শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Daily Horoscope: এইকেইটা ৰাশিৰ প্ৰতি আজি দেৱতা শনি হ’ব সদয়, দিনটো হ’ব শুভ! চাওক আজি দিনটোৰ ৰাশিফল

ধৰ্ম বিশ্বাসীসকলে শনিবাৰ দিনটোত যথেষ্ট নীতি-নিয়ম আৰু অনুশাসন মানি চলে। স্বাভাৱিকতেই সকলো লোকৰ মনত থাকে দেৱতা শনিৰ ৰোষৰ পৰা ৰক্ষাৰ চিন্তা। গতিকে আজিৰ দিনটোত আপুনি এই শংকাৰ পৰা মুক্ত হ’বনে জানিবলৈ চাওক ৰাশিফল।

Daily Horoscope: এইকেইটা ৰাশিৰ প্ৰতি আজি দেৱতা শনি হ’ব সদয়, দিনটো হ’ব শুভ! চাওক আজি দিনটোৰ ৰাশিফল
আজি দিনটোৰ ৰাশিফলImage Credit source: Getty Images
monjit-dutta
Monjit Dutta | Published: 06 Dec 2025 06:00 AM

আজি ৬ ডিচেম্বৰ। চলিত বছৰটোৰ অন্তিমটো মাহৰ আজি প্ৰথমটো শনিবাৰ। হিন্দু ধৰ্মৰ বিশ্বাস অনুসৰি সপ্তাহৰ শনিবাৰটো দেৱতা শনিৰ দিন। এইগৰাকী দেৱতাক কৰ্মফলৰ দাতা আৰু ন্যায়ৰ দেৱতা বুলি কোৱা হয়। সেয়ে ধৰ্ম বিশ্বাসীসকলে শনিবাৰ দিনটোত যথেষ্ট নীতি-নিয়ম আৰু অনুশাসন মানি চলে। স্বাভাৱিকতেই সকলো লোকৰ মনত থাকে দেৱতা শনিৰ ৰোষৰ পৰা ৰক্ষাৰ চিন্তা। গতিকে আজিৰ দিনটোত আপুনি এই শংকাৰ পৰা মুক্ত হ’বনে জানিবলৈ চাওক ৰাশিফল-

মেষ ৰাশিৰ ৰাশিফল

ব্যৱসায়ৰ দিশত সাৱধান হওক, ভালদৰে বিবেচনা কৰি আগবাঢ়ক। কোনো কামত বিশেষ বিচাৰ নকৰাকৈ হাত নিদিব, নহ’লে ক্ষতি হ’ব পাৰে। জীৱনসংগীৰ চিন্তাক সন্মান কৰক আৰু তেওঁলোকৰ স্বাস্থ্যত বিশেষ মনোযোগ দিয়ক। সন্তানৰ বিবাহৰ বাধা দূৰ হ’ব।

বৃষ ৰাশিৰ ৰাশিফল

আয়ৰ ক্ষেত্ৰত ভাল দিন। পৰিশ্ৰমৰ ফল পাব। হঠাতে ভ্ৰমণৰ সুযোগ লাভ কৰিব পাৰে। সন্তানৰ আচৰণ আৰু সংগী প্ৰতি মনোযোগ দিয়ক, বেয়া সংগীয়ে সমস্যা বঢ়াব পাৰে। ঘৰত কোনো ধৰ্মীয় অনুষ্ঠান আয়োজন হ’ব পাৰে। অপ্ৰয়জনীয় বিবাদ এৰাই চলক।

মিথুন ৰাশিৰ ৰাশিফল

আনৰ ওপৰত নিৰ্ভৰ নকৰিব। ভৱিষ্যতৰ বাবে চিন্তা থাকিব। কৰ্মক্ষেত্ৰত শুভ। উচ্চপদস্থ বিষয়াৰ সমৰ্থন লাভ কৰিব। কোনো আইনী বিষয়ে সমস্যাত পেলাব পাৰে। শুভ চিন্তকৰ ৰূপত কোনো অহিত চিন্তকে সমস্যাৰ সৃষ্টি কৰিব পাৰে। কোনো গুৰুত্বপূৰ্ণ কথা আন কাৰোবাৰ আগত প্ৰকাশ নকৰিব।

কৰ্কট ৰাশিৰ ৰাশিফল

আৰ্থিক অৱস্থা মজবুত কৰাৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপে ভাল ফল দিব। নতুন চাকৰিৰ বাবে চেষ্টা কৰিব পাৰে। উন্নতিৰ বাধা দূৰ হ’ব। বুদ্ধিৰে কাম সম্পাদনত গুৰুত্ব দিয়ক। পৰোপকাৰী কামৰ জৰিয়তে সুনাম হ’ব। কৰ্মক্ষেত্ৰত নিজ আচৰণত সংযম ৰাখক।

