Today’s horoscope: আজি শুকুৰবাৰ, কেনে যাব আপোনাৰ দিন? চাওক আজিৰ ৰাশিফল…
Today's horoscope: জ্যোতিষ শাস্ত্ৰ অনুসৰি ৰাশিফল ১২ টা। আজিৰ ৰাশিফল মতে, কিছু ৰাশিৰ লোকে ধনৰ লেনদেনত সাৱধান হোৱা দৰকাৰ। ইয়াৰ বিপৰীতে কিছুমানৰ বাবে দিনটো ভাল।

আজি ১৬ এপ্ৰিল, শুকুৰবাৰ। আজিৰ দিনটোৰ ৰাশিফল তলত উল্লেখ কৰা হ’ল-
মেঘ ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে সুখকৰ হ’ব। কিন্তু স্বাস্থ্যজনিত কাৰণত আপোনাৰ মন অশান্ত হৈ থাকিব পাৰে। বাণিজ্যত ভাগ্যই লগ দিব। কোনো ডাঙৰ লক্ষ্য পূৰণ হোৱাৰ ফলত সুখী হ’ব। আধ্যাত্মিক কামত মনোযোগ বাঢ়িব। দান, পূজা আদিৰ কামত ধন খৰচ হ’ব। দায়িত্ব ভালদৰে পূৰণ কৰিব।
বৃষ ৰাশিঃ আজিৰ দিনটো আপুনি ভাবি-চিন্তি কাম কৰিব লাগিব। দৈনন্দিন জীৱনৰ ৰুটিন কিছু সলনি কৰা আৱশ্যক। কাম-কাজত গুৰুত্ব দিব। সংগীৰ সৈতে কোনো কথাক লৈ কাজিয়া লাগিব পাৰে। যদি কোনো কাম সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত সমস্যাই দেখা দিছে তেন্তে জ্যেষ্ঠজনৰ পৰা পৰামৰ্শ গ্ৰহণ কৰিব পাৰে। চাকৰিৰ ক্ষেত্ৰত ভাল। আৰ্থিক দিশত উন্নতি। স্বাস্থ্যত গুৰুত্ব দিব।
মিথুন ৰাশিঃ আজি আপোনাৰ নেতৃত্বৰ ক্ষমতা বাঢ়িব। প্ৰয়োজনীয় কাম সময়মতে সম্পূৰ্ণ কৰাৰ চেষ্টা কৰিব। তেজৰ সম্পৰ্ক শক্তিশালী হ’ব। ভ্ৰমণৰ সম্ভাৱনা আছে বিদ্যাৰ্থীসকলৰ উচ্চ শিক্ষাৰ যোগ। আত্ম বিশ্বাস দৃঢ় হ’ব। চাকৰি আৰু ব্যৱসায়ীসকলৰ বাবে দিনটো ভাল। সুখী হ’ব। ভূমি, ঘৰ, গাড়ী আদি ক্ৰয় কৰিব পাৰে।
কৰ্কট ৰাশিঃ আজিৰ দিনটো আপুনি টকাৰ লেনদেন কৰাত সাৱধান হ’ব। খৰচ অধিক হোৱাৰ সম্ভাৱনা আছে। অৱশ্যে আৰ্থিক স্থিতি ভালে থাকিব। কৰ্মক্ষেত্ৰত ভাল। পদোন্নতি হ’ব পাৰে। কোনো কাম কৰিলে তাত সম্পূৰ্ণ গুৰুত্ব দিয়া আৱশ্যক। চৰকাৰী কোনো সুবিধা লাভ কৰিব। ব্যৱসায়ীসকলৰ বাবে দিনটো ভাল। স্বাস্থ্য ভালে যাব।
সিংহ ৰাশিঃ আজিৰ দিনটোত আপুনি প্ৰয়োজনীয় কাম পূৰ কৰাত গুৰুত্ব দিয়া আৱশ্যক। কৰ্মক্ষেত্ৰত আপুনি সফলতা লাভ কৰিব। জ্যেষ্ঠজনে প্ৰশংসা কৰিব। সন্তানৰ ফালৰ পৰা ভাল খবৰ পাব। সামাজিক কোনো কামত জড়িত হ’ব পাৰে। কোনো কামক লৈ দোমোজাত থাকিলে সেয়া নকৰিব।ঘৰত ধৰ্মীয় অনুষ্ঠানৰ আয়োজন হ’ব পাৰে।
