বেংকৰ লকাৰৰ পৰাই ‘অন্তৰ্ধান’ হ’ল ৬০ লাখ টকাৰ সোণ! মূৰত সৰগ বাগৰি পৰিল গ্ৰাহকৰ
সোণখিনি বিচাৰি বেংকত উপস্থিত হোৱা দম্পতীহালক বেংক কৰ্তৃপক্ষই দিয়ে আচৰিত উত্তৰ। দম্পতীহালে ইতিমধ্যেই সোণখিনি লৈ গৈছে বুলি জানিবলৈ দিয়ে বেংক কৰ্তৃপক্ষই। এনে কথা শুনি হতভম্ব হৈ উঠে দম্পতীহাল। লগে লগে তেওঁলোকে আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰে।

বৰ্তমান সময়ত কোনো নিতান্ত প্ৰয়োজন পূৰ কৰিবলৈ বহু লোকে বেংকৰ গ’ল্ড লোনৰ সুবিধা গ্ৰহণ কৰে। লগতে ঘৰত থকা সোণ বেংকত ৰাখিলে নিৰাপদ হয় বুলিও সততে কোৱা হয়। এই আশ্বাস লাভ কৰিয়েই বৃহৎ পৰিমাণৰ সোণ বেংকত ৰাখিছিল এহাল দম্পতীয়ে। কিন্তু এই সোণখিনি ঘূৰাই আনিবলৈ গৈ মূৰত সৰগ বাগৰি পৰিল দম্পতীহালৰ। সোণখিনি বিচাৰি বেংকত উপস্থিত হোৱা দম্পতীহালক বেংক কৰ্তৃপক্ষই দিয়ে আচৰিত উত্তৰ। দম্পতীহালে ইতিমধ্যেই সোণখিনি লৈ গৈছে বুলি জানিবলৈ দিয়ে বেংক কৰ্তৃপক্ষই।
এনে কথা শুনি হতভম্ব হৈ উঠে দম্পতীহাল। লগে লগে তেওঁলোকে আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰে। এই অভিযোগ লাভ কৰাৰ পিছতে আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰে আৰু তদন্তৰ অন্তত চৰকাৰী বেংকটোৰ দুজন কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰে। পশ্চিম বংগৰ ভৱনীপুৰত সংঘটিত হৈছে এই ঘটনা।
এই ঘটনাৰ লগত জড়িত লোকসকলক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাইছে দম্পতীহালে। বেংক কৰ্মচাৰীৰ প্ৰৱঞ্চনাৰ বলি হোৱা এই দম্পতীহাল ছিয়ালদহৰ বাসিন্দা। কলিকতা বিশ্ববিদ্যালয়ৰ আৰবী সাহিত্যৰ অধ্যাপক ইশ্বাৰদ আলী মোল্লা আৰু তেওঁৰ পত্নী ছিদ্দিকা খাতুনে নিজৰ সোণ বন্ধকত ৰাখি সন্তানৰ শিক্ষাৰ বাবে চৰকাৰী বেংকটোৰ পৰা ঋণ লোৱাৰ সিদ্ধান্ত লয়।
সেই অনুসৰি ৫৭১ গ্ৰাম সোণ বন্ধকত ৰাখি তেওঁলোকে ৯ লাখ ৪০ হাজাৰ টকাৰ ঋণ লৈছিল। সেই ঋণৰ ওপৰত তেওঁলোকে মাহিলী ধন পৰিশোধ কৰে আৰু ২০১৮ চনৰ ১৬ জানুৱাৰীৰ ভিতৰত তেওঁলোকে ঋণ সম্পূৰ্ণৰূপে পৰিশোধ কৰে। ইশ্বাৰদ আলীয়ে এই সন্দৰ্ভত জানিবলৈ দিয়া মতে ঋণ পৰিশোধ সম্পূৰ্ণ কৰাৰ পিছত তেওঁলোকে সোণখিনি আনিবলৈ বেংকলৈ গৈছিল।
কিন্তু বেংকৰ তেতিয়াৰ মেনেজাৰে সোণখিনি নিৰাপদে ৰখাৰ বাবে বেংকতে থোৱাৰ পৰামৰ্শ দিয়ে। মেনেজাৰৰ কথা শুনি দম্পতীহালেও বেংকতে সোণখিনি ৰাখিলে। কিন্তু শেহতীয়াকৈ তেওঁলোকে সোণখিনি উভতাই অনাৰ বাবে বেংকলৈ গৈ আজৱ কথা শুনিবলৈ পায়। বেংক কৰ্তৃপক্ষই ২০১৮ চনতে দম্পতীহালে সোণখিনি লৈ যোৱা বুলি কয় আৰু এই বিষয়ত তেওঁলোকৰ চহীও দেখুৱাইছিল।
কিন্তু চহী দেখাৰ লগে লগে তেওঁলোকে এয়া ভুৱা চহী ভুলি নিশ্চিত কৰি দিয়ে আৰু তাৰ পিছতে ভৱনীপুৰ থানাত এজাহাৰ দাখিল কৰে। এই অভিযোগৰ দীঘলীয়া আঠ মাহৰ তদন্তৰ অন্তত আজি ভৱানীপুৰ আৰক্ষী থানাই গ্ৰেপ্তাৰ কৰে চৰকাৰী বেংকটোৰ তেতিয়াৰ ডেপুটি মেনেজাৰ আৰু কোষাধ্যক্ষক। এই ঘটনাত আৰু কোনো লোক জড়িত আছে নে নাই সেই বিষয়ে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
বৰ্তমান এই সোণখিনিৰ মূল্য প্ৰায় ৬০ লাখ টকা বুলি জানিব পৰা গৈছে। অভিযোগকাৰী পৰিয়ালটোৱে সোণখিনি ঘূৰাই বিচৰাৰ লগতে এই ঘটনাৰ লগত জড়িতসকলক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাইছে। একে সময়তে তেওঁলোকে চৰকাৰী বেংকত যদি তেওঁলোকৰ সোণ সুৰক্ষিত নহয় তেতিয়া সাধাৰণ জনতাই নিজৰ সম্পত্তি ক’ত ৰাখিব বুলিও প্ৰশ্ন উত্থাপন কৰিছে।