শোকাহত ক্ৰিকেট বিশ্বঃ লীডছ টেষ্টৰ মাজতে ইংলেণ্ডত মৃত্যু প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰৰ
লীডছত ভাৰতীয় দলে মেচ খেলি থকাৰ সময়তে প্ৰাণ হেৰুৱাইছে দেশৰ এগৰাকী কিংবদন্তি খেলুৱৈয়ে। ইংলেণ্ডৰ লণ্ডন চহৰত মৃত্যু হৈছে ভাৰতীয় দলৰ এগৰাকী প্ৰাক্তন ক্ৰিকেটাৰে। ভাৰতীয় দলৰ প্ৰাক্তন সদস্য, বাওঁহতীয়া প্ৰাক্তন স্পিনাৰ দিলীপ দোশীয়ে যোৱা নিশা লণ্ডনত শেষ নিশ্বাস ত্যাগ কৰে।

সম্প্ৰতি ইংলেণ্ড ভ্ৰমণত আছে ভাৰতীয় ক্ৰিকেট দল। শুভমন গিলৰ নেতৃত্বত ইংলেণ্ডৰ বিপক্ষে ৫ খনীয়া মেচৰ টেষ্ট শৃংখলাত অংশ লৈছে ভাৰতীয় দলে। যোৱা ২০ জুনৰ পৰা লীডছত অনুষ্ঠিত হৈছে শৃংখলাৰ প্ৰথমখন টেষ্ট। ভাৰতীয় অনুৰাগীসকলে এই মেচখনৰ ওপৰত দৃষ্টি ৰখাৰ সময়তে পোহৰলৈ আহিছে একৰ শোকৰ খবৰ। লীডছত ভাৰতীয় দলে মেচ খেলি থকাৰ সময়তে প্ৰাণ হেৰুৱাইছে দেশৰ এগৰাকী কিংবদন্তি খেলুৱৈয়ে। ইংলেণ্ডৰ লণ্ডন চহৰত মৃত্যু হৈছে ভাৰতীয় দলৰ এগৰাকী প্ৰাক্তন ক্ৰিকেটাৰে।
ভাৰতীয় দলৰ প্ৰাক্তন সদস্য, বাওঁহতীয়া প্ৰাক্তন স্পিনাৰ দিলীপ দোশীয়ে যোৱা নিশা লণ্ডনত শেষ নিশ্বাস ত্যাগ কৰে। ৭৭ বছৰ বয়সত চিৰদিনৰ বাবে চকু মুদে প্ৰাক্তন খেলুৱৈগৰাকীয়ে। হৃদযন্ত্ৰৰ সমস্যাৰ বাবে তেওঁৰ মৃত্যু হোৱা বুলি প্ৰকাশ পাইছে। বিচিচিআইয়ে নিজা সামাজিম মাধ্যম হেণ্ডল যোগে অনুৰাগীৰ মাজত এই দুখৰ খবৰ শ্বেয়াৰ কৰিছে। এই খবৰৰ প্ৰকাশ পোৱাৰ পিছতে শোকস্তব্ধ হৈ পৰিছে ক্ৰিকেট জগত।
উল্লেখ্য যে ১৯৭৯ চনৰ পৰা ১৯৮৩ চনলৈ দিলীপ দোশীয়ে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰিছিল। এই সময়ছোৱাত ভাৰতৰ হৈ তেওঁ ৩৩খন টেষ্ট আৰু ১৫খন এদিনীয়া মেচ খেলিছিল। নিজস্ব স্পীন বলিং দক্ষতাৰে তেওঁ ক্ৰিকেট বিশ্বত সুকীয়া পৰিচয় লাভ কৰিছিল। ১৯৪৭ চনৰ ২২ ডিচেম্বৰত গুজৰাটৰ ৰাজকোটত জন্মগ্ৰহণ কৰা দিলীপ দোশীয়ে ক্ৰিকেট কেৰিয়াৰৰ অধিকাংশ সময় বংগৰ হৈ ঘৰুৱা ক্ৰিকেট খেলে।
BCCI mourns the passing of Dilip Doshi.
More details here – https://t.co/wXYYHs6TLz pic.twitter.com/z4GMI2YBpx
— BCCI (@BCCI) June 24, 2025
লক্ষণীয়ভাৱে ৩০ বছৰ বয়সৰ পিছত তেওঁ ভাৰতীয় দলৰ হৈ টেষ্টত অভিষেক ঘটাইছিল। ইয়াৰ পিছতো অৱশ্যে তেওঁ ১০০ৰো অধিক টেষ্ট উইকেট দখল কৰিবলৈ সক্ষম হৈছিল। এক কথাত নিজৰ চমু কেৰিয়াৰত দিলীপ দোশীয়ে যথেষ্ট উজ্জীৱিত প্ৰদৰ্শন দাঙি ধৰিছিল। কেৰিয়াৰত ৩৩খন টেষ্ট মেচত তেওঁ ১১৪টা উইকেট দখল কৰিছিল। এই সময়ত ৬বাৰ তেওঁ এটা ইনিংছত ৫টা বা তাতোধিক উইকেট দখল কৰিবলৈ সক্ষম হৈছিল।
একেদৰে এদিনীয়াত তেওঁ ৩.৯৬ ৰান ইক’নমি ৰেটেৰে ১৫খন মেচত ২২টা উইকেট দখল কৰে। তদুপৰি প্ৰথম শ্ৰেণীৰ ২৩৮খন মেচত দোশীয়ে ৮৯৮টা উইকেট দখল কৰিছিল। প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত তেওঁ ৪৩বাৰ এটা ইনিংছত ৫ উইকেট আৰু ৬বাৰ এখন টেষ্টত ১০ উইকেট দখলৰ কৃতিত্ব অৰ্জন কৰিছিল। ইংলেণ্ডৰ নটিংহামশ্ব্যায়াৰ আৰু ৱাৰউইকশ্ব্যায়াৰৰ হৈও দোশীয়ে কাউন্টি ক্ৰিকেট খেলিছিল।
১৯৭৯ চনত চেন্নাইত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে দোশীয়ে টেষ্ট অভিষেক ঘটাইছিল। সেই সময়ত তেওঁৰ বয়স আছিল ৩২ বছৰ। এই মেচত তেওঁ প্ৰথম ইনিংছত ৬টা আৰু দ্বিতীয় ইনিংছত ২টা উইকেট দখল কৰি অভিষেকতে চমক সৃষ্টি কৰিছিল। আনহাতে ১৯৮৩ চনত পাকিস্তানৰ বিৰুদ্ধে নিজ কেৰিয়াৰৰ অন্তিমখন আন্তঃৰাষ্ট্ৰীয় মেচ আৰু ১৯৮৬ চনত অন্তিমখন প্ৰথম শ্ৰেণীৰ মেচ খেলিছিল দিলীপ দোশীয়ে।