শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
বচ্চন পৰিয়াল বয়কটৰ আহ্বান! কিন্তু কিহৰ বাবে ক্ষোভ Paparazzi ৰ?

বচ্চন পৰিয়াল বয়কটৰ আহ্বান! কিন্তু কিহৰ বাবে ক্ষোভ Paparazzi ৰ?

barasha-misra
Barasha Misra | Published: 05 Dec 2025 22:42 PM

সূত্ৰ অনুসৰি জয়া বচ্চনৰ এই মন্তব্যত মুম্বাইৰ পাপাৰাজীয়ে অপমানিত অনুভৱ কৰিছে। জয়াৰ লেতেৰা কাপোৰ আৰু নিৰক্ষৰ মন্তব্যত ক্ষুব্ধ হৈ পৰিছে মুম্বাইৰ ফটো গ্ৰাফাৰসকল। তেওঁলোকে স্পষ্টকৈ কৈছিল যে যদি ফটোগ্ৰাফাৰ নাহে তেন্তে প্ৰমোচন কেনেকৈ হ’ব? আনকি প্ৰতি দেওবাৰে অমিতাভ বচ্চনে অনুৰাগীৰ সৈতে সাক্ষাৎ কৰা সাক্ষাৎকাৰবোৰো পাপাৰাজীৰ কৃপাত ভাইৰেল হৈ পৰে।

পাপাৰাজীৰ সৈতে জয়া বচ্চনৰ সম্পৰ্ক বৰ এটা ভাল নহয়। বিমানবন্দৰত হওক, পাৰ্টিটেই হওক বা কোনো বিয়াতেই হওক। ফটোগ্ৰাফাৰ সকলে ফটো উঠোৱা দেখিলে চিঞৰি উঠে। তেওঁলোকৰ আচৰণ জয়া বচ্চনে একেবাৰেই ভাল নাপায়। কেমেৰাৰ সন্মুখত নিজৰ বিৰক্তি স্পষ্ট কৰি দিয়ে। তাৰ পিছতে সেই ভিডিঅ’টো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে। শেহতীয়াকৈ এক সাক্ষাৎকাৰত জয়া বচ্চনেও তেওঁৰ বিৰক্তিৰ কাৰণ প্ৰকাশ কৰিছে। জয়াৰ মতে, তেওঁলোক আকৌ সাংবাদিক নেকি? মই জানো সাংবাদিক কি, মই এজন সাংবাদিকৰ কন্যা। লেতেৰা কাপোৰ পিন্ধি, হাতত চাৰিটা ফোন লৈ, আজেবাজে প্ৰশ্ন কৰিবলৈ আহে, সকলো অশিক্ষিত, অশ্লীল মন্তব্য কৰে। তেওঁলোকক সাংবাদিক বুলি কেনেকৈ ক’ব পাৰি! গতিকে মোৰ বিষয়ে কোনে যি কয়, মই একেবাৰে পচন্দ নকৰোঁ।