স্মৃতিশক্তি দুৰ্বল হোৱাৰ কাৰণ কি জানেনে? জানক এই সমস্যাৰ পৰা হাত সৰাৰ উপায় আদি সকলো…
মানুহৰ শাৰীৰিকৰ লগতে বিভিন্ন মানসিক সমস্যাইও দেখা দিয়ে। এনে ক্ষেত্ৰত বহুতে স্মৃতিশক্তি দুৰ্বল হোৱাৰ সমস্যাত ভোগে। কিছুমান কম বয়সৰ যুৱক-যুৱতীয়েও এই সমস্যাত ভোগা দেখা যায়।

বয়স বৃদ্ধিৰ লগে লগে মানুহৰ বিভিন্ন স্বাস্থ্যজনিত সমস্যাই দেখা দিয়ে। কেৱল শাৰীৰক সমস্যাই যে হ’ব তেনে নহয়, ইয়াৰ ফলত মানসিক সমস্যাৰো সৃষ্টি হয়। ইয়াৰ ভিতৰত স্মৃতিশক্তি দুৰ্বল হোৱা অন্যতম। বয়স বৃদ্ধিৰ লগে লগে স্মৃতিশক্তি দুৰ্বল হোৱা সাধাৰণ কথা। কিন্তু কম বয়সতে যদি এই সমস্যা হয় তেন্তে এই দিশত গুৰুত্ব দিব লাগে। বহু মানুহে বিভিন্ন কাৰণত কম বয়সতো স্মৃতিশক্তি দুৰ্বল হোৱাৰ সমস্যাত ভোগা দেখা যায়।
আমাৰ স্মৃতিশক্তি দুৰ্বল হোৱাৰ বিভিন্ন কাৰণ থাকিব পাৰে। কিছুমান ৰোগ, অত্যধিক চিন্তা আদি স্মৃতিশক্তি দুৰ্বল হোৱাৰ কাৰণ হ’ব পাৰে। ইয়াৰোপৰি কিছুমান খাদ্যইও মানুহৰ স্মৃতিশক্তি প্ৰভাৱিত কৰে। সঠিক ভিটামিন আৰু মিনাৰেলছে স্মৃতিশক্তি, মনোযোগ, মানসিক ক্ষমতা শক্তিশালী কৰাত সহায় কৰে। এনে অৱস্থাত বয়স বৃদ্ধিৰ পাছতো স্মৃতিশক্তি মজবুত কৰি ৰাখিব পাৰি। গতিকে মগজুৰ বাবে কি পুষ্টিকৰ উপাদান প্ৰয়োজনীয় তলত উল্লেখ কৰা হ’ল।
ভিটামিন বি
ভিটামিন বি৬, বি ৯ (ফোলেট), বি ১২ (vitamin B12) ৰ দৰে ভিটামিনে মগজুৰ স্বাস্থ্যত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ই নিউৰ’ট্ৰান্সমিটাৰ তৈয়াৰ কৰাত সহায় কৰে, যিয়ে মগজুৰ কোষৰ মাজত বাৰ্তা প্ৰেৰণ কৰাৰ কাম কৰে। যাৰ ফলত মুড ভালে থাকে আৰু স্মৃতিশক্তি ভাল কৰে। বিশেষকৈ বি১২ কোষৰ স্বাস্থ্য আৰু তেজত অক্সিজেন প্ৰেৰণ কৰাৰ বাবে প্ৰয়োজনীয়। বয়স বৃদ্ধিৰ লগে লগে ইয়াৰ অভাৱ হয়। যাৰ ফলত পাহৰি যোৱাৰ সমস্যা হয়। ইয়াৰ বাবে আপুনি সেউজীয়া শাক-পাচলি, কণী, মাছ, চিকেন, ফৰ্টিফাইড চিৰিয়েল্স আদি খাব পাৰে।
ভিটামিন ডি
ভিটামিন ডি সাধাৰণতে সূৰ্যৰ পোহৰৰ পৰা পোৱা যায়। ই মগজুৰ কোষক প্ৰভাৱিত কৰে। ই চিন্তা ক্ষমতা ভাল কৰে আৰু মুডৰ ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰে। গৱেষণাৰ পৰা দেখা গৈছে যে যিসকল লোকৰ শৰীৰত ভিটামিন ডিৰ অভাৱ হয়, তেওঁলোকৰ মানসিক দুৰ্বলতা আৰু স্মৃতিশক্তি দুৰ্বল হোৱাৰ সম্ভাৱনা বেছি। এনে ক্ষেত্ৰত মাছ, গাখীৰ আদি খাব পাৰে। ইয়াৰ লগতে সূৰ্যৰ পোহৰ ভিটামিন ডিৰ প্ৰধান উৎস।
অমেগা ৩ ফেটি এচিড
অমেগা ৩ ফেটি এচিডে মগজুৰ কোষ মজবুত আৰু নমনীয় কৰি তোলাত সহায় কৰে। ইয়াৰোপৰি ই মগজুৰ কাৰ্যপ্ৰণালী উন্নত কৰে। বিশেষকৈ DHA আৰু EPA নামৰ অমেগা ২ মগজুৰ বাবে গুৰুত্বপূৰ্ণ। ইয়াৰবাবে আপুনি ছালমন, আখৰোট, চিয়া চিডছ আদি খাব পাৰে।
এন্টিঅক্সিডেন্ট
ভিটামিন চি আৰু ভিটামিন ইৰ ৰ দৰে এন্টিঅক্সিডেন্টছে মগজুক ফ্ৰী ৰেডিকেল্সৰ পৰা ৰক্ষা কৰে। ফ্ৰী ৰেডিকেল্স এনে উপাদান যিয়ে কোষৰ ক্ষতি কৰে আৰু বয়স বৃদ্ধিৰ প্ৰক্ৰিয়া ত্বৰান্বিত কৰে। এন্টিঅক্সিডেন্ট ইয়াৰ বিৰুদ্ধে যুঁজ দিয়ে আৰু মগজুৰ কোষক সুৰক্ষা দিয়ে। এনে ক্ষেত্ৰত আপুনি কমলা, নেমু, কেপচিকাম, কচু, আলমণ্ড আৰু সূৰ্যমুখী গুটি আদি খাব পাৰে।
মেগনেছিয়াম
মগজু আৰু স্নায়ুৰ সৈতে জড়িত প্ৰক্ৰিয়াকে ধৰি শৰীৰৰ ৩০০ৰো অধিক প্ৰক্ৰিয়াত মেগনেছিয়াম জড়িত হৈ থাকে। ই স্মৃতিশক্তি আৰু শিকাৰ ক্ষমতা শক্তিশালী কৰে। ইয়াৰ বাবে আপুনি কচু, আলমণ্ড, দাইল, বিন আদি খাব পাৰে।
অন্য খবৰ পঢ়কঃ তেজৰ ধমনী বন্ধ হৈ গ’লে ভৰিত দেখা দিয়ে এই ৫ টা লক্ষণ, জানক সকলো…