শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

কোৰিয়ান ভূমিত অপ্ৰতিৰোধ্য হৈ উঠিল ভাৰতীয় আৰ্চাৰঃ ইতিহাস ৰচি জয় কৰিলে স্বৰ্ণ

স্বৰ্ণ জয়ী এই ভাৰতীয় দলটোৰ সদস্য আছিল অমন ছাইনী, ঋষভ যাদৱ, আৰু প্ৰথমেশ ভালচন্দ্ৰ ফুগে। তীব্ৰ প্ৰতিদ্বন্দিতাপূৰ্ণ যুঁজত ফৰাচী দলটোক ৪টা ছেটৰ অন্তত পৰাস্ত কৰি স্বৰ্ণ জয় কৰে।

কোৰিয়ান ভূমিত অপ্ৰতিৰোধ্য হৈ উঠিল ভাৰতীয় আৰ্চাৰঃ ইতিহাস ৰচি জয় কৰিলে স্বৰ্ণ
ভাৰতীয় পুৰুষ কম্পাউণ্ড দলৰ ইতিহাসImage Credit source: x
monjit-dutta
Monjit Dutta | Updated On: 07 Sep 2025 16:40 PM

ভাৰতীয় ক্ৰীড়াক্ষেত্ৰক গৌৰৱান্বিত কৰি দক্ষিণ কোৰিয়াৰ ভূমিত চমক সৃষ্টি কৰিছে ভাৰতীয় আৰ্চাৰে। অসামান্য প্ৰদৰ্শনেৰে ভাৰতীয় পুৰুষ কম্পাউণ্ড দলে কোৰিয়াত চলি থকা বিশ্ব আৰ্চাৰী চেম্পিয়নশ্বিপত স্বৰ্ণ পদক জয় কৰি ইতিহাস সৃষ্টি কৰিছে। আজি প্ৰতিযোগিতাৰ ফাইনেলত ভাৰতীয় দলটোৱে ফ্ৰাঞ্চক ২৩৫-২৩৩ৰ ব্যৱধানত পৰাস্ত কৰে। এইদৰে ভাৰতে কম্পাউণ্ড দলীয় ইভেণ্টত বিশ্ব চেম্পিয়নশ্বিপৰ প্ৰথমটো সোণৰ পদক জয়ৰ গৌৰৱ অৰ্জন কৰিছে।

স্বৰ্ণ জয়ী এই ভাৰতীয় দলটোৰ সদস্য আছিল অমন ছাইনী, ঋষভ যাদৱ, আৰু প্ৰথমেশ ভালচন্দ্ৰ ফুগে। তীব্ৰ প্ৰতিদ্বন্দিতাপূৰ্ণ যুঁজত ফৰাচী দলটোক ৪টা ছেটৰ অন্তত পৰাস্ত কৰি স্বৰ্ণ জয় কৰে। প্ৰথম ছেটৰ অন্তত অৱশ্যে পিছ পৰিছিল ভাৰতীয় দলটো। ইয়াৰ পিছত দুয়োটা ছেট ড্ৰ ৰূপে সামৰণি পৰে। কিন্তু চতুৰ্থ তথা নিৰ্ণায়ক ছেটত ৫৭-৫৯ ব্যৱধানত জয় লাভ কৰি ভাৰতীয় দলটো ইতিহাসৰ সাক্ষী হৈ ৰয়।

লক্ষণীয়ভাৱে কম্পাউণ্ড শাখাত স্বৰ্ণ জয়ী ভাৰতীয় দলটোৰ সদস্য ঋষভ যাদৱে প্ৰতিযোগিতাত আন এক সফলতাও লাভ কৰে। এই স্বৰ্ণ জয়ৰ পূৰ্বে তেওঁ জ্যোতি সুৰেখাৰ সৈতে মিক্সড ইভেণ্টতো ৰূপৰ পদক লাভ কৰিছিল। ফাইনেলত নেদাৰলেণ্ডৰ মাইক শ্ব্ল’ছাৰ আৰু ছানে ডি লাটৰ হাতত পৰাস্ত হয় ভাৰতীয় যুটিটো।

উল্লেখ্য যে স্বৰ্ণ জয়ী ভাৰতীয় কম্পাউণ্ড দলটোৱে ফাইনেলত পৰাস্ত কৰা ফৰাচী দলটোত আছিল নিকোলাছ জিৰাৰ্ড, জিন ফিলিপ ব’লচ, ফ্ৰান্সোৱা ডুব’ইছ। ভাৰতীয় দলটোৱে প্ৰথম ৰাউণ্ডত বাই পোৱাৰ পিছত দ্বিতীয় ৰাউণ্ডত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৰোমাঞ্চকৰ শ্বুট অফত জয়লাভ কৰিছিল।

কোৱাৰ্টাৰ ফাইনেলত ভাৰতীয় দলটোৱে আমেৰিকাৰ বিৰুদ্ধে ২৩৪-২৩৩ ব্যৱধানত ৰোমাঞ্চকৰ যুঁজৰ অন্তত জয়লাভ কৰিছিল। ইয়াৰ পিছত ছেমিফাইনেলত ভাৰতীয় দলটোৱে তুৰ্কিৰ বিৰুদ্ধে ২৩৪-২৩২ ব্যৱধানত জয়লাভ কৰে আৰু ফাইনেলৰ পথ প্ৰশস্ত কৰে।