TV9 ASSAM
আজি দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ অন্তিমখন মেচ খেলিব ভাৰতীয় দলে। এই মেচখন হ’ব শৃংখলাৰ নিৰ্ণায়ক মেচ।
কোনো মেচ নেখেলিলেও আজি আমি দেখুৱাম আন এক শক্তিশালী বিশেষ একাদশ। এই একাদশ হ’ব আজি জন্মদিন উদযাপন কৰা খেলুৱৈৰ দ্বাৰা।
দুই ভাৰতীয় তাৰকা তথা ২০২৪ চনৰ টি-২০ বিশ্বকাপজয়ী ৰবীন্দ্ৰ জাদেজা আৰু যশপ্ৰীত বুমৰাহৰ লগতে ২০০৭ চনৰ টি-২০ বিশ্বকাপজয়ী আৰ পি সিং আছে এই দলত।
ইফালে ভাৰতীয় এদিনীয়া দলৰ সহ-অধিনায়ক শ্ৰেয়স আয়াৰ, মিডল অৰ্ডাৰ বেটাৰ কৰুণ নায়াৰ আৰু যুৱ পেচাৰ অংশুল কম্বোজো থাকিব দলত।
দলটোত দেখা যাব ইংলেণ্ড ক্ৰিকেটৰ অন্যতম এগৰাকী শ্ৰেষ্ঠতম তাৰকা প্ৰাক্তন অলৰাউণ্ডাৰ এণ্ড্ৰিউ ফ্লিণ্টফক। ১৯৭৭ চনৰ ৬ ডিচেম্বৰত জন্ম হৈছিল তাৰকাগৰাকীৰ।
নিউজিলেণ্ডৰ গ্লেন ফিলিপছ, আয়াৰলেণ্ডৰ হেৰী টেক্টৰ, জিম্বাবুৱেৰ ছিন এৰভাইন আৰু পাকিস্তানৰ নাছিৰ জামছেদ হ’ব ৬ ডিচেম্বৰৰ এই বিশেষ দলটোৰ আন সদস্যসকল।
পঢ়িবলৈ ক্লিক কৰক
বিৰাট কৃতিত্ব অর্জন বিৰাট কোহলীৰ