শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

সপ্তাহৰ কোনটো বাৰত জন্ম হোৱা লোকৰ ওপৰত কোনটো গ্ৰহৰ প্ৰভাৱ! দেখা যায় এনে আচৰণগত পাৰ্থক্য

ধৰ্মীয় বিশ্বাস অনুসৰি, সপ্তাহৰ প্ৰতিটো দিন এটা নিৰ্দিষ্ট গ্ৰহৰ লগত জড়িত। গতিকে যিকোনো ব্যক্তিৰ মাজত দেখা পোৱা বিভিন্ন আচৰণগত বৈশিষ্ট্যৰ কাৰণ বিভিন্ন গ্ৰহৰ প্ৰভাৱ। জানো আহক সোমবাৰৰ পৰা দেওবাৰলৈ, সপ্তাহৰ প্ৰতিটো দিনত জন্ম লোৱা এজন ব্যক্তিৰ ওপৰত কোনটো গ্ৰহৰ প্ৰভাৱ থাকে।

সপ্তাহৰ কোনটো বাৰত জন্ম হোৱা লোকৰ ওপৰত কোনটো গ্ৰহৰ প্ৰভাৱ! দেখা যায় এনে আচৰণগত পাৰ্থক্য
প্ৰতিনিধিত্বমূলক ছবিImage Credit source: Unsplash
monjit-dutta
Monjit Dutta | Updated On: 06 Dec 2025 12:29 PM

হিন্দু ধৰ্মত গ্ৰহ-নক্ষত্ৰৰ ওপৰত অত্যন্ত গুৰুত্ব আৰোপ কৰা হয়। গ্ৰহ-নক্ষত্ৰৰ গতি আৰু স্থান অনুসৰি শুভ-অশুভ সময়ৰ বাখ্যা কৰা হয়। জন্ম তাৰিখ আৰু দিনৰ ওপৰত প্ৰতিজন ব্যক্তিৰ ব্যক্তিত্ব নিৰ্ভৰ কৰে বুলিও কোৱা হয়। ধৰ্মীয় বিশ্বাস অনুসৰি, সপ্তাহৰ প্ৰতিটো দিন এটা নিৰ্দিষ্ট গ্ৰহৰ লগত জড়িত। গতিকে যিকোনো ব্যক্তিৰ মাজত দেখা পোৱা বিভিন্ন আচৰণগত বৈশিষ্ট্যৰ কাৰণ বিভিন্ন গ্ৰহৰ প্ৰভাৱ। জানো আহক সোমবাৰৰ পৰা দেওবাৰলৈ, সপ্তাহৰ প্ৰতিটো দিনত জন্ম লোৱা এজন ব্যক্তিৰ ওপৰত কোনটো গ্ৰহৰ প্ৰভাৱ থাকে-

সোমবাৰ

এই দিনটো ভগৱান শিৱৰ বাবে উৎসৰ্গা কৰা হয়। ইয়াক চন্দ্ৰৰ দিন বুলিও গণ্য কৰা হয়। সোমবাৰে জন্ম হোৱা লোকসকল চন্দ্ৰৰ দ্বাৰা বিশেষভাৱে প্ৰভাৱিত হয়। সোমবাৰে জন্ম হোৱা লোকসকল চঞ্চল হোৱা দেখা যায়।

মঙ্গলবাৰ

মঙলবাৰক মংগল গ্ৰহৰ দিন বুলি গণ্য কৰা হয়। মঙলবাৰে জন্ম হোৱা সকল মংগল গ্ৰহৰ দ্বাৰা প্ৰভাৱিত হয়। মঙলবাৰে জন্ম হোৱাসকল সাহসী আৰু কিছু উগ্ৰ হয়।

বুধবাৰ

বুধবাৰে জন্ম হোৱা সকল বিশেষভাৱে গ্ৰহসমূহৰ ৰাজকুমাৰ বুধৰ দ্বাৰা প্ৰভাৱিত হয়। বুধবাৰে জন্ম লোৱাসকল বুদ্ধিমান, শিল্পপ্ৰেমী আৰু নিজৰ কাম নিখুঁতভাৱে পৰিৱেশন কৰে।

বৃহস্পতিবাৰ

বৃহস্পতিবাৰে জন্ম হোৱা লোকসকল দেৱ গুৰু বৃহস্পতিৰ দ্বাৰা প্ৰভাৱিত হয়। তেওঁলোক অপৰিসীম জ্ঞানৰ অধিকাৰী হয় আৰু তেওঁলোকৰ কেৰিয়াৰত উল্লেখযোগ্য সফলতা লাভ কৰে।

শুকুৰবাৰ

শুকুৰবাৰে জন্ম হোৱা লোকসকল শুক্ৰ গ্ৰহৰ দ্বাৰা প্ৰভাৱিত হয়, কিয়নো শুক্ৰবাৰ শুক্ৰ গ্ৰহৰ সৈতে জড়িত। এই দিনটোত জন্ম লোৱা লোকসকল অত্যন্ত আকৰ্ষণীয়, ভদ্ৰ আৰু বন্ধুত্বসুলভ হয়।

শনিবাৰ

শনিবাৰে জন্ম হোৱা লোকসকল শনিৰ দ্বাৰা প্ৰভাৱিত হয়। শনিবাৰে জন্ম হোৱা লোকসকল কঠোৰ পৰিশ্ৰমী আৰু ন্যায়পৰায়ণ। শনিৰ প্ৰভাৱে তেওঁলোকক অনুশাসিত আৰু ধৈৰ্যশীল কৰি তোলে।

দেওবাৰ

দেওবাৰে জন্ম হোৱা লোকসকল সূৰ্যৰ দ্বাৰা প্ৰভাৱিত হয়, গতিকে এই দিনটোত জন্ম লোৱাসকল অতি তেজস্বী গুণৰ অধিকাৰী আৰু আত্মবিশ্বাসী। সমাজত তেওঁলোকে অতিশয় সন্মান লাভ কৰে।