ’ব তাৰ এক ধাৰণা তলত উল্লেখ কৰা হ’ল।
গ্ল’বেল ট্ৰেড ৰিচাৰ্চ ইনিচিয়েটিভৰ এক প্ৰতিবেদন অনুসৰি ১০০০ ডলাৰৰ আইফোন এটা মাত্ৰ এখন দেশতে নিৰ্মাণ নহয়। ইয়াৰ বিভিন্ন অংশসমূহ বিভিন্ন দেশত নিৰ্মাণ কৰা হয়। ইয়াৰ ব্ৰেণ্ড, ডিজাইন আৰু চফটৱেৰ এপলে নিজেই তৈয়াৰ কৰে। যাৰ খৰচ ৪৫০ ডলাৰ। ইয়াৰোপৰি টাইৱানত নিৰ্মিত এই চিপটোৰ মূল্য ১৫০ ডলাৰ। দক্ষিণ কোৰিয়াত নিৰ্মিত এই মেম’ৰী চিপটোৰ মূল্য ৯০ ডলাৰ। ইয়াৰ লগতে জাপানে ৮৫ ডলাৰৰ কেমেৰা চিষ্টেমটো নিৰ্মাণ কৰে। কোৱালকম (আমেৰিকা) ছেমিকণ্ডাক্টৰ কম্পোডেন্টছৰ বাবে ৮০ ডলাৰ লাগে।। জাৰ্মানী, ভিয়েটনাম আৰু মালয়েছিয়া আদিৰ যোগদান প্ৰায় ৪৫ ডলাৰ।
ইয়াৰ বাহিৰেও ভাৰত আৰু চীনত আইফোনৰ এছেম্বলি চাৰ্জ প্ৰায় ৩০ ডলাৰ। অৰ্থাৎ আইফোনৰ বজাৰত ভাৰতৰ মুঠ অংশ ৩ শতাংশ। সামগ্ৰিকভাৱে আইফোনৰ আটাইতকৈ ডাঙৰ সুবিধা ইয়াৰ ডিজাইন আৰু ব্ৰেণ্ডিঙৰ পৰাই পোৱা যায়।
আমেৰিকাত কিয় বেছি
ভাৰতত আইফোন এটা এছেম্বল কৰাৰ খৰচ প্ৰায় ৩০ ডলাৰ। কিন্তু ইয়াৰ পৰিমাণ আমেৰিকাত বেছি। যদি এপলে ভাৰতৰ পৰা আইফোনৰ এছেম্বলী স্থানান্তৰ কৰে তেন্তে ইয়াৰ বাবে যথেষ্ট খৰচ হ’ব। কাৰণ এজন ভাৰতীয় শ্ৰমিকৰ দৰমহা প্ৰতিমাহে প্ৰায় ২৩০ ডলাৰ, কিন্তু আমেৰিকাত ইয়াৰ পৰিমাণ হয় ২৯০০ ডলাৰ। গতিকে ভাৰতত ৩০ ডলাৰ খৰচ হ’বলগীয়া এছেম্বলিঙৰ খৰচ আমেৰিকাত প্ৰায় ৩৯০ ডলাৰ হ’ব। এয়া মাত্ৰ এছেম্বলি খৰচৰ পৰিসংখ্যা,লজিষ্টিক খৰচ বেলেগ হ’ব।
শুল্কৰ পাছত
আমেৰিকাৰ চৰ্ত এপলে মানি লোৱাৰ পাছতো ভাৰতত আইফোন এছেম্বেল কৰা সস্তা হ’ব।কাৰণ আইফোনত ২৫ শতাংশ শুল্কৰ পিছত ইয়াৰ খৰচ ৩০ ডলাৰৰ পৰা ৩৭.৫ ডলাৰলৈ বৃদ্ধি পাব। একে সময়তে যদি আমেৰিকাই ১০০ শতাংশ আমদানি শুল্ক আৰোপ কৰে, তেন্তে আইফোনৰ এছেম্বলি চাৰ্জ ৩০ ডলাৰৰ পৰা ৬০ ডলাৰলৈ বৃদ্ধি পাব। যিটো আমেৰিকাৰ ৩৯০ ডলাৰতকৈ বহু কম হ’ব।
১০০ শতাংশ শুল্কৰ পাছতো সস্তীয়া
ভাৰতত এটা আইফোন একত্ৰিত কৰিবলৈ কোম্পানীটোৰ বাবে মুঠ ৩০ ডলাৰ খৰচ হয় । যদি ইয়াত ১০০ শতাংশ আমদানি শুল্ক যোগ হয় তেন্তে মুঠ ধন হব ৬০ ডলাৰ। যি আমেৰিকাৰ গড় ৩৯০ ডলাৰৰ চাৰ্জতকৈ বহু কম হ’ব।
অন্য খবৰ পঢ়কঃ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ত নামভৰ্তি কৰিব নোৱাৰে বিদেশী ছাত্ৰ-ছাত্ৰীয়ে, ট্ৰাম্প প্ৰশাসনৰ নিষেধাজ্ঞা…