TV9 ASSAM
শীতকালত সততে উপলব্ধ এবিধ পুষ্টিকৰ শাক হ’ল পালেং। এই শাকবিধত অলেখ স্বাস্থ্য উপকাৰী গুণ আছে। এইবিষয়ে জানো আহক।
পালেং শাকত প্ৰচুৰ পৰিমাণে আইৰন, কেলচিয়াম, মেগনেচিয়াম আৰু ভিটামিন A, C তথা K পোৱা যায়। যি শৰীৰক ভিতৰৰ পৰা শক্তিশালী কৰে।
শৰীৰত তেজৰ পৰিমাণ বৃদ্ধি কৰিবলৈ পালেং অতি উত্তম। ইয়াত থকা আইৰনে ৰক্তহীনতা বা এনিমিয়া প্ৰতিৰোধ কৰাত সহায় কৰে।
পালেং শাকত থকা ভিটামিন A আৰু লুটিন নামৰ উপাদানে চকুৰ জ্যোতি বৃদ্ধি কৰে আৰু চকুৰ বিভিন্ন সমস্যাৰ পৰা ৰক্ষা কৰে।
কেলচিয়াম আৰু ভিটামিন K সমৃদ্ধ পালেং শাক নিয়মীয়াকৈ খালে হাড় মজবুত হয় আৰু অষ্টিঅ’পৰোছিছৰ দৰে ৰোগৰ সম্ভাৱনা কমে।
পালেং শাকত থকা নাইট্ৰেটে ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰে। ই হৃদযন্ত্ৰৰ কাৰ্যক্ষমতা বৃদ্ধি কৰে আৰু হৃদৰোগৰ আশংকা হ্ৰাস কৰে।
ইয়াত থকা ভিটামিন C আৰু এণ্টিঅক্সিডেণ্টে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে, যাৰ ফলত সংক্ৰমণৰ বিৰুদ্ধে যুঁজ দিয়াত সহজ হয়।
পঢ়িবলৈ ক্লিক কৰক
লিভাৰ সুস্থ কৰি ৰাখে এই ৫টা ফলে, খাওক নিয়মিত