শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

IPL Auction 2026: আৰম্ভনিতেই অন্ত পৰিব খুজিছিল কেৰিয়াৰ, ১৪.২ কোটি টকাত চেন্নাই ছুপাৰ কিংছে কিনিলে এইগৰাকী অপৰিচিত খেলুৱৈক

উত্তৰ প্ৰদেশৰ বাওঁহতীয়া স্পিনাৰ প্ৰশান্ত বীৰ এজন উৎকৃষ্ট বেটছমেনো। প্ৰশান্ত বীৰ উত্তৰ প্ৰদেশৰ আমেথিৰ। তেওঁ দুখন প্ৰথম শ্ৰেণীৰ মেচ আৰু ৯ খন টি-২০ মেচ খেলিছে। টি-২০ ক্ৰিকেটত তেওঁ ১২টা উইকেট দখল কৰাৰ লগতে ১১২ ৰান সংগ্ৰহ কৰিছে।

IPL Auction 2026: আৰম্ভনিতেই অন্ত পৰিব খুজিছিল কেৰিয়াৰ, ১৪.২ কোটি টকাত চেন্নাই ছুপাৰ কিংছে কিনিলে এইগৰাকী অপৰিচিত খেলুৱৈক
এজন অপৰিচত খেলুৱৈৰ ঈৰ্ষনীয় উত্থান
raj-saikia
Raj Saikia | Published: 16 Dec 2025 18:45 PM

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ইতিহাসত এক বৃহৎ অভিলেখ ভংগ কৰিলে অলৰাউণ্ডাৰ প্ৰশান্ত বীৰে। এই অচিনাকি খেলুৱৈগৰাকীক চেন্নাই ছুপাৰ কিংছে ১৪.২ কোটি টকাত ক্ৰয় কৰিছে। উত্তৰ প্ৰদেশৰ বাওঁহতীয়া স্পিনাৰ প্ৰশান্ত বীৰ এজন উৎকৃষ্ট বেটছমেনো। প্ৰশান্ত বীৰ উত্তৰ প্ৰদেশৰ আমেথিৰ। তেওঁ দুখন প্ৰথম শ্ৰেণীৰ মেচ আৰু ৯ খন টি-২০ মেচ খেলিছে। টি-২০ ক্ৰিকেটত তেওঁ ১২টা উইকেট দখল কৰাৰ লগতে ১১২ ৰান সংগ্ৰহ কৰিছে। তেওঁৰ ষ্ট্ৰাইক ৰেট ১৭০ৰ ওচৰত।

প্ৰশান্ত বীৰৰ অসাধাৰণ প্ৰদৰ্শন

চৈয়দ মুস্তাক আলী ট্ৰফীত উত্তৰ প্ৰদেশৰ হৈ উজ্জ্বল প্ৰদৰ্শন আগবঢ়াইছে প্ৰশান্ত বীৰে। এই ছিজনত তেওঁ গড়ে ৩৭ৰ ওপৰত ১১২ ৰান সংগ্ৰহ কৰিছিল, ষ্ট্ৰাইক ৰেট প্ৰায় ১৭০ ৰান। তেওঁ ৯ টা উইকেটো দখল কৰিছিল আৰু প্ৰতি অভাৰত ইকনমি ৰেট মাত্ৰ ৬.৭ ৰান আছিল। প্ৰশান্ত বীৰ এজন উৎকৃষ্ট ফিল্ডাৰো আৰু ৰবীন্দ্ৰ জাদেজাৰ সলনি চেন্নাই ছুপাৰ কিংছে তেওঁক ক্ৰয় কৰিছে।

ধোনীয়ে এটা সপোন পূৰণ কৰিলে

প্ৰশান্ত বীৰৰ সপোন পূৰণ কৰিলে ধোনীয়ে। খেলুৱৈগৰাকীয়ে এক সাক্ষাৎকাৰত উল্লেখ কৰিছিল যে তেওঁ আই পি এলত মাত্ৰ এটা ছিজনৰ বাবে চেন্নাই ছুপাৰ কিংছৰ হৈ খেলিব বিচাৰে। তেওঁ ধোনীক অপৰিসীম প্ৰশংসা কৰে। এতিয়া চেন্নাইয়ে ইমান অধিক দামত কিনিছে খেলুৱৈগৰাকীক। প্ৰশান্ত বীৰৰ প্ৰিয় খেলুৱৈ যুৱৰাজ সিং। ২০১১ চনত যুৱৰাজৰ অল ৰাউণ্ড প্ৰদৰ্শনে তেওঁক ক্ৰিকেটাৰ হোৱাৰ অনুপ্ৰেৰণা যোগাইছিল।

দিল্লীত কেৰিয়াৰৰ আৰম্ভনিতেই হতাশা

দিল্লীৰ নেশ্যনেল ষ্টেডিয়ামত কেৰিয়াৰৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা এক আঘাতৰ সন্মুখীন হৈছিল প্ৰশান্ত বীৰ। এটা কেচ ল’বলৈ চেষ্টা কৰি থাকোঁতে বলটোৱে তেওঁৰ চকুত খুন্দা মাৰিলে। চকুৰ ওচৰত সাতটা চিলাইৰ প্ৰয়োজন হৈছিল। সৌভাগ্যক্ৰমে প্ৰশান্ত বীৰৰ চকুটো বাচিল। ইয়াৰ পিছত প্ৰশান্ত বীৰে ২৩ বছৰ অনুৰ্ধ ষ্টেট এ ট্ৰফীত নিজৰ দক্ষতা প্ৰদৰ্শন কৰি ১৯টা ছয়কে ধৰি ৭খন মেচত ৩৭৬ ৰান সংগ্ৰহ কৰিছিল। তেওঁৰ বেটিং গড় আছিল ৯৪ ৰান। কেৱল এয়াই নহয়, ১৮টা উইকেট দখল কৰি তেওঁ প্ৰতিযোগিতাখনৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে পৰিগণিত হয়।