শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

ঘৰৰ এনে স্থানত লগাব নালাগে স্বামী-স্ত্ৰীৰ ফটো, অন্যথা দূৰ হ’ব দাম্পত্য জীৱনৰ সুখ!

স্বামী-স্ত্ৰীৰ মাজত প্ৰেম আৰু মধুৰ সম্পৰ্ক বজাই ৰখাৰ ক্ষেত্ৰত বাস্তুৰ নিয়মসমূহ অতি ফলপ্ৰসূ গণ্য কৰা হয়। ঘৰত স্বামী-স্ত্ৰীৰ ফটো লগোৱাৰ সঠিক দিশৰ বিষয়েও বাস্তুৱে উল্লেখ কৰিছে। বাস্তু মতে সঠিক দিশত স্বামী-স্ত্ৰীৰ ফটো লগালে দাম্পত্য জীৱন সুখী হয়। জানো আহক এই বিষয়ে।

ঘৰৰ এনে স্থানত লগাব নালাগে স্বামী-স্ত্ৰীৰ ফটো, অন্যথা দূৰ হ’ব দাম্পত্য জীৱনৰ সুখ!
প্ৰতিনিধিত্বমূলক ছবিImage Credit source: Unsplash
Monjit Dutta
Monjit Dutta | Updated On: 06 Jan 2026 09:57 AM

হিন্দ ধৰ্মত বাস্তুশাস্ত্ৰৰ গুৰুত্ব অসীম। বাস্তুৱে ব্যক্তিৰ দৈনন্দিন জীৱনৰ সৈতে জড়িত ভিন্ন দিশৰ শুভ-অশুভ প্ৰভাৱৰ বিশ্লেষণ তথা বিধান আগবঢ়ায়। সেয়ে যিকোনো শুভ কামত আগবঢ়াৰ পূৰ্বে বাস্তু বিশেষজ্ঞৰ পৰামৰ্শ লোৱা হয়। ঘৰ এখনৰ সাজ-সজ্জাৰ ক্ষেত্ৰতো বাস্তুৰ বিধান অত্যন্ত গুৰুত্বপূৰ্ণ বিবেচিত হয়। কেৱল সিমানেই নহয়, দাম্পত্য জীৱনৰ প্ৰসঙ্গতো বাস্তুৱে বিধান আগবঢ়াইছে। বিশেষকৈ স্বামী-স্ত্ৰীৰ মাজত প্ৰেম আৰু মধুৰ সম্পৰ্ক বজাই ৰখাৰ ক্ষেত্ৰত বাস্তুৰ নিয়মসমূহ অতি ফলপ্ৰসূ গণ্য কৰা হয়।

স্বামী-স্ত্ৰীৰ ফটো লগোৱাৰ শুভ দিশ

ঘৰত স্বামী-স্ত্ৰীৰ ফটো লগোৱাৰ সঠিক দিশৰ বিষয়েও বাস্তুৱে উল্লেখ কৰিছে। বাস্তু মতে সঠিক দিশত স্বামী-স্ত্ৰীৰ ফটো লগালে দাম্পত্য জীৱন সুখী হয়। সেই অনুসৰি, স্বামী-স্ত্ৰীৰ যুটীয়া ফটো ঘৰৰ দক্ষিণ-পশ্চিম দিশত লগোৱাটো আটাইতকৈ উত্তম। এই দিশত ফটো লগালে সম্পৰ্কত স্থিৰতা আহে আৰু পাৰস্পৰিক প্ৰেম বৃদ্ধি পায়।

ইয়াৰ উপৰিও উত্তৰ দিশতো স্বামী-স্ত্ৰীৰ ফটো লগাব পাৰি বুলি বাস্তুৱে কয়। ইয়াৰ দ্বাৰা দাম্পত্য জীৱনত স্বামী-স্ত্ৰী দুয়োৰে মাজত বুজাপৰা অধিক মজবুত হয় বুলি কোৱা হয়। এনে ফটো শোৱা কোঠাৰ দেৱালত, বিশেষকৈ বিচনাৰ পিছফালে লগোৱাটো শুভ বিবেচিত হয়।

কোন স্থানত ফটো নলগাব

স্বামী-স্ত্ৰীৰ ফটোৰ শুভ দিশৰ লগতে অশুভ দিশ তথা স্থানৰ বিষয়েও বাস্তুৱে উল্লেখ কৰিছে। বাস্তু মতে, শোৱা কোঠাৰ ঠিক সমুখৰ দেৱালত ফটো লগোৱা অনুচিত। এই স্থানত ফটো লগালে মানসিক চাপ বৃদ্ধি কৰিব পাৰে বুলি কোৱা হয়। একেদৰে ঘৰৰ পূজা ঘৰৰ সমুখতো দাম্পত্য জীৱনৰ ফটো লগাব নালাগে।

কেৱল সিমানেই নহয়, বাস্তু মতে শৌচাগাৰ বা স্নানাগাৰৰ ওচৰত দম্পতীৰ ফটো থকাটো ক্ষতিকাৰক বিবেচিত হয়। ইয়াৰ ফলত ঘৰত কন্দলৰ সৃষ্টি হ’ব পাৰে। পাকঘৰ বা তাৰ আশে-পাশেও দম্পতীৰ ফটো নলগাব, কাৰণ ই সম্পৰ্কত তিক্ততা আনিব পাৰে।

বাছনি কৰক এনে ফটো

ফটোত স্বামী-স্ত্ৰী দুয়োকে আনন্দিত আৰু সুখী দেখা হ’ব লাগে।

বেছি সংখ্যক ফটো লগোৱাতকৈ এটা বা দুটা সুন্দৰ ফ্ৰেমত থকা ফটো লগোৱাটোৱেই উচিত।

ভগা বা পুৰণি ফ্ৰেম ব্যৱহাৰ নকৰিব, ই নেতিবাচক শক্তি উৎপন্ন কৰে।

মনত ৰাখিব, দম্পতীৰ ফটোৰ সৈতে মৃত পূৰ্বপুৰুষৰ ফটো কেতিয়াও একেলগে ৰাখিব নালাগে। ই বৈবাহিক জীৱনত অশান্তিৰ কাৰণ হ’ব পাৰে।