TV9 ASSAM
বিশ্বজুৰি এতিয়া কিছুমান ৰোগৰ প্ৰাদুৰ্ভাৱ দেখা গৈছে। ইয়াৰে কিছুমান ৰোগ মহিলাতকৈ পুৰুষৰ দেহত অধিক হোৱা দেখা যায় বুলি বিশেষজ্ঞসকলে কয়।
মহিলাতকৈ পুৰুষৰ হাৰ্ট এটেক হোৱাৰ সম্ভাৱনা বেছি। মানসিক চাপ, ধূমপান, মেদবহুলতা আৰু ডায়েবেটিছ এই ৰোগৰ প্ৰধান কাৰণ।
৬০ বছৰ বয়সৰ পিছত পুৰুষৰ উচ্চ ৰক্তচাপ হোৱাৰ সম্ভাৱনা বেছি। মানসিক চাপ, জাংক ফুড, শাৰীৰিক কাৰ্যকলাপৰ অভাৱৰ বাবে এনে হয়।
ধূমপান তথা ধঁপাত বেছিকৈ সেৱন কৰাৰ বাবে মহিলাতকৈ পুৰুষৰ ক্ষেত্ৰত হাওঁফাওঁৰ কৰ্কট ৰোগ অধিক হয়।
মহিলাতকৈ পুৰুষৰ ক্ষেত্ৰত মুখৰ কৰ্কট ৰোগো দুগুণ অধিক হোৱা দেখা যায়। গুটখা, পান, ধঁপাত আদি সামগ্ৰী সেৱনৰ বাবেই এনে হয়।
প্ৰষ্টেট কেঞ্চাৰ কেৱল পুৰুষৰ ক্ষেত্ৰতহে হয়। ৪৫ বছৰ বয়সৰ পিছত ইয়াৰ আশংকা বৃদ্ধি পায়। সঘনাই বা কমকৈ প্ৰস্ৰাৱ কৰাটো এই ৰোগৰ লক্ষণ হ’ব পাৰে।
পঢ়িবলৈ ক্লিক কৰক
দাঁত ব্ৰাছ কৰাৰ পিছতে চাহ খালে হয় এনে ক্ষতি!