কেন্দ্ৰৰ সিদ্ধান্তক অগপৰ বিৰোধিতাৰ পৰা ট্ৰাম্পৰ শুল্ক সংশোধনীলৈ… দিনটোৰ শীৰ্ষ খবৰ
দিনটোত ঘটা বহু ঘটনাই খবৰৰ শীৰ্ষস্থান দখল কৰে। আজিৰ দিনটোটো এনে বহু ঘটনা সংঘটিত হৈছে। পঢ়ক দিনটোৰ এনে ৯টা গুৰুত্বপূৰ্ণ খবৰ...
চৰকাৰত থাকিলেও নাগৰিকত্ব সন্দৰ্ভত কেন্দ্ৰৰ সিদ্ধান্তক মানি নলয় অসম গণ পৰিষদে। শনিবাৰে এক সংবাদমেলযোগে এই ঘোষণা কৰে অগপ নেতৃত্বই। শেহতীয়াকৈ কেন্দ্ৰই ইমিগ্ৰেচন ফৰেইনাৰ্ছ বিল ২০২৫ ৰ অধীনত অ-মুছলমান অনুপ্ৰৱেশকাৰীৰ নাগৰিকত্ব আৱেদনৰ ভিত্তিবৰ্ষৰ ম্যাদ ১০ বছৰ বৃদ্ধি কৰে। এই নিৰ্দেশনাৰ আওতাৰ পৰা অসমক বাদ দিবলৈ দাবী জনাইছে অগপই।
বিদেশী সমস্যাক লৈ পুনৰ সৰৱ হৈ পৰিল অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ ৷ ৰাজ্য চৰকাৰে বলপূৰ্ব্বকভাৱে কা আইন বলৱৎ কৰিব বিচৰাৰ লগতে শেহতীয়া চৰকাৰী নিৰ্দেশনাৰ জৰিয়তে বিদেশীক বৰপীৰা পাৰি দিয়াৰ চেষ্টা চলোৱা বুলি গুৰুতৰ অভিযোগ কৰে গগৈয়ে ৷
মানৱ সৰবৰাহৰ বিৰুদ্ধে সফল অভিযান অসম আৰক্ষীৰ। অসমৰ কাৰ্বি আংলং আৰক্ষীয়ে উদ্ধাৰ কৰিছে তিনিবছৰ পূৰ্বে দিল্লী আৰু ৰাজস্থানত বিক্ৰী হোৱা বকলিয়াঘাটৰ এগৰাকী মাতৃ আৰু নাবালিকা কন্যাকে ধৰি একাধিক ভুক্তভোগীক। লগতে চাওঁ আহক ৰাজ্যৰ পৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ, আজি দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ…