এখন ছবিতেই ৫০ কোটি টকা, ছচিয়েল মিডিয়া পোষ্টত ৮০ লাখ টকা! ৰণবীৰ সিং কিমান সম্পত্তিৰ মালিক জানেনে?
নতুন ছবিখনৰ ট্ৰেইলাৰ মুক্তি পোৱাৰ পিছৰে পৰা ৰণবীৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰি আহিছে। বলীউডৰ ফেশ্বনেবল অভিনেতাজনে নিজৰ লুক সম্পূৰ্ণৰূপে সলনি কৰি একচন অৱতাৰত দেখা দিছে। মুক্তিৰ প্ৰথম দিনাই বক্স অফিচত এই ছবিখনৰ ফলাফল যথেষ্ট ভাল। সমগ্ৰ দেশতে গোটেই উইকেণ্ডটো হাউচফুল।
শুকুৰবাৰে মুক্তি পালে ৰণবীৰ সিঙৰ নতুন ছবি ধূৰন্দৰ। এই ছবিখনৰ ট্ৰেইলাৰ মুক্তি পোৱাৰ পিছৰে পৰা ৰণবীৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। একচন অৱতাৰত দেখা দিছে বলীউডৰ ফেশ্বনেবল হাংকক। মুক্তিৰ প্ৰথম দিনাই বক্স অফিচত এই ছবিখনৰ ফলাফল যথেষ্ট ভাল। সমগ্ৰ দেশতে গোটেই উইকেণ্ডটো হাউচফুল।
যদিও তেওঁৰ ছবিসমূহ ইখনৰ পিছত সিখনকৈ ফ্লপ হৈছে, তথাপিও ৰণবীৰ বলীউডৰ এক ব্ৰেণ্ড হৈ পৰিছে। খবৰ অনুসৰি ছবি এখন চহী কৰাৰ পিছতো ৰণবীৰৰ বেংক একাউণ্টত ৩০ৰ পৰা ৫০ কোটি টকা জমা হয়। কেৱল মাচুলেই নহয়, যিকোনো ব্ৰেণ্ডৰ প্ৰচাৰৰ বাবে ৰণবীৰৰ ৩ৰ পৰা ৫ কোটি টকা লয়। কথা ইয়াতেই শেষ নহয়। ছ’চিয়েল মিডিয়াৰ পোষ্টৰ পৰা ৰণবীৰৰ আয় প্ৰায় ৮০ লাখ। ইয়াৰ বাহিৰেও মুম্বাই আৰু দিল্লীত মুঠ ৪টা বিলাসী ঘৰ আছে ৰণবীৰৰ। তেওঁৰ ১৫খন গাড়ী আছে, আৰু সকলোবোৰ বিদেশী গাড়ী। মুঠ হিচাপ অনুসৰি ৰণবীৰ প্ৰায় ৪০০ কোটি টকাৰ সম্পত্তিৰ মালিক।
ৰণবীৰ সিঙে ২০১০ চনত বেণ্ড বাজা বাৰাত ছবিৰ জৰিয়তে বলীউডত খোজ দিছিল। অনুষ্কা শৰ্মাৰ বিপৰীতে আছিল ৰণবীৰ। আৰম্ভণিৰে পৰাই স্পষ্টকৈ কৈছিল যে তেওঁ এজন দীৰ্ঘ দূৰত্বলৈ দৌৰা ঘোঁৰা। যদিও প্ৰথমখন ছবি হিট হৈছিল, কিন্তু পিছত ৰণবীৰ সিঙৰ কেইবাখনো ছবি ফ্লপ হয়। তাৰ পিছত ৰণবীৰে লুটেৰা ছবিখনৰ জৰিয়তে প্ৰমাণ কৰিলে যে তেওঁ কেৱল একচন বা চকলেট হিৰো নহয়, তেওঁ এজন ভাল অভিনেতাও। ৰাম-লীলা আৰু বাজীৰাও মস্তানী ছবিয়ে ৰণবীৰক বলীউডত জনপ্ৰিয় কৰি তুলিছিল। দীপিকাৰ লগত তেওঁৰ প্ৰেমৰ সম্পৰ্কয়ো জীৱনত ইতিবাচক ফল দিছিল। এতিয়া কণমানি কন্যা দুৱাৰ সৈতে সুখী জীৱন কটাইছে ৰণবীৰে।