কন্যা ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে ভাল। পৈত্ৰিক সম্পত্তি লাভ কৰিব পাৰে। জ্যেষ্ঠজনৰ কথা মানি চলিব। হেঁচাত আহি কোনো সিদ্ধান্ত গ্ৰহণ নকৰিব। পৰিয়ালত অশান্তি হ’ব পাৰে। ভগৱানত ভক্তিত মন বাঢ়িব। অহংকাৰ ত্যাগ কৰক। সন্তানৰ ফালৰ পৰা কোনো ভাল খবৰ লাভ নকৰিব। পাবলগীয়া ধন ঘূৰাই পাব। স্বাস্থ্য ভাল।
তুলা ৰাশিঃ আজিৰ দিনটো আপোনাৰ ভাল-বেয়াৰ মাজেৰে পাৰ হ’ব। বন্ধু-বান্ধৱীক লগ পাব পাৰে। অনৰ্থক কথাত মন নিদিব। পৰিয়ালৰ সৈতে ভাল সময় কটাব। আপোনাৰ উন্নতিৰ ক্ষেত্ৰত অহা বাধা দূৰ হ’ব। চাকৰিৰ ক্ষেত্ৰত সৰু-সুৰা ভুল হ’ব পাৰে। লেনদেন সম্পৰ্কীয় দিশত গুৰুত্ব দিয়ক। স্বাস্থ্য ভাল।
বৃশ্চিক ৰাশিঃ আজিৰ দিনটো আপোনাৰ ভাল-বেয়াৰ মাজেৰে পাৰ হ’ব। ঘৰত সমস্যাই দেখা দিব পাৰে যদিও সমাধান কৰাৰ চেষ্টা কৰিব। পুৰণি ভুল বুজি পাব। কোনো কামত আপোনাৰ মন বাঢ়িব। আৰ্থিক উন্নতি হ’ব, যাৰ বাবে আপুনি অত্যন্ত সুখী হ’ব। কোনো সম্পদ ক্ৰয় কৰিব পাৰে। প্ৰেমত শুভ। স্বাস্থ্য ভাল।
ধনু ৰাশিঃ আজি আপোনাৰ বাবে দিনটো ভাল। কোনো নতুন বিশিষ্ট মানুহক লগ পাব। আয়ৰ ওপৰত গুৰুত্ব দিয়া আৱশ্যক। জীৱনশৈলী ভাল কৰাৰ বাবে ধন খৰচ কৰিব। আয় আৰু ব্যয়ত সন্তুলন বজাই ৰখা প্ৰয়োজন। বিদ্যাৰ্থীসকলে পঢ়াত মন দিয়া ভাল। কোনো কথাই মন অশান্ত কৰি ৰাখিব পাৰে। স্বাস্থ্যত গুৰুত্ব দিব।
মকৰ ৰাশিঃ আয় আৰু ব্যয়ৰ ক্ষেত্ৰত গুৰুত্ব দিব। একেলগে আপোনাৰ ওচৰলৈ বহু কাম আহিব, যাৰ বাবে ব্যস্ততা বৃদ্ধি পাব। পৰিয়ালত কোনো সমস্যাই দেখা দিব পাৰে। ঘৰলৈ কোনো আলহী আহিব পাৰে। টকা বিনিয়োগ কৰাৰ সময়ত চিন্তা কৰিব। পৰিয়ালত ধৰ্মীয় অনুষ্ঠানৰ আয়োজন হ’ব পাৰে। স্বাস্থ্যত গুৰুত্ব দিব।
কুম্ভ ৰাশিঃ আজি আপোনাৰ কোনো গুৰুত্বপূৰ্ণ কাম পূৰণ হ’ব পাৰে। কৰ্মক্ষেত্ৰত সতীৰ্থই লগ দিব। কোনো ভাল খবৰ লাভ কৰিব পাৰে। ভ্ৰমণৰ যোগ আছে। আয়ৰ বৃদ্ধি পাব । যাৰ বাবে আপুনি সুখী হ’ব। দূৰ সম্পৰ্কীয় কাৰোবাৰ পৰা ভাল খবৰ লাভ কৰিব। খং নিয়ন্ত্ৰণত ৰাখিব চেষ্টা কৰিব। স্বাস্থ্য ভাল।
মীন ৰাশিঃ আজিৰ দিনটো আপুনি অধিক সক্ৰিয়া হৈ থাকিব। বুদ্ধিৰ সহায়ত কোনো সিদ্ধান্ত গ্ৰহণ কৰিব। পৈত্ৰিক সম্পত্তিৰ ক্ষেত্ৰত সিদ্ধান্ত লওতে সাৱধান। নতুন কোনো মানুহক লগ পাব পাৰে। কথা কওতে সাৱধান হ’ব। মান-সন্মান বৃদ্ধি পাব। কোনো নতুন কাম কৰাৰ বাবে ইচ্ছুক হ’ব। সংগীৰ সৈতে ভাল। স্বাস্থ্যত গুৰুত্ব দিব।