কি ঘটিছিল আই পি এলত! হুকহুকাই কান্দি উঠিল গেইল, আঁৰত আছে নেকি এইগৰাকী কিংবদন্তি ভাৰতীয়?
এসময়ত আই পি এলৰ মাজভাগত হুকহুকাই কান্দি উঠিছিল ক্ৰীছ গেইলে। শুনাত আচৰিত লাগিলেও এয়া সঁচা। প্ৰাক্তন তাৰকাগৰাকীয়ে নিজে প্ৰকাশ কৰিছে এইবিষয়ে। এটা সময়ত আনকি এনে পৰিস্থিতিৰ বাবে ডিপ্ৰেছনতো ভুগিছিল গেইলে।

আই পি এলৰ ইতিহাসৰে অন্যতম এগৰাকী সফল তথা শ্ৰেষ্ঠ খেলুৱৈ ক্ৰীছ গেইল। ইউনিভাৰ্চ বচ খ্যাত প্ৰাক্তন কেৰিবিয়ান তাৰকাগৰাকীয়ে নিজৰ বিস্ফোৰক শৈলীৰ খেলেৰে ক্ৰিকেটপ্ৰেমীক দিছে বহু স্মৰণীয় ইনিংছ। আজিও আই পি এল ইতিহাসৰ সৰ্বাধিক ব্যক্তিগত স্ক’ৰৰ অধিকাৰী গেইল। বিশাল আকাৰৰ নিজা দৈহিক গঠনৰ দৰেই ক্ৰীজত বিশাল বিশাল ছিক্সাৰৰ পৰিচিত আক্ৰমণৰ বাবে প্ৰতিপক্ষৰ সমুখত এক তাণ্ডৱৰ নাম গেইল। কিন্তু এইগৰাকী তাৰকা ক্ৰিকেটাৰেই এসময়ত আই পি এলৰ মাজভাগত হুকহুকাই কান্দি উঠিছিল।
শুনাত আচৰিত লাগিলেও এয়া সঁচা। প্ৰাক্তন তাৰকাগৰাকীয়ে নিজে প্ৰকাশ কৰিছে এইবিষয়ে। গেইলে সদৰী কৰা মতে আই পি এলত পঞ্জাৱ কিংছৰ দলে তেওঁক এনে ব্যৱহাৰ কৰিছিল যে তেওঁ মনত যথেষ্ট আঘাত পাইছিল। পৰিস্থিতি এনে এটা পৰ্যায়লৈ আহিল যে তেওঁ আই পি এল এৰিব লগা হ’ল। এটা সময়ত আনকি এনে পৰিস্থিতিৰ বাবে ডিপ্ৰেছনতো ভুগিছিল গেইলে।
এক সাক্ষাৎকাৰত ক্ৰীছ গেইলে পঞ্জাৱ কিংছে তেওঁক অপমান কৰা বুলি চাঞ্চল্যকৰ অভিযোগ উত্থাপন কৰিছে। সেই সময়ত দলটোৰ প্ৰশিক্ষক অনিল কুম্বলেৰ সৈতে ফোন যোগে মানসিক চাপৰ বিষয়ে আলোচনা কৰিছিল বুলিও গেইলে লগতে উল্লেখ কৰে। প্ৰাক্তন কেৰিবিয়ান ক্ৰিকেটাৰগৰাকীয়ে আনকি কুম্বলৰ সৈতে কথা পতাৰ সময়ত কান্দি উঠিছিল বুলিও প্ৰকাশ কৰে।
উল্লেখ্য যে ২০১৮ চনত প্ৰিটি জিণ্টাৰ দল পঞ্জাৱ কিংছত যোগ দিছিল ক্ৰীছ গেইলে। দলটোৱে ২ কোটিৰ ভিত্তি মূল্যতে গেইলক ক্ৰয় কৰিছিল। ইয়াৰ পিছত গেইল ২০২১ চনলৈকে এই দলত থাকিল যদিও ছিজনৰ মাজভাগত দল ত্যাগ কৰে। এতিয়া গেইলে উল্লেখ কৰা মতে পঞ্জাৱ কিংছ দলত তেওঁৰ সৈতে দুৰ্ব্যৱহাৰ কৰা হৈছিল, যাৰ বাবে তেওঁ আজিলৈকে অনুশোচনা কৰি আছে।
গেইলে কয়, “পঞ্জাৱৰ সৈতে মোৰ আই পি এলৰ ছিজন ইতিমধ্যে শেষ হৈছে। সঁচা কথা ক’বলৈ গ’লে পঞ্জাৱ কিংছত মোৰ লগত বেয়া ব্যৱহাৰ হৈছিল। মই ভাবো এজন জ্যেষ্ঠ খেলুৱৈ হিচাপে মোক সঠিক ব্যৱহাৰ কৰা হোৱা নাছিল। মোক শিশুৰ দৰে ব্যৱহাৰ কৰিছিল। জীৱনত প্ৰথমবাৰৰ বাবে অনুভৱ কৰিলো যে মই ডিপ্ৰেছনৰ দিশে আগবাঢ়িছো।”
তেওঁ লগতে উল্লেখ কৰা মতে প্ৰশিক্ষক অনিল কুম্বলেক ফোন কৰি তেওঁ দল এৰি যোৱাৰ সিদ্ধান্তৰ বিষয়ে জানিবলৈ দিছিল। মুম্বাইৰ বিৰুদ্ধে শেষৰখন মেচ খেলাৰ পাছতে গেইলে দলত থাকি আৰু নিজৰ ক্ষতি কৰা উচিত নহ’ব বুলি অনুভৱ কৰে আৰু অনিল কুম্বলেৰ সৈতে এই বিষয়ত কথা পাতি থাকোঁতে কান্দি উঠে।
ক্ৰীছ গেইলে লগতে অনিল কুম্বলে আৰু পঞ্জাৱ কিংছৰ গতিপথক লৈ যথেষ্ট হতাশ হৈ পৰা বুলিও প্ৰকাশ কৰে। দলৰ তেতিয়াৰ অধিনায়ক কে এল ৰাহুলে গেইলক পৰৱৰ্তী মেচত খেলাৰ প্ৰস্তাৱ দিয়ে যদিও গেইলে আৰু সেই প্ৰস্তাৱ গ্ৰহণ কৰা নাছিল। গেইলৰ এই মন্তব্যই এতিয়া ব্যাপক চৰ্চা লাভ কৰিছে। লগতে তেওঁৰ অপমানৰ আঁৰত কোন আছিল, সেই লৈও চলিছে চৰ্চা।