ভূজ এয়াৰ বেছত উপস্থিত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং…
গুজৰাটৰ ভূজ বায়ুসেনা ষ্টেচনত উপস্থিত হয় দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং । ভূজ বায়ুসেনা ষ্টেচনত সাহসী এয়াৰ ৱাৰিয়ৰ্ছৰ সৈতে মত বিনিময় কৰে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে ।

আজি গুজৰাটৰ ভূজ বায়ুসেনা ষ্টেচনত উপস্থিত হয় দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং । উল্লেখ্য যে, বিগত সপ্তাহত বিশেষভাৱে ভূজ এয়াৰবেছত আক্ৰমণৰ লক্ষ্য কৰি লৈছিল পাকিস্তান সেনাই । জম্মু-কাশ্মীৰ ভ্ৰমণ কৰি LoC আৰু আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ সামগ্ৰিক নিৰাপত্তা পৰিস্থিতিৰ পৰ্যালোচনা কৰাৰ এদিন পিছতে ভূজ এয়াৰবেছত উপস্থিত হয় দেশৰ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকী ।
এই ভ্ৰমণৰ পূৰ্বে ছ’চিয়েল মিডিয়া পোষ্টত ৰাজনাথ সিঙে কয়, “নতুন দিল্লী পৰা ভূজ (গুজৰাট)লৈ। ভূজ বায়ুসেনা ষ্টেচনত আমাৰ সাহসী এয়াৰ ৱাৰিয়ৰ্ছৰ সৈতে মত বিনিময় কৰিবলৈ আগ্ৰহী।” পাকিস্তানৰ উচ্চ মূল্যৰ সামৰিক সম্পত্তিৰ ক্ষতিসাধন কৰা আৰু সন্ত্ৰাসবাদী আন্তঃগাঁথনি ধ্বংস কৰা ভাৰতৰ অপাৰেচন সেন্দূৰৰ সফলতাৰ পিছত আজি গুজৰাটৰ ভূজস্থিত ভাৰতীয় বায়ুসেনাৰ ষ্টেচন পৰিদৰ্শন কৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে।
Leaving New Delhi for Bhuj (Gujarat). Looking forward to interact with our courageous Air Warriors at Bhuj Air Force Station.
Also, I shall be visiting Smritivan – a memorial and museum envisioned by PM Shri @narendramodi as a tribute to those who lost their lives in the 2001…
— Rajnath Singh (@rajnathsingh) May 16, 2025
পাকিস্তানে ভূজ আই এ এফ ষ্টেচনক ক্ষেপণাস্ত্ৰ আৰু ড্ৰোনেৰে লক্ষ্য কৰি লৈছিল । পাকিস্তানৰ সকলো প্ৰচেষ্টাক ভাৰতৰ শক্তিশালী বায়ু প্ৰতিৰক্ষা নেটৱৰ্কে স্থলভাগত কোনো ক্ষতি নোহোৱাকৈ বাধা দিছিল। সম্পূৰ্ণৰূপে বিফল হৈছিল পাকিস্তান । কালি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে জম্মু-কাশ্মীৰলৈ গৈ সামগ্ৰিক পৰিস্থিতি পৰ্যালোচনা কৰে ।