শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

এছিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে খেলিবলৈ ইচ্ছুক নহয় ভাৰতীয় খেলুৱৈ! খেলপথাৰত দেখা গ’ল এনে দৃশ্য

অহা ১৪ ছেপ্টেম্বৰত ডুবাইত পাকিস্তানৰ সন্মুখীন হ’ব ভাৰতীয় দল। এই প্ৰতিযোগিতাৰ বাবে ইতিমধ্যে দুয়োটা দল ডুবাইত উপস্থিত হৈছে আৰু অনুশীলন আৰম্ভ কৰিছে। পিছে অনুশীলনস্থলীতে এতিয়া দেখা গৈছে এক বিশেষ দৃশ্য।

এছিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে খেলিবলৈ ইচ্ছুক নহয় ভাৰতীয় খেলুৱৈ! খেলপথাৰত দেখা গ’ল এনে দৃশ্য
এছিয়া কাপৰ বাবে প্ৰস্তুতি ভাৰত-পাকিস্তানৰImage Credit source: PTI/BCCI
monjit-dutta
Monjit Dutta | Updated On: 07 Sep 2025 15:40 PM

অহা ৯ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব এছিয়া কাপ। এই প্ৰতিযোগিতাৰ বাবে ক্ৰিকেটপ্ৰেমীয়ে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰিছে। প্ৰতিযোগিতাত বিশেষকৈ ভাৰত-পাকিস্তানৰ মেচক কেন্দ্ৰ কৰি অনুৰাগীৰ মাজত ব্যাপক চৰ্চা চলি আহিছে। পহলগামত পাকিস্তানী মূলৰ সন্ত্ৰাসবাদীৰ আক্ৰমণ আৰু তাৰ পিছত ভাৰতে চলোৱা অপাৰেচন সেন্দূৰক কেন্দ্ৰ কৰি দুয়ো দেশৰ মাজত সৃষ্টি হৈছিল যুদ্ধসদৃশ পৰিস্থিতিৰ। ইয়াৰ পিছতে ভাৰত আৰু পাকিস্তানৰ মাজত সম্পৰ্কৰ দ্ৰুত অৱনতি ঘটিছিল। এনে ৰাজনৈতিক পৰিস্থিতিৰ প্ৰভাৱ পৰিছিল ক্ৰীড়াক্ষেত্ৰতো।

শেহতীয়া এই ৰাজনৈতিক পৰিস্থিতিৰ পিছত পাকিস্তানৰ সৈতে ভাৰতে ক্ৰিকেট মেচ খেলিব নালাগে বুলি বহুলোকে দাবী কৰিছে। এছিয়া কাপতো পাকিস্তানৰ বিৰুদ্ধে ভাৰতীয় দলে খেলা উচিত নহয় বুলি বহু লোকে মত প্ৰকাশ কৰিছিল। কিন্তু ক্ৰীড়া মন্ত্ৰালয়ৰ পৰা সেউজ সংকেট পোৱাৰ পিছতে বিচিচিআইয়ে এই সকলো চৰ্চাৰ ওৰ পেলায়।

এতিয়া সূচী অনুসাৰে ১৪ ছেপ্টেম্বৰত ডুবাইত পাকিস্তানৰ সন্মুখীন হ’ব ভাৰতীয় দল। এই প্ৰতিযোগিতাৰ বাবে ইতিমধ্যে দুয়োটা দল ডুবাইত উপস্থিত হৈছে আৰু অনুশীলন আৰম্ভ কৰিছে। ডুবাইৰ আইচিচি একাডেমীৰ খেলপথাৰত ভাৰত আৰু পাকিস্তানৰ খেলুৱৈসকলে অনুশীলন কৰি থকা ফটো তথা ভিডিঅ’ ইতিমধ্যে পোহৰলৈ আহিছে।

লক্ষণীয়ভাৱে দুয়োটা দলে একেখন খেলপথাৰতে অনুশীলন চলায় যদিও খেলপথাৰ খেলুৱৈসকলে পৰস্পৰৰ সৈতে কৰমৰ্দন কৰা নাছিল বুলি খবৰ প্ৰকাশ পাইছে। প্ৰতিবেদন অনুসৰি, পাকিস্তানৰ দলটোৱে ডুবাইৰ আইচিচি একাডেমীত উপস্থিত হোৱাৰ সময়ত ভাৰতীয় দলটোৱে ইতিপূৰ্বৰে পৰা সেই স্থানত অনুশীলন কৰি আছিল।

খেলপথাৰ একেখন হ’লেও দুয়ো দলৰ অনুশীলনৰ স্থাল অৱশ্যে পৃথক আছিল। খেলুৱৈসকলৰ মাজত অনুশীলনৰ সময়ত এইদৰে মিলামিচা কৰা দেখা নগ’লেও অৱশ্যে ১৪ ছেপ্টেম্বৰত দুয়োটা দলে সূচী অনুসাৰেই মেচত অৱতীৰ্ণ হ’ব। এই গ্ৰুপ মেচৰ লগতে ভাৰত আৰু পাকিস্তান নক আউট পৰ্যায় আৰু ফাইনেলতো মুখামুখি হোৱাৰ সম্ভাৱনা আছে।

উল্লেখ্য যে ৯ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া এছিয়া কাপত ভাৰতে ১০ ছেপ্টেম্বৰৰ পৰা অভিযান আৰম্ভ কৰিব। আনহাতে পাকিস্তানে ১২ ছেপ্টেম্বৰত প্ৰথমখন মেচ খেলিব। ইয়াৰ পিছত ১৪ ছেপ্টেম্বৰত মুখামুখি হ’ব দুয়োটা দল। সাধাৰণতেই ভাৰত-পাক মেচ বুলিলে ক্ৰিকেটপ্ৰেমীৰ মাজত বিশেষ উৎকণ্ঠা দেখা যায়। আগন্তুক মেচতো স্বাভাৱিকতেই এনে প্ৰভাৱ পৰিলক্ষিত হ’ব।