2026 Nostradamus’ Predictions: কি কি হ’ব ২০২৬ বৰ্ষত? Nostradamus এ দিলে ভৱিষ্যতবাণী!
2026 Prediction: ১৫০০ চনত তেওঁ বহুতো ভৱিষ্যদ্বাণী কৰিছিল যিবোৰ শ শ বছৰৰ পিছত সত্য বুলি প্ৰমাণিত হৈছিল। যেনে এডলফ হিটলাৰৰ উত্থান, ৯/১১ৰ আক্ৰমণ, বা ক’ৰ’না মহামাৰী। শ শ বা হাজাৰ হাজাৰ বছৰৰ পাছত কি হ’ব নোষ্ট্ৰাডামুছে কেনেকৈ দেখিলে?
২০২৬ বৰ্ষ আৰম্ভ হৈছে, নতুন বছৰটোক লৈ সকলোৰে বহুত আশা আৰু সপোন আছে। নতুন বছৰটো কেনেকুৱা হ’ব তাক লৈ বহুতৰে মনত প্ৰশ্ন। এতিয়া বছৰটো আৰম্ভ হোৱাৰ লগে লগে নষ্ট্ৰাডামুছৰ ভৱিষ্যদ্বাণীবোৰ চৰ্চালৈ আহিল। নষ্ট্ৰাডামুছ কোন? তেওঁ কিয় বিখ্যাত? ২০২৬ চনৰ বিষয়ে কি ক’লে জ্যোতিষীজনে?
নষ্ট্ৰাডামুছ আছিল এজন ফৰাচী জ্যোতিষী আৰু চিকিৎসক। ১৫০০ চনত তেওঁ বহুতো ভৱিষ্যদ্বাণী কৰিছিল যিবোৰ শ শ বছৰৰ পিছত সত্য বুলি প্ৰমাণিত হৈছিল। যেনে এডলফ হিটলাৰৰ উত্থান, ৯/১১ৰ আক্ৰমণ, বা ক’ৰ’না মহামাৰী। শ শ বা হাজাৰ হাজাৰ বছৰৰ পাছত কি হ’ব নোষ্ট্ৰাডামাছে কেনেকৈ দেখিলে? ইয়াৰ উত্তৰ অজ্ঞাত।
তেওঁ ভৱিষ্যদ্বাণী কৰিছিল যে ২০২৫ চনত ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ অন্ত পৰিব, পৃথিৱীত এটা গ্ৰহাণু খুন্দা মাৰিব, ব্ৰাজিলত ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগ সংঘটিত হ’ব আৰু পুনৰ প্ৰাচীন মহামাৰী বিয়পিব। যুদ্ধৰ অন্ত পৰাৰ কিছু ইতিবাচক দিশ থাকিলেও এই গ্ৰহাণুটোৱে পৃথিৱীত আঘাত কৰা নাছিল।
২০২৬ চনৰ ভৱিষ্যদ্বাণী
এজন বিখ্যাত ব্যক্তিৰ মৃত্যু – নষ্ট্ৰাডামুছে লিখিছে যে এজন বিখ্যাত ব্যক্তিক হত্যা কৰিব পাৰে বা কোনো ৰাজনৈতিক দলক উফৰাই পেলাব পাৰে, যিয়ে সমগ্ৰ ৰাজনৈতিক পৰিৱেশটো জোকাৰি যাব।
তেজ বৈ যাব – চুইজাৰলেণ্ডৰ দক্ষিণে অৱস্থিত টিচিনো ধুনীয়া হ্ৰদ আৰু হিমবাহৰ বাবে বিখ্যাত। নষ্ট্ৰাডামাছে লিখিছে যে ইয়াত তেজ বৈ যাব। চুবুৰীয়া ৰাষ্ট্ৰ ইটালীৰ সৈতে সংঘাতৰ সৃষ্টি হ’ব পাৰে বুলি ধাৰণা কৰা হৈছে।
সাত মাহৰ তীব্ৰ যুদ্ধ – নষ্ট্ৰাডামুছে সাত মাহৰ যুদ্ধৰ কথা কৈছিল। এইবাৰ দুখন শক্তিশালী দেশৰ মাজত ৰক্তাক্ত যুদ্ধৰ সম্ভাৱনা আছে। দক্ষিণ চীন সাগৰক লৈ চীনে টাইৱান, ভিয়েটনাম, মালয়েছিয়া, ইণ্ডোনেছিয়া, ব্ৰুনাইৰ সৈতে যুঁজিব পাৰে।