শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

৩ হেট্ৰিক, ১০০০ ৰো অধিক উইকেট দখল! অৱশেষত অৱসৰ গ্ৰহণ কৰিলে এইজন ভাৰতীয় খেলুৱৈয়ে…

১০০০ তকৈ অধিক উইকেট দখল কৰা এজন খেলুৱৈ গ্ৰহণ কৰিলে অৱসৰ। সামাজিক মাধ্যম যোগে তেওঁ এই কথা ঘোষণা কৰে। তেওঁ ঘৰুৱাৰ লগতে আন্তৰাষ্ট্ৰীয় মেচো খেলিছিল।

৩ হেট্ৰিক, ১০০০ ৰো অধিক উইকেট দখল! অৱশেষত অৱসৰ গ্ৰহণ কৰিলে  এইজন ভাৰতীয় খেলুৱৈয়ে…
ভাৰতীয় ক্ৰিকেটImage Credit source: GettyImages
barasha-sarma
Barasha Sarma | Published: 04 Sep 2025 14:22 PM

অৱসৰ গ্ৰহণ কৰিলে ১০০০ ৰো অধিক উইকেট দখল কৰা এজন খেলুৱৈয়ে। নিজৰ স্পিনেৰে ডাঙৰ ডাঙৰ বেটছমেনকো চিন্তাত পেলোৱা এই খেলুৱৈজনে ৪ ছেপ্টেম্বৰত নিজৰ অৱসৰৰ কথা ঘোষণা কৰে। এই খেলুৱৈজনৰ নাম অমিত মিশ্ৰ। বৃহস্পতিবাৰে সামাজিক মাধ্য়মৰ যোগেদি অমিত মিশ্ৰই অৱসৰৰ কথা ঘোষণা কৰে।

এইগৰাকী খেলুলৈ দীৰ্ঘদিন ধৰি ভাৰতীয় ক্ৰিকেট দল আৰু আই পি এলৰ পৰা আঁতৰত আছিল। ঘৰুৱা ক্ৰিকেটতো অংশগ্ৰহণ কৰা নাছিল তেওঁ। তাৰ মাজতে এতিয়া অমিত মিশ্ৰই অৱসৰ গ্ৰহণ  কৰাৰ কথা ঘোষণা কৰে। ভাৰতৰ হৈ অমিত মিশ্ৰই ২২ খন টেষ্ট, ৩৬খন এদিনীয়া আৰু ১০খন টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচ খেলিছে।  এইগৰাকী খেলুৱৈৰ বিশেষ কথা এয়াই যে তেওঁ ঘৰুৱা ক্ৰিকেটৰ লগতে আই পি এলতো নিজৰ প্ৰতিভা দেখুৱাইছিল। অৱশ্যে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত হৰভজন আৰু অনিল কুম্বলেৰ উপস্থিতিৰ বহু মেচ খেলিব পৰা নাছিল তেওঁ।

কেৰিয়াৰ

ভাৰতৰ হৈ অমিত মিশ্ৰই ২২খন টেষ্টত ৭৬টা উইকেট দখল কৰিছিল।  ইয়াৰোপৰি তেওঁ ৩৬ বাৰকৈ এদিনীয়া খেলাৰ সুযোগ লাভ কৰিছিল, য’ত  ৬৪টা উইকেট দখল কৰিছিল। লগতে টি-২০ত ১৬টা উইকেট দখল কৰিবলৈ সক্ষম হৈছিল।

মিশ্ৰই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটো খেলিছিল। ঘৰুৱা ক্ৰিকেটত অমিত মিশ্ৰই যথেষ্ঠ সুনাম কৰিছে। তেওঁ ১৫২ খন ফাৰ্ষ্ট ক্লাছ মেচত ৫৩৩ টা উইকেট দখল কৰিছিল। A তালিকাত তেওঁৰ নামত ২৫২ আৰু টি২০ ত ২৮৫ টা উইকেট আছে। মিশ্ৰই নিজৰ কেৰিয়াৰত মুঠ ১০৭২ টা উইকেট দখল কৰিছে। ইমানেই নহয়, তেোঁ ফাৰ্ষ্ট ক্লাছ ক্ৰিকেটত শতক অৰ্জন কৰি মুঠ ৪১৭৬ ৰান নিজৰ নামত কৰিছে।

আই পি এল

আই পি এলো খেলিছিল অমিত মিশ্ৰই। তেওঁ দিল্লী কেপিটেলছ, লক্ষ্ণৌ ছুপাৰজায়েণ্টছ, ছানৰাইজাৰ্ছ হায়দৰাবাদ, ডেকান চাৰ্জাৰ্ছৰ আদিৰ হৈ খেলিছি ১৭৪ টা উইকেট দখল কৰিবলৈ সক্ষম হৈছিল। এইগৰাকী খেলুৱৈয়ে আই পি এলত তিনিবাৰকৈ হেট্ৰিক দখল কৰিছে অভিলেখো গঢ়িছে। তেওঁ ইকনমি ৰেট আছিল মাত্ৰ ৭.৩৭ । অমিত মিশ্ৰই আই পি এলৰ ১৫টা ছিজন খেলিছিল য’ত তেওঁ ৩৬ কোটিৰো অধিক উপাৰ্জন কৰিছিল।

 

অন্য খবৰ পঢ়কঃ সৰুসজাই ক্রীড়া প্রকল্পৰ নতুন নাম ‘অর্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া প্রকল্প’…