সিংহ ৰাশিৰ ৰাশিফল

দান-বৰঙনি তথা ধৰ্মীয় কাম-কাজৰ প্ৰতি আগ্ৰহ বাঢ়িব। কৰ্মক্ষেত্ৰত নিজৰ কিছু পৰিৱৰ্তনে ভাল ফল দিব। ঘৰত কোনো শুভ-মাংগলিক অনুষ্ঠানৰ আয়োজন কৰিব পাৰে। শিক্ষাৰ্থীৰ বাবে শুভ। পুৰণি বন্ধুৰ সৈতে সাক্ষাৎ হোৱাৰ সম্ভাৱনা আছে। বতৰৰ প্ৰভাৱত স্বাস্থ্য বেয়া হ’ব পাৰে।

কন্যা ৰাশিৰ ৰাশিফল

প্ৰয়োজনীয় কোনো সামগ্ৰী ক্ৰয়ৰ বাবে খৰচ বাঢ়িব। কঠোৰ পৰিশ্ৰমৰ দিন, অৱশ্যে পৰিশ্ৰমৰ ফল পাব। সংগীৰ সৈতে সময় কটাব পাৰিব। অসম্পূৰ্ণ কোনো কাম সম্পাদনৰ চেষ্টা কৰক। শিক্ষাৰ্থীৰ বাবে শুভ। সামাজিক অনুষ্ঠানত অংশ ল’ব।

তুলা ৰাশিৰ ৰাশিফল

ধন-সম্পত্তি বৃদ্ধিৰ দিন। সম্পত্তি কিনাৰ পৰিকল্পনাৰ দিশত আগবঢ়াৰ বাবে শুভ। ভাল চিন্তাৰ জৰিয়তে লাভৰ মুখ দেখিব। কোনো বিশেষ লোকৰ সৈতে সাক্ষাৎ হ’ব পাৰে। ভ্ৰমণৰ সময়ত কোনো গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিব পাৰে। পৰিয়ালৰ সদস্যক দিয়া প্ৰতিশ্ৰুতি পূৰ কৰক।

বৃশ্চিক ৰাশিৰ ৰাশিফল

চাকৰিত পদ-প্ৰতিষ্ঠাৰ উত্তৰণ ঘটিব। যিকোনো কামত ভালদৰে ভাবি-চিন্তি আগবাঢ়ক। আপোনাৰ প্ৰভাৱ তথা প্ৰতিপত্তি বাঢ়িব। সন্তানৰ প্ৰতি মনোযোগ দিব। সংগীৰ সৈতে সুখকৰ সময় কটাব। অহিত চিন্তকে সমস্যাত পেলাব পাৰে। সহকৰ্মীৰ সৈতে ভাল আচৰণ কৰিব।

ধনু ৰাশিৰ ৰাশিফল

ব্যৱসায়ত পাবলৈ থকা ধন আজি লাভ কৰিব পাৰে। কামত অৱহেলা নকৰিব। ভালদৰে ভাবি-চিন্তিহে কোনো কামত আগবাঢ়ক। সন্তানৰ কেৰিয়াৰক লৈ কিছু চিন্তা থাকিব। মনৰ চিন্তা দূৰ হ’ব। পিতৃৰ পৰা উপহাৰ পাব পাৰে। পুৰণি বন্ধুৰ সৈতে সাক্ষাৎ হোৱাৰ সম্ভাৱনা আছে।

মকৰ ৰাশিৰ ৰাশিফল

অনিচ্ছা সত্বেও অতিৰিক্ত খৰচ হ’ব। ধৈৰ্য্য আৰু সংযমেৰে কাম কৰক। পৰিয়ালৰ সদস্যসকলৰ মাজত থকা মতানৈক্য দূৰ হ’ব। প্ৰেম তথা বৈবাহিক সম্পৰ্কৰ ক্ষেত্ৰত সংগীৰ পূৰ্ণ সহায় পাব। বাহন চলোৱাত সাৱধান হওক। মাতৃৰ স্বাস্থ্যৰ প্ৰতি মনোযোগ দিব লাগিব।

কুম্ভ ৰাশিৰ ৰাশিফল

দিনটো লাভদায়ক বিবেচিত হ’ব, কিন্তু সকলো ক্ষেত্ৰতে খৰখেদা কৰিলে সমস্যা হ’ব পাৰে। নতুন কামৰ পৰিকল্পনা কৰিব পাৰে, কিন্তু আন কাৰোবাৰ কথাত বিনিয়োগ নকৰিব। চাকৰি বিচাৰি থকাসকলে সুখবৰ লাভ কৰিব। কামৰ পৰিকল্পনা কৰি চলক। ঘৰলৈ কোনো অতিথিৰ আগমন হ’ব পাৰে।

মীন ৰাশিৰ ৰাশিফল

ঋণ লোৱাৰ পৰিকল্পনা কৰিলে সহজে লাভ কৰিব। কামত খৰখেদা নকৰিব। ধৰ্ম-কৰ্মৰ প্ৰতি মনত আগ্ৰহ বাঢ়িব। ভ্ৰমণৰ সময়ত কোনো গুৰুত্বপূৰ্ণ খবৰ পাব। স্বাস্থ্যৰ ক্ষেত্ৰত অলপো অসাৱধান নহ’ব। পৰিশ্ৰমৰ ফল লাভ কৰিব।