খেলপথাৰৰ মাজতে পত্নী সঞ্জনাই এয়া কি সুধিলে বুমৰাহক! উত্তৰ শুনিবলৈ উদগ্ৰীৱ অনুৰাগী
ইংলেণ্ড আৰু ভাৰতৰ বিপক্ষে লীডছত চলি থকা টেষ্ট মেচৰ চতুৰ্থ দিন। আজিৰ খেল আৰম্ভ হোৱাৰ পূৰ্বে ভাৰতীয় দলৰ তাৰকা পেচাৰ যশপ্ৰীত বুমৰাহে পত্নী তথা ক্ৰীড়া উপস্থাপক সঞ্জনা গণেশনৰ সৈতে এক বিশেষ সাক্ষাৎকাৰ দিয়ে। এই সাক্ষাৎকাৰৰ সময়ত কৰা এক বিশেষ প্ৰশ্নই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।

যোৱা ২০ জুনৰ পৰা আৰম্ভ হৈছে ভাৰত আৰু ইংলেণ্ডৰ মাজত পাঁচখনীয়া মেচৰ টেষ্ট শৃংখলা। লীডছত চলি থকা প্ৰথমখন টেষ্টত দুয়োটা দলৰ মাজত এইপৰ্যন্ত ৰোমাঞ্চকৰ প্ৰতিদ্বন্দিতা দেখিবলৈ পোৱা গৈছে। মেচখনত ভাৰতীয় দলে প্ৰথম ইনিংছত জয়ছোৱাল, গিল আৰু পণ্টৰ শতকৰ সহায়ত ৪৭১ ৰান সংগ্ৰহ কৰিছিল। আফাতে ইংলেণ্ডে নিজৰ প্ৰথম ইনিংছত ৪৬৫ ৰানত ইনিংছ সামৰি ৬ ৰানত পিছ পৰি ৰয়। ইংলেণ্ডতকৈ ভাৰতীয় দলৰ এই ৬ ৰানৰ অগ্ৰগতিত প্ৰধান ভূমিকা লয় তাৰকা পেচাৰ যশপ্ৰীত বুমৰাহে।
নিজৰ চমকপ্ৰদ বলিঙেৰে ইংলেণ্ডৰ বেটাৰক শলঠেকত পেলাই যশপ্ৰীত বুমৰাহে দখল কৰে ৫টা উইকেট। এনে প্ৰদৰ্শনেৰে বুমৰাহে SENA দেশত ১৫০টা টেষ্ট উইকেট সম্পূৰ্ণ কৰে। যিকোনো এছিয়ান বলাৰৰ ক্ষেত্ৰত SENA দেশত এয়া প্ৰথম কৃতিত্ব। এইদৰে বুমৰাহে পুনৰ এবাৰ প্ৰমাণ কৰে নিজৰ অনন্য প্ৰতিভা। আজি চলিত এই টেষ্টখনৰ চতুৰ্থ দিন। আজিৰ খেল আৰম্ভ হোৱাৰ পূৰ্বে বুমৰাহে পত্নী তথা ক্ৰীড়া উপস্থাপক সঞ্জনা গণেশনৰ সৈতে এক বিশেষ সাক্ষাৎকাৰ দিয়ে।
এই সময়ত সঞ্জনাই বুমৰাহক তেওঁৰ ফিটনেছ আৰু শৰীৰৰ বিষয়ে প্ৰশ্ন কৰে। এই প্ৰশ্নৰ উত্তৰ শুনিবলৈ অত্যন্ত আগ্ৰহী হৈ উঠে। সাধাৰণতে বিগত কেইবছৰমানৰ পৰা আঘাতৰ সৈতে যুঁজি থকা বুমৰাহৰ ফিটনেছ সদায় চৰ্চাৰ বিষয় হৈ আহিছে। ভাৰতীয় দলৰ বলিং বিভাগৰ প্ৰধান শক্তি স্বৰূপ বুমৰাহৰ ফিটনেছৰ সমস্যা স্বাভাৱিকতেই দল তথা অনুৰাগীৰ বাবে চিন্তাৰ কাৰণ হৈ পৰে।
ইংলেণ্ডৰ প্ৰথম ইনিংছত বুমৰাহে ২৪.৪ অভাৰত বলিং কৰিছিল। হয়তো এনে কাৰণতে সঞ্জনাই সাক্ষাৎকাৰৰ আৰম্ভণিতে বুমৰাহক শৰীৰৰ অৱস্থাৰ বিষয়ে প্ৰশ্ন কৰিছিল। এই প্ৰশ্নৰ উত্তৰত বুমৰাহে এটা হাঁহি মাৰি কয়, “সকলো ঠিকেই আছে। মই সম্পূৰ্ণ ফিট আৰু বলিং উপভোগ কৰি আছো।” বুমৰাহৰ এই উত্তৰ প্ৰতিজন ভাৰতীয় ক্ৰিকেট অনুৰাগীৰ বাবে এক সকাহৰ খবৰ হিচাপে বিবেচিত হৈছে।
সম্পৰ্কত স্বামী-স্ত্ৰী হ’লেও ক্ৰীড়া উপস্থাপক হিচাপে সঞ্জনাই এই সাক্ষাৎকাৰত বুমৰাহৰ সৈতে সম্পূৰ্ণ পেছাদাৰী ৰূপত বাৰ্তালাপ কৰে। এই সময়ত সঞ্জনাই বুমৰাহক লগতে তাৰকা পেচাৰগৰাকীয়ে ইংলেণ্ডৰ বিপক্ষে এই শৃংখলাত আটাইকেইখন মেচ খেলাটো সকলোৱে বিচাৰে বুলিও মন্তব্য কৰে। লক্ষণীয়ভাৱে সঞ্জনাৰ এই মন্তব্য সন্দৰ্ভত কোনো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰে বুমৰাহে।
উল্লেখ্য যে বুমৰাহে এই শৃংখলাৰ পূৰ্বেই ইতিমধ্যে স্পষ্ট কৰি দিছে যে ৱৰ্কলোড মেনেজমেণ্টৰ প্ৰতি লক্ষ্য ৰাখি তেওঁ শৃংখলাৰ আটাইকেইখন মেচত অংশ নলয়। গতিকে বুমৰাহে শৃংখলাৰ কোনকেইখন মেচত অংশ ল’ব, সেয়া জানিবলৈ ইচ্ছুক হৈ আছে অনুৰাগীসকল। বুমৰাহৰ উপস্থিতিতে ভাৰতীয় দলে শৃংখলাত অগ্ৰগতি লাভ কৰিব বুলিও অনুৰাগীসকলে আশা কৰিছে।