শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

আজি নতুন বছৰৰ প্ৰথমটো পূৰ্ণিমা, পুহ পূৰ্ণিমাত এই কাম কৰিলে বছৰটোলৈ থাকিব দেৱী লক্ষ্মীৰ কৃপা

আজি পুহ পূৰ্ণিমা। এই বিশেষ দিনটোত কিছুমান বিশেষ নীতি-নিয়ম মানি পূজা কৰিলে মা লক্ষ্মী প্ৰসন্ন হয় বুলি ধৰ্মীয় বিশ্বাস প্ৰচলিত। গতিকে পুহ পূৰ্ণিমাত কি নীতি-নিয়ম মানি চলিলে দেৱী লক্ষ্মীৰ আশীৰ্বাদ লাভ কৰিব, জানো আহক।

আজি নতুন বছৰৰ প্ৰথমটো পূৰ্ণিমা, পুহ পূৰ্ণিমাত এই কাম কৰিলে বছৰটোলৈ থাকিব দেৱী লক্ষ্মীৰ কৃপা
আজি পুহ পূৰ্ণিমাImage Credit source: Unsplash
monjit-dutta
Monjit Dutta | Published: 03 Jan 2026 06:34 AM

পূৰ্ণিমা তিথিক পূৰ্ণতাৰ প্ৰতীক বুলি গণ্য কৰা হয়। এই দিনটোত চন্দ্ৰই নিজৰ সম্পূৰ্ণ অৱস্থা লাভ কৰে আৰু ইয়াৰ প্ৰভাৱ জল তথা পৰিৱেশৰ শক্তিৰ ওপৰত গভীৰভাৱে পৰে। নতুন বছৰ ২০২৬-ৰ প্ৰথমটো পূৰ্ণিমা ৩ জানুৱাৰী, অৰ্থাৎ আজি পৰিছে। এই পূৰ্ণিমা তিথিক পুহ পূৰ্ণিমা বুলি কোৱা হয়। এই বিশেষ দিনটোত কিছুমান বিশেষ নীতি-নিয়ম মানি পূজা কৰিলে মা লক্ষ্মী প্ৰসন্ন হয় বুলি ধৰ্মীয় বিশ্বাস প্ৰচলিত। গতিকে পুহ পূৰ্ণিমাত কি নীতি-নিয়ম মানি চলিলে দেৱী লক্ষ্মীৰ আশীৰ্বাদ লাভ কৰিব, জানো আহক।

পুহ পূৰ্ণিমাৰ তিথি আৰু সময়

পুহ পূৰ্ণিমাৰ তিথি আৰম্ভ হৈছে ২ জানুৱাৰীৰ সন্ধিয়া ০৬:৫৩ বজাত আৰু সমাপ্ত হ’ব ৩ জানুৱাৰী, অৰ্থাৎ আজি বিয়লি ০৩:৩২ বজাত। উদয় তিথি অনুসৰি, আজি বছৰৰ প্ৰথমটো পূৰ্ণিমা পালন কৰা হ’ব।

পুহ পূৰ্ণিমাৰ গুৰুত্ব

পুহ মাহটো সূৰ্য দেৱতাৰ মাহ বুলি ধৰা হয়, আনহাতে পূৰ্ণিমা হৈছে চন্দ্ৰৰ তিথি। গতিকে পুহ পূৰ্ণিমাত সূৰ্য আৰু চন্দ্ৰৰ এক দুৰ্লভ সংযোগ ঘটে। এই দিনটোত সূৰ্য আৰু চন্দ্ৰ উভয়ৰে উপাসনা কৰিলে মনৰ কামনা পূৰণ হয় আৰু গ্ৰহদোষ শান্ত হয় বুলি বিশ্বাস কৰা হয়।

পূজা বিধি

ৰাতিপুৱা স্নান কৰি সূৰ্য দেৱতাক অৰ্ঘ্য অৰ্পণ কৰিব লাগে। এই দিনটোত উপবাসে থকাটো অতি শুভ। ৰাতি চন্দ্ৰৰ পোহৰত ধ্যান কৰিলে মানসিক শান্তি লাভ কৰা যায়। লগতে সামৰ্থ্য অনুযায়ী দান-দক্ষিণা কৰিলে বিশেষ পুণ্য লাভ হয়।

মা লক্ষ্মীক প্ৰসন্ন কৰাৰ বিশেষ উপায়

পুহ পূৰ্ণিমাৰ দিনটোত দেৱী লক্ষ্মীক সন্তুষ্ট কৰিব পাৰিলে জীৱন সুখ-সমৃদ্ধিপূৰ্ণ হৈ পৰিব। গতিকে লক্ষ্মী দেৱীক সন্তুষ্ট কৰিবলৈ আপুনি কিছুমান বিশেষ কাম কৰিব পাৰে। জানো আহক এইবিষয়ে-

লক্ষ্মী স্তোত্ৰ পাঠঃ পুহ পূৰ্ণিমাৰ মাজনিশা ঘিউৰ চাকি জ্বলাই লক্ষ্মী স্তোত্ৰ পাঠ কৰিলে আৰ্থিক উন্নতিৰ পথ মুকলি হয়।

প্ৰসাদ বিতৰণঃ দেৱী লক্ষ্মীক পায়সৰ ভোগ দিয়াটো এই দিনটোত অতি উত্তম। এই ভোগ সাতগৰাকী কন্যাক বিতৰণ কৰিলে ঘৰত সুখ-সমৃদ্ধি বৃদ্ধি পায়।

আঁহত গছত জল অৰ্পণঃ আৰ্থিক লাভ আৰু দাম্পত্য জীৱনৰ মধুৰতাৰ বাবে এই দিনটোত আঁহত গছত জল অৰ্পণ কৰি মিঠাইৰ ভোগ দিব লাগে।