শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

একেখন মেচতে দুটাকৈ অভিলেখ ৰোহিত শৰ্মাৰ, ৩০০ ছিক্সাৰ আৰু ৭০০০ ৰান সম্পূৰ্ণ আই পি এলত

আই পি এলৰ ইতিহাসত ৭ হাজাৰ ৰানৰ মাইলৰ খুঁটি অতিক্ৰম কৰা দ্বিতীয়জন বেটছমেন হিচাপে পৰিগণিত হৈছে ৰোহিত শৰ্মা । তেওঁৰ আগত আছে বিৰাট কোহলি । তাৰোপৰি ৰোহিত শৰ্মা হৈছে বিশ্বৰ দ্বিতীয় আৰু প্ৰথমজন ভাৰতীয় বেটছমেন, যিয়ে ৩০০ ছিক্সাৰ কোবাইছে আইপিএলত ।

একেখন মেচতে দুটাকৈ অভিলেখ ৰোহিত শৰ্মাৰ, ৩০০ ছিক্সাৰ আৰু ৭০০০ ৰান সম্পূৰ্ণ আই পি এলত
ৰোহিত শৰ্মাImage Credit source: BCCI
raj-saikia
Raj Saikia | Updated On: 31 May 2025 15:33 PM

ৰান সংগ্ৰহৰ তাৰণা কমি গৈছে নেকি ৰোহিত শৰ্মাৰ? টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰৰ পাচত আলোচনা হৈছিল ৰোহিতৰ ফৰ্মক লৈ । প্ৰাক্তন ক্ৰিকেটাৰসকলৰ বহুতৰ মনতেই এনে ভাব হৈছিল । বিশ্ব ক্ৰিকেট তথা আইপিএলত ৰোহিত শৰ্মাই যি খ্যাতি অৰ্জন কৰিছে, তাৰ পাছত তেওঁৰ আৰু কি প্ৰত্যাশা থাকিব পাৰে? হ’লেও বিষয়টো কিন্তু উলাই কৰিব নোৱাৰি ।

অষ্ট্ৰেলিয়াত অনুষ্ঠিত বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ অন্তিমখন মেচত যেতিয়া তেওঁ নিজেই থিয় দিছিল, তেতিয়া এনে লাগিছিল যেন তেওঁ টেষ্টৰ পৰা অৱসৰ ল’ব । কিন্তু তাৰ পিছত তেওঁ স্পষ্ট কৰি দিলে যে তেওঁ টেষ্ট ক্ৰিকেটৰ পৰা নহয়, এখন মেচৰ পৰাহে অব্যাহতি লৈছিল । কেৱল সেয়াই নহয় ঘৰলৈ উভতি আহি ৰঞ্জী ট্ৰফীও খেলিছিল । লক্ষ্য আছিল ইংলেণ্ডৰ খেলপথাৰত নতুন আৰম্ভণি । ইয়াৰ মাজতে তেওঁ আই চি চি চেম্পিয়নছ ট্ৰফীও জয় কৰে । তথাপিও তেওঁ টেষ্টৰ পৰা অৱসৰ ল’লে । প্ৰশ্ন কৰাটো স্বাভাৱিক । আই পি এললৈ উভতি যাওঁ আহক ।

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত ৰোহিত শৰ্মাৰ আছে বহু অভিলেখ । মুঠতে তেওঁ আই পি এলত প্ৰায় আধা ডজন ট্ৰফী লাভ কৰিছে । অধিনায়ক হিচাপে তেওঁ মুম্বাই ইণ্ডিয়ানছৰ হৈ ৫টা ট্ৰফী লাভ কৰিছে । কাগজে-কলমে তেওঁ এতিয়া মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক নহয় । কোৱা বাহুল্য যে তেওঁ এজন নেতা । এটা বা আনটো অভিলেখত অহৰহ সংযোজন হৈ আছে ৰোহিতৰ নাম । আই পি এলৰ মঞ্চত গুজৰাট টাইটানছৰ বিৰুদ্ধে দ্বৈত কৃতিত্ব অৰ্জন ৰোহিত শৰ্মাৰ । এটা ক্ষেত্ৰত বিৰাট কোহলি তেওঁৰ আগত, আন এক ক্ষেত্ৰত তেওঁ বিৰাটতকৈ আগত ।

আই পি এলৰ ইতিহাসত ৭ হাজাৰ ৰানৰ মাইলৰ খুঁটি অতিক্ৰম কৰা দ্বিতীয়জন বেটছমেন হিচাপে পৰিগণিত হৈছে ৰোহিত শৰ্মা । তেওঁৰ আগত আছে বিৰাট কোহলি । আই পি এলত সৰ্বাধিক ৰান সংগ্ৰহৰ অভিলেখ বিৰাট কোহলিৰ । ৮৫০০ৰো অধিক ৰান । ইয়াতো ৰো-কো যুটিৰ প্ৰভাৱ আছে । টাইটানছৰ বিৰুদ্ধে আন এক কৃতিত্বও অৰ্জন কৰিছে হিটমেনে । ছিক্সাৰ কোবোৱাৰ অভিলেখ। যিসকলে ৰোহিতৰ ৰানৰ ক্ষুধা কমিছে বুলি ভাবে, তেওঁলোকৰ বাবে টাইটানছৰ বিৰুদ্ধে বিধ্বংসী ইনিংছ যেন এক বাৰ্তা ।

আই পি এলৰ ইতিহাসত তিনিশ বা তাতকৈ অধিক ছিক্সাৰ কোবোৱাৰ একমাত্ৰ অভিলেখ আছিল ক্ৰীছ গেইলৰ হাতত । কেৰিবিয়ানৰ কিংবদন্তিগৰাকীয়ে ৩৫৭টা ছয় কোবাইছে । ৰোহিত শৰ্মা হৈছে বিশ্বৰ দ্বিতীয় আৰু প্ৰথমজন ভাৰতীয় বেটছমেন যিয়ে ৩০০ ছিক্সাৰ কোবাইছে আইপিএলত । গুজৰাটৰ বিৰুদ্ধে খেলখনৰ পূৰ্বে আই পি এলত ৰোহিতৰ ছিক্সাৰৰ সংখ্যা আছিল ২৯৮ টা । অৰ্ধশতক অৰ্জনৰ পথত দুটা ছিক্সাৰ কোবাই ৩০০ টা ছয়ৰ অভিলেখ গঢ়িলে হিটমেনে । ৮১ ৰানৰ ইনিংছটোত ৪টা ছয় কোবায় ৰোহিতে ।

আই পি এলত ছিক্সাৰ কোবোৱাৰ ক্ষেত্ৰত ৰোহিত শৰ্মাৰ অংশীদাৰ হৈছে বিৰাট কোহলি । ৰোহিতৰ পিছতে আছে কিং কোহলি আছে । বিৰাটে ২৯১টা ছয় কোবাইছে । এতিয়াও আহি আছে আই পি এলৰ ফাইনেল । গতিকে সেই দূৰত্ব কিছু কম হোৱাৰ সুযোগ আছে । সক্ৰিয় ক্ৰিকেটাৰসকলৰ ভিতৰত ছিক্সাৰ কোবোৱাৰ ক্ষেত্ৰত ৰোহিতৰ পিচতেই আছে ঘনিষ্ঠ বিৰাট কোহলি